অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN’S STORY: জুবিন গাৰ্গঃ দাৰ্শনিক, অন্বেষক, চিৰঞ্জীৱ এক সত্ত্বা

Spread the love

জুবিন গাৰ্গঃ দাৰ্শনিক, অন্বেষক, চিৰঞ্জীৱ এক সত্ত্বা

DD TIMESত লিখিছে পূৰ্বা চাংমাইয়ে

হাজাৰ হাজাৰ গানৰ সৃষ্টিৰ আঁৰৰ ব্যক্তিজন, সোৱেঁ -বাওঁৱে অসংখ্য অনুৰাগী , সুৰৰ সম্ৰাট অৰ্থাৎ মায়াবিনীৰ স্ৰষ্টাৰ সিপাৰে থকা অন্য এজন জুবিন গাৰ্গৰ কথা পাতো আহক। জুবিন গাৰ্গ— নামটো উচ্চাৰণ হ’লেই মনলৈ আহে সুৰসম্ৰাট, প্ৰেম, বিষাদ, হাঁহি -কান্দোন উদযাপন কৰিবলৈ শিকোঁৱা এক মুক্ত আত্মাৰ প্ৰতিচ্ছবি। কিন্তু এই মহান শিল্পীৰ ভিতৰত আছিল আন এখন জগত, আন এটা যাত্ৰা— যি গীতৰ সীমা পাৰ হৈ আত্মাৰ গভীৰতালৈ নামি যোৱা এক চিৰঞ্জীৱ সত্তাৰ কথা।বাহিৰে শিশু সুলভ, সাধাৰণ যেন লগা জুবিন গাৰ্গ আচলতে আছিল দাৰ্শনিক, আত্মসন্ধানী, আৰু জীৱনৰ নিতান্ত ক্ষণস্থায়িত্বৰ প্ৰতি জাগ্ৰত। তেওঁৰ গীতৰ বিষাদত, নীৰৱ হাহিঁত, আৰু চকুৰ গভীৰতাত সেই “আন এজন মানুহ” সদায় উপস্থিত আছিল — নীৰবে, অথচ অনন্ত। যাক তথাকথিত কোনো ব্যক্তিয়ে তেওঁৰ সেই ভিতৰৰ সত্বাক চুই চাবলৈ সক্ষম নহ’ল, হয়তো তেওঁ সুবিধাই নিদিলে। ইমান গভীৰ তেওঁৰ গানৰ প্ৰতিটো শব্দ, যি হয়তো তেওঁৰ জীৱিত কালত উপলব্ধি কৰিবলৈ সক্ষম নহ’লো।

কিন্তু, শেহতীয়াকৈ বিশিষ্ট স্বনামধন্য লেখিকা ড° ৰীতা চৌধুৰী বাইদেউৰ প’ডকাষ্টত তেওঁৰ নূন্যতম আভাস দি গ’ল। এনেই কয় নে -” গুণীয়েহে গুণীজনৰ মূল বুজে।” ৰীতা চৌধুৰী বাইদেউৰ ওচৰত আজি অসমবাসী কৃতজ্ঞ। তেওঁ যথেষ্ট চেষ্টা কৰিছিল, জুবিন গাৰ্গৰ সেই ভিতৰৰ সত্বাক বুজি পাবলৈ, অন্বেষণ কৰিবলৈ যি কমকৈ হ’লেও জুবিন গাৰ্গ যে কেৱল গায়ক নহয়, দাৰ্শনিক তাৰ কিছু উমান দি গ’ল।দি থৈ গ’ল বাস্তৱ পাৰ হৈ তেওঁৰ বাস্তৱ সত্বাক চিনি পোৱাৰ আন এক দৃষ্টি। জুবিন গাৰ্গৰ দৰ্শনৰ কেন্দ্ৰবিন্দু আছিল মানৱতা। মানৱতাবাদ (Humanism) যি মতবাদে মানুহৰ মূল্যক কেন্দ্ৰত ৰাখে, সেই ভাবধাৰাই তেওঁ সংগীত আৰু জীৱনক গঢ়ি তুলিছিল। ৰীতা চৌধুৰী বাইদেউৰ প’ডকাষ্টত তেওঁ “Nothingness” নামৰ এক গ্ৰন্থৰ কথা উল্লেখ কৰিছিল। তাত তেওঁ কৈছিল, মৃত্যু কোনো ভয়ৰ বস্তু নহয়— “জীৱনৰ পিছত একো নাথাকে, আৰু সেই নাথাকাটোৱেই শান্তি।” তেওঁৰ জীৱনে প্ৰমাণ কৰে যে শিল্পৰ সাৰ্থকতা সমাজৰ কল্যাণত নিহিত। এইদৰে তেওঁৰ চিন্তাৰ— য’ত শিল্প আৰু দয়া একে ধাৰাৰ দুটা পাৰ। চে’ গুৱেভাৰাৰ শিষ্য বুলি তেওঁ উল্লেখ কৰিছিল। তেওঁৰ মতে যুদ্ধত যেতিয়া মৃত্যু হয়, লগত কিন্তু দুই তিনিজনহে থাকে এই কথা তেওঁ উল্লেখ কৰিছিল। বিশ্বব্ৰহ্মাণ্ডত এক ছন্দ প্ৰতিধ্বনিত হৈ থাকে,যি ছন্দত চলি আছোঁ আমি।

পুনৰ জন্মৰ কথা কৈছিল তেওঁ যদি পুনৰ জন্ম হয়,জুবিন গাৰ্গ হৈ জন্ম ল’ব বিচাৰে। নিজেই নিজৰ আশ্ৰয় বুলি কোৱা জীৱন যাত্ৰাৰ কোনো মানচিত্ৰ নথকা ব্যক্তিজনৰ সত্বাক হয়তো আমি তেওঁৰ অবৰ্তমানতহে বুজি উঠিছো, যাক বিচাৰিলেও আৰু ঢুকি পাব নোৱাৰি।
তেওঁ কৈছিল পৃথিৱীখন দুটা বস্তুৱে চলায় হৃদযন্ত্ৰ আৰু মগজু।এইটো কথা বাস্তৱ সত্য। তেওঁ সেই বাৰ্তালাপত বুদ্ধৰ “অনিত্যতা”ৰ বোধৰ লগত গভীৰভাৱে সম্পৰ্কিত। জীৱন, মৃত্যু, আনন্দ, বেদনা — সকলো একেই চক্রৰ অংশ; তেওঁ সেই চক্রক লৈ জীৱনৰ প্ৰতি নিস্পৃহ, অথচ মৰমভৰা মন লৈ আগবাঢ়িছিল।

জুবিন আছিল এক চিন্তাশীল সত্তা, যিজন জীৱনৰ “অৰ্থহীনতা”ৰ মাজতে অৰ্থ বিচাৰি ফুৰিছিল। তেওঁৰ অন্তৰজগত আছিল যেন এক নীৰৱ মঠ — য’ত বুদ্ধৰ দৰ্শনৰ “শূন্যতা”ৰ বাণী নীৰৱে প্ৰতিএকো পৰিধি, একো শাসনৰ মাজত থাকিব নিবিচৰা সাগৰ ভালপোৱা জুবিন গাৰ্গ আছিল, জীৱনৰ অনিত্যতাৰ অনুভৱ। তেওঁৰ দৃষ্টিত, মৃত্যু কোনো শেষ নহয়, কিন্তু মৃত্যু জীৱনৰ সাৰতাহীন চক্রৰ এক স্বাভাৱিক অন্ত। তেওঁ বিশ্বাস কৰিছিল যে, জীৱনৰ অন্তত “একো নাথাকে” — সেই নাথাকাটোৱেই হয়তো এক মুক্তি।

গীতসমূহৰ তেওঁৰ প্ৰতিটো স্বৰত যেন এক অনুসন্ধান আছিল— “মই কোন?”, “এই জীৱনৰ অৰ্থ কি?”, “প্ৰেম, বেদনা, আৰু নীৰৱতাৰ অন্তত কি আছে?”। তেওঁৰ অন্তৰলোকত বৌদ্ধ দৰ্শনৰ “শূন্যতা”ৰ এক বোধ বাস কৰিছিল — য’ত সুখ-দুখ, জয়-পৰাজয় সকলো একেধৰণে বিলীন হৈ যায়। “অমানিশা সাৰে আছে, সাৰে আছোঁ মই, আউঁসীৰ জোন মোৰ সন্মুখতে, মায়াবিনী, চকুলোৰে মালা গঁথা গালত কি ৰ‍ং দিব খুজিছা, এইদৰে দোষবোৰক উদযাপন কৰিব পৰা শিল্পী জানো আছে? এন্ধাৰৰ গান বহু গালোঁ, বাট চাওঁতেই শিল হ’লোঁ। বাট চাই চাই শিল হৈ যোৱা বুলি লিখিব পৰা গীতিকাৰ আৰু আছেনে? তুমি চুলেই যে বসন্ত— স্পৰ্শতেই বসন্ত নমাব পৰা গীতিকাৰ আছিল তেওঁ।
যিয়ে সংগীতৰ বাহিৰে মানৱ জীৱনৰ মূল অৰ্থটো বুজাব পাৰিছে— “মানুহ হোৱাই সকলোতকৈ ডাঙৰ শিল্প।

বুদ্ধৰ “শূন্যতা” আৰু “অহিংসা”ৰ বোধ তেওঁ নিজৰ জীৱনত অনুধাৱন কৰি লৈছিল — মানুহ, প্ৰাণী, প্ৰকৃতি সকলোৰে প্ৰতি সমান স্নেহ। বাঘৰ লগত বন্ধুত্ব স্থাপন কৰিব পৰা তেওঁ এজন আহত বান্দৰকো “মধুসূদন গাৰ্গ” বুলি নাম দি ল’লে; ৰাস্তাৰ কুকুৰৰ লগতো কথা পাতিব পাৰি, সেইয়া একাংশই দেখিছিল। এজনী আহত বগলীক চিকিৎসা কৰি নিজৰ লগত ৰাখি তাইৰ নাম থৈছিল “উদাসিনী গাৰ্গ”। এই দয়াময়তা আৰু আত্মানুসন্ধানৰ সংমিশ্ৰণেই তেওঁক এক অনন্য দাৰ্শনিক ৰূপত গঢ়ি তুলিছে। তেওঁ সমাজমনস্ক শিল্পী, আৰু এক মানৱতাবাদী আত্মা। জুবিন গাৰ্গৰ জীৱনৰ পৰা সংগ্ৰহ কৰা অভিজ্ঞতা, অনুভৱ আৰু সমাজৰপ্ৰতি কৰুণা — সকলো মিলি গঢ়ি তোলে এক তত্ত্বগধুৰ দৃষ্টিভংগী, য’ত শিল্প মানৱ জীৱনৰ পৰা আভাস নহয়, এক জীৱন প্ৰবাহ।

জুবিন গাৰ্গৰ দৰ্শন অনুসাৰে শিল্প মানে কেৱল প্ৰদৰ্শন নহয়; ই নৈতিক দায়িত্ব। এজন শিল্পীৰ কৰ্তব্য সমাজক অনুপ্ৰাণিত কৰা, দুখিতক সান্ত্বনা দিয়া, আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা। তেওঁৰ সংগীত সমাজৰ চেতনা সলনি কৰাৰ এক অস্ত্ৰ আছিল। তেওঁ মানিছিল— “যদি শিল্প সমাজক নতুন গতি দিয়ে, তেন্তে সেই শিল্প অপূর্ণ।”

অসমবাসীক উদ্দেশ্যি কৈছিল যে, “কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে”। এই সাৰমৰ্ম থকা কথাটোত তেওঁ অসমীয়াৰ অস্তিত্বৰ ওপৰতো বহু কথা কৈ গ’ল। তেওঁৰ জীৱন যেন সাগৰৰ দৰে বিশাল ,সাগৰ ভালপোৱা মানুহজনৰ সত্বাৰ পৰিচয় দিবলৈ আমাৰ দৰে সাধাৰণ মানুহৰ শক্তি নাই, সাগৰৰ ঢৌবোৰ যি দৰে চুই চাবহে‌ পাৰি, গভীৰতা বুজিব নোৱাৰি, ঠিক সেইদৰে জুবিন গাৰ্গ ৰ‌ দৰে যুগনায়কৰ সত্বাৰ বিৱৰণ দিয়া সম্ভৱ নহয়। এইয়া মাথো চমু আলোকপাত।
শান্তিৰে জিৰণি লোৱা যুগ নায়ক!

One thought on “ZUBEEN’S STORY: জুবিন গাৰ্গঃ দাৰ্শনিক, অন্বেষক, চিৰঞ্জীৱ এক সত্ত্বা

  • Bhadra Chutia

    Love you zubeen garg .

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!