অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

PUJA: পুজা পৰ্ব আৰু বলি বিধান

Spread the love

পুজা পৰ্ব আৰু বলি বিধান

DD TIMESত লেখিছে ৰমেশ চন্দ্ৰ চৰেণে

প্ৰাচীন কালত ৰুষ্ট প্ৰকৃতিৰ পৰা হাত সাৰিবৰ বাবে পুজা কৰাৰ প্ৰথা প্ৰচলিত হয় ৷ প্ৰকৃতিৰ কাৰক সমুহক দেবতা বা উপদেৱতা বুলি গণ্য কৰে পুৰ্বৰ লোক সকলে ৷ আৰু তেওঁলোকৰ সন্তুষ্টিৰ বাবে পুজা কৰা হয় ৷ এই নিয়ম বাহাল ৰাখে যাতে দেৱতা বা উপদেৱতাই তেওঁলোকৰ ক্ষতি সাধন নকৰে ৷ এনে মনোবাঞ্ছা পুৰনক লৈ পুজা কৰি আহিছে লোক সকলে ৷ প্ৰথমে এই পৰম্পৰা বোধকৰো জনজাতীয় লোক সকলৰ পৰাই অহা ৷যিহেতু তেওঁলোকে ঘোৰ অৰণ্যত বসবাস কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ প্ৰকৃতি বা যিকোনো শক্তিয়ে তেওঁলোকৰ ক্ষতিসাধন কৰিব নোৱাৰা অদৃশ্য শক্তিক পুজা সেৱা কৰে জনজাতীয় লোক সকলে ৷ সেয়েহে খোৱাবোৱা কৰাৰ আগত দেৱতা বা অপদেৱতাক অৰ্পন কৰা এক পৰম্পৰাগত নিয়ম ৷

আজিও জনজাতীয় লোকে জংঘল বা গছ গছনিৰে ভৰা প্ৰকৃতিৰ নিৰিবিলি স্থানকে পুজাৰ স্থান হিচাপে নিৰ্বাচিত কৰি লয়৷ কেতিয়াবা মুকলি পথাৰতো পুজা কৰা দেখা যায়৷ যি কি নহওক সময়ৰ লগে লগে পুজা কৰাৰ নিয়ম পৰিবৰ্তন হ’ল৷ বিভিন্ন ধৰনৰ নীতি নিয়ম আৰু পুজা কৰাৰ পদ্ধতি বেলেগ বেলেগ হ’ল৷ দেৱতাৰ তুষ্টিৰ বাবে প্ৰাৰ্থনা কৰা নাম ধ্যান কৰা, কীৰ্তন কৰা, যাগ যজ্ঞাদি, তপস্যা তথা বিভিন্ন মাধ্যমেৰে আৰাধনা কৰা নিত্য নৈমত্তিক কৰ্মলৈ পৰিৱৰ্তিত হল৷ প্ৰথমে অপদেৱতা, পিছলৈ পৰিৱৰ্তিত নিয়ম অনুসাৰে মানুহৰ ধ্যান ধাৰনা সলনি হৈ দেৱতা বা ভগৱান আৰু শেষত ঈশ্বৰ তথা পৰমাত্মা শাৰীত উপাসনা কৰা বা বিশ্বাস কৰাৰ ধাৰনা মানুহৰ মাজত গঢ় লৈ উঠিল ৷

দেৱতা, ভগবান বা ঈশ্বৰক উপাসনা কৰিবৰ বাবে মানুহৰ জ্ঞান আৰু সংস্কাৰ অনুযায়ী প্ৰকাশ পাই ৷ যাৰ ফলত বিভিন্ন ধৰ্মৰ সৃষ্টি হল ৷ ধৰ্ম ভিন্ন হলেও মানুহে নিজৰ সংস্কাৰ অনুযায়ী আচৰণ সুকীয়া ৷ ঈশ্বৰক সেৱা কৰা বা ঈশ্বৰপ্ৰাপ্তিয়েই মানুহৰ একমাত্ৰ সাধনা ৷ ঈশ্বৰক ভাল পোৱাৰ মাধ্যমেৰে সকলোকে ভাল পাব পাৰি ৷ কিন্তু সময়ৰ আহ্বান আৰু পৰিস্থিতি সাপেক্ষে সকলোৰে ঈশ্বৰ সাধনা কৰাৰ প্ৰক্ৰিয়া বেলেগ হল ৷ সাধাৰনতে ঈশ্বৰৰ অস্তিত্ব , ধৰ্মীয় ধ্যান ধাৰনা অথবা পৰমাৰ্থিক দিশত জনজাতীয় সভ্যতাই দিশ নিৰ্ণায়ক ভুমিকা পালন কৰিছে৷

জনজাতীয় লোক সকলৰ সুৰা আৰু মাংস তেওঁলোকৰ প্ৰিয় খাদ্য ৷ গাহৰী ছাগলি হাহ মুৰগী আদি তেওঁলোকে পোহপালন কৰে ৷ ঘৰচীয়া কৰি ৰখা জীৱজন্তু জনজাতীয় লোক সকলৰ অতিকৈ মৰমৰ ৷ জনজাতীয় হোৱাৰ পৰিচয় বহন কৰে এই ঘৰচীয়া জীৱজন্তু সমুহে ৷ নিজৰ উপাস্য দেৱতাক নিজে পোহ পালন কৰা প্ৰিয় ঘৰচীয়া জীৱক অৰ্পণেৰে পুজা পাতল কৰে ৷ সাধাৰণ লোকসকলে পুজা পৰ্ব ভয় আৰু মন , আত্মাক সংযত কৰি কৰে ৷ পুজাৰ উপলক্ষে ব্যয়ৰ বাবে কোনো ধৰনৰ সংকোচ নকৰে এই সকল লোকে ৷

নিজৰ প্ৰিয় জীৱক দেৱতাক উদ্দেশ্যি বলি দিয়া তেজৰ সোত ইমানেই বলিছিল যে খোদ দেৱতায়ো হচকিত হব লগা হৈছিল ৷ এয়ে হল তেওঁলোকৰ নিষ্কাম ভক্তি ৷ বলি দিয়া মানে ত্যাগ দিয়া ৷ যাৰ উদ্দেশ্য আছিল ঈশ্বৰৰ সন্তুষ্টিৰ বাবে সৰ্বচচ ত্যাগ কৰিব পৰা গুণ ৷ ইপিনে আৰ্যীয় হিন্দুবাদী লোক সকলে জনজাতীয় লোক সকলক পৰমাৰ্থিক জ্ঞান বা ঈশ্বৰৰ ধাৰণা দিবৰ বাবে জীৱ জন্তুক বলি দিয়াৰ প্ৰথা প্ৰচলন কৰা বুলি দাবী কৰিব খোজে ৷ জনজাতীয় লোক সকলৰ প্ৰিয় খাদ্যৰ দ্বাৰাই হলেও ঈশ্বৰ অস্তিত্বক মনন কৰক ৷ অন্তত এই ধাৰনাৰ বাবেই বলি বিধানৰ প্ৰথা চলোৱাৰ কথা আৰ্যীয়বাদে মত প্ৰকাশ কৰে৷

নতুন নতুন ধ্যান ধাৰনাৰে বলি বিধান প্ৰথা প্ৰচলিত হলেও মানুহ ছয় ৰিপুৰ দ্বাৰা বশীভূত ৷ ৰিপুক নিজৰ বশতীয়া কৰি চলিব পৰাটো মানুহৰ মানৱীয় গুণ হোৱাটো উচিত ৷ ৰিপু সমুহক বশ কৰি পৰমাৰ্থিক প্ৰাপ্তিৰ বাবে সাধাৰন লোক সকলক জ্ঞান দিয়া আৰু ৰিপুক জয় কৰা পৰমাৰ্থিক জ্ঞান অৰ্জন কৰা ৷

এই দুয়োটা দিশ প্ৰতিফলিত কৰে বলি বিধানত ৷ উদাহৰণস্বৰূপে লোভৰ প্ৰতীকি স্বৰূপ হল হাঁহ চৰাই ৷ অতিমাত্ৰা লোভ থকা প্ৰতীকি বুলি ধৰা হয় ৷ দেৱীৰ চৰনত বলি বাবে আগবঢ়াই দিয়া হয় হাঁহ ৷ পিছত বলি দিয়া হাঁহৰ মাংসেৰে প্ৰসাদ স্বৰূপে ৰান্ধি বাঢ়ি তৃপ্তিৰে ভোজন কৰে ৷ ইয়াৰ দ্বাৰা বুজাবলৈ যত্ন কৰা হৈছে যে অন্তত হাঁহৰ মাংস খাই হলেও ভগৱানৰ অস্তিত্বক মনন কৰক ৷ আনফালে আন একাংশক বুজোৱাৰ যত্ন কৰা হৈছে যে হাঁহ বলি দিয়া মানে হাঁহৰ বৈশিষ্ট্যত থকা লোভক ত্যাগ দিয়া ৷

হাঁহৰূপী লোভ প্ৰবৃত্তিক ত্যাগ দিয়া৷ লোভ ত্যাগ দিব পৰা জনেহে পৰম ধামত গতি কৰিব পাৰে আৰু ঈশ্বৰ প্ৰাপ্তি বা সৎপথত চলিব পৰা যোগ্যতা অৰ্জন কৰে ৷ সেয়েহে লোভক ঈশ্বৰ প্ৰাপ্তিৰ সাধনাত প্ৰধান বাধা হিচাবে বিবেচনা কৰা হয় ৷ গতিকে লোভ ত্যাগ কৰিব লাগে ৷ একেদৰে ভোবোলা ছাগলি কথাই ধৰি লব পাৰো ৷

ভোবোলা ছাগলি হল কামৰ প্ৰতীক অৰ্থাৎ কামাতুৰা জীব বুলি ধৰা হয় ৷ কামাতুৰা প্ৰবৃত্তিৰ মানুহে ঈশ্বৰৰ সাধনা কৰিব নোৱাৰে ৷ কাম ৰূপী ছাগলীক দেৱীৰ ওচৰত উৰ্চগা কৰা মানে ভক্তি মাৰ্গত কাম ৰূপী মনোভাবক ত্যাগ দিয়া ৷ আনফালে সাধাৰন লোক সকলৰ বাবে ভগবানৰ ওচৰত সমৰ্পিত ভাব বা ঈশ্বৰৰ অস্তিত্বক বিশ্বাস সৃষ্টিৰ বাবে বলি দিয়া হয় যাতে মাংস খাই হলেও ভগবানৰ অস্তিত্বক স্মৰন কৰক ৷ ঠিক তেনেদৰে কোমোৰাৰ বলি দিয়াৰ কথা কব পাৰি ৷

কোমোৰা হল আলস্যৰ প্ৰতীক ৷ কোমোৰা বলি দিয়াৰ অৰ্থ বুজোৱা হৈছে যে মানুহে আলস্য ত্যাগ কৰিব লাগে ৷ চিঙিমাছো দেৱীলৈ বুলি বলি দিয়াৰ কথাও উল্লেখ আছে শাস্ত্ৰত ৷ ইয়াত চিঙি মাছক অহংকাৰৰ প্ৰতীক বুলি গন্য কৰা হয় ৷ সেয়েহে মানৱ সমাজে চিঙি মাছ ৰূপী অহংকাৰৰ প্ৰবৃত্তিক ত্যাগ কৰিব লাগে ৷ ৰিপুজয়ী হৈ ঈশ্বৰক সাধনা কৰিলে সমগ্ৰ মানৱ জাতিৰ বাবে কল্যানকাৰী হয়

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!