POEM: কুলদীপ মেধিৰ কবিতা ‘স্মৃতিৰ এসাগৰ হুমুনিয়াহ’
DD TIMESৰ আজিৰ কবি কুলদীপ মেধি
স্মৃতিৰ এসাগৰ হুমুনিয়াহ

মানুহ বৰ অভিমানী।
তেওঁ বিচাৰে, যদি তেওঁৰ মন বেয়া লাগি থাকে,
মনৰ মানুহটোৱে আপোনা-আপুনি বুজি উঠক
মাতটো কোমল অথবা হুটা কৈ শুনিলেই
যেন বুজি পাই আবদাৰ কৰি উঠে।
তেওঁৰ জোঁটলগা চুলি, ৰঙা পৰা চকু দুটি
দেখিলেই যেন নিশ্চুপ হৈ পৰে কোঠালী।
তেওঁ বিচাৰে, মানুহটোৱে বুজক
অকণ সময় দিয়ক, কেতিয়াবা
জোৰকৈ তেওঁক সাৱটি ধৰক,
মৰমৰ আহ্লাদত ওমলাই ৰাখক।
তেওঁ বিচাৰে, তেখেতে বুজক
হাতেৰে দুহাত খামুচি বুকুৰ সাহ হৈ ৰওঁক,
কাষতে থাকি ভাগৰুৱা মনটোক
এটি ক্ষণ জিৰাবলৈ সুযোগ দিয়ক।
তেওঁ বিচাৰে, মানুহটোৱে উপহাৰ দিয়ক
জন্মদিন-প্ৰেমৰ দিন, শুভেচ্ছা বাৰ্তাৰে ভৰা
কেৱল মাত্ৰ এটি জীপাল সন্ধিয়া দিয়ক।
তেওঁ বিচাৰে, গা বেয়া বুলি ঠেহ পাতি শুই থাকিলে
কাষলৈ গৈ কপালখন চুই মানুহটোৱে উচপিচাই উঠক
ঠাণ্ডা লগা বুলি জানি কপাহী কাপোৰেৰে গাটো ঢাকি
কিছুপৰ মৰমেৰে আঁকোৱালি ধৰি থাকক।
তেওঁ বিচাৰে, কিবা কথা বা কামত ভুল হৈ গ’লে
অভিমান বা খঙত মাত-বোল নাইকীয়া হ’লে
কাষলৈ আহিব খুজিও দূৰে দূৰে ৰ’লে
তেওঁৰ মানুহগৰাকীয়ে প্ৰথম অভিমান এৰক।
মানুহ বৰ অভিমানী।
তেওঁলোক দুজনাই ভাবে, এইবোৰ তেওঁ কৰক
তেওঁৰ মানুহটোৱে?
উহু নহয়, তেওঁৰ মানুহজনীয়ে কৰক।
কিন্তু, সহ্য-অসহ্যৰ ধামখুমীয়াত
মৰম-ভালপোৱাৰ পোৱা-নোপোৱাত
আক্ষেপ-ভ্ৰুক্ষেপৰ তুলাচনীত
কাৰোৰে এৰা সহজ নহয়, অভিমান।
মানুহ বৰ অভিমানী।
অভিমানত দুয়ো দূৰতে থাকি এদিন বহু দূৰ হৈ যায়,
থাকি যায় যদি থাকি যায় কেৱল দুয়োৰে মাজত
স্মৃতিৰ এসাগৰ হুমুনিয়াহ আৰু মৌনতাৰ সৰল চকুপানী।
(এটি বিদেশী কবিতাৰ আলমলৈ)

It’s nice.