DHAKUWAKHANA: ঢকুৱাখনাত উদ্ধাৰ হোৱা ঐতিহাসিক সমলসমূহঃ এক আলোকপাত
ঢকুৱাখনাত উদ্ধাৰ হোৱা ঐতিহাসিক সমলসমূহঃ এক আলোকপাত
DD TIMESত লিখিছে ৰাজীৱ বৰুৱাই
কোনো এখন ঠাইৰ সভ্যতা সংস্কৃতি কিমান প্রচীন তাৰ স্পষ্ট তথ্য পাব পাৰি সেই ঠাইখনত থকা ঐতিহাসিক তীর্থ স্থান, মঠ, মন্দিৰ, দেৱালয় আদিৰ পৰা। তদুপৰি বিভিন্ন ঠাইত থকা ওখ ভেটি, মৈদাম, গড়, ৰজাদিনীয়া পুখুৰী আৰু সময়ে সময়ে উদ্ধাৰ হোৱা তামৰ ফলি, বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি, ধাতুৰ সামগ্ৰী ইত্যাদিবোৰেও নির্দিষ্ট ঠাইখনৰ ঐতিহাসিক গুৰুত্বৰ তথ্য সদৰী কৰে। অতীজত পালবংশৰ ৰজাসকলে আৰু ইয়াৰ পিছত ভূঞা, চুতীয়া আৰু আহোমসকলে ৰাজত্ব কৰা হাবুং অঞ্চলৰ ঢকুৱাখনা এখন বুৰঞ্জী প্রসিদ্ধ ঠাই। ঢকুৱাখনাৰ বিভিন্ন ঠাইত অৱস্থিত ঐতিহাসিক কীৰ্তি চিহ্নবোৰে অতীজৰ অলেখ বুৰঞ্জীৰ সন্ধান দিয়ে। ঢকুৱাখনা মহকুমাত থকা ঐতিহাসিক স্থানবোৰৰ ভিতৰত চেলাজান কছাৰী গাঁৱত গৰখীয়া দল, ঘিলামৰাৰ সমীপৰ ঘৃণ্ডহা দল, মৰনৈ বেবেজীয়া অঞ্চলৰ শ্ৰীশ্ৰীবাসুদের থান, পূৱ ঢকুৱাখনাস্থিত শ্রীশ্রী ঈশ্বৰীয় হার্হি দেৱালয়,দেৱলীয়া অঞ্চলৰ পৰা হাৰ্হিলৈ স্থানান্তৰিত হোৱা গোবিন্দপুৰ সত্ৰ ইত্যাদি বিশেষভাবে উল্লেখযোগ্য। নাম উল্লেখিত অনুষ্ঠানবোৰত অনেক ৰজাদিনীয়া প্রাচীন সম্পদ আৰু ঐতিহাসিক সমল সংৰক্ষিত হৈ আছে। মন কৰিব লগা কথা যে ঢকুৱাখনাৰ বিভিন্ন গাঁৱত এতিয়াও সময়ে সময়ে বহু পুৰণি সমলৰ সন্ধান ওলায়ে আছে। এনে উদ্ধাৰ হোৱা পুৰণি সমলবোৰৰ তথ্য লিখিত ৰূপত পাবলৈ নাই। এই অভাৱ উপলব্ধি কৰিয়েই তাহানিৰ পৰা বৰ্তমানলৈকে ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত উদ্ধাৰ হোৱা ঐতিহাসিক সমলৰ বিষয়ে এক আলোকপাত কৰিবলৈ প্রয়াস চলোৱা হৈছে।

বৰ্তমানলৈকে ঢকুৱাখনাৰ বিভিন্ন প্রান্তত উদ্ধাৰ হোৱা ঐতিহাসিক সমলৰবোৰৰ সম্পকে তলত কিছু টোকা আগবঢ়োৱা হ’ল-
১/ সত্যনাৰায়ণ, প্রত্যক্ষনাৰায়ণৰ তামৰ ফলিঃ
ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ সমীপৰ ধেনুখনাৰ এটি পুৰণি পুখুৰীৰ পাৰত ১৯১০ চনত এখন তামৰ ফলি উদ্ধাৰ হৈছিল। ফলিখনৰ ৰচনা কাল ১৩১৪ শক বুলি উল্লেখ আছে। এই তামৰ ফলিখনৰ দুই পিঠিতেই পাঠ লিপিবদ্ধ আছে। ফলিখনৰ তথ্যমতে চুতীয়া ৰজা সত্যনাৰায়ণে কাশ্যপ গোত্ৰৰ সঙ্কষণ দ্বিজৰ পুত্ৰ নাৰায়ণ দ্বিজক কৃষি ভূমি, কৃষি কার্যত জড়িত খাটোৱাল মানুহ আৰু নাও ৰখা ঠাই দান কৰাৰ কথা জানিব পৰা গৈছে। প্রথমে এই তামৰ ফলিখন ঘাৰমৰা সত্ৰত ৰখা হৈছিল যদিও পিছত অসম চৰকাৰৰ পুৰাতত্ব বিভাগে নিজৰ জিন্মাত লৈ যায়। এই তামৰ ফলিখনত দুই/তিনিজন ৰজাৰ নাম উল্লেখ থকা বুলি বুৰঞ্জীবিদ সকলে ক’ব খোজে। ফলিখনত মুঠ ৩৭ শাৰী মুঠ পাঠ আছে। প্রথম পিঠিত ২১ শাৰী আৰু দ্বিতীয় পিঠিত ১৬ শাৰী।

২/ লক্ষ্মীনাৰায়ণৰ তামৰ ফলিঃ ঢকুৱাখনাৰ ঘিলামৰা অঞ্চলৰ মেৰ কাঠনি বিলৰ সমীপত ন-ভাঙতি মাটি চহাওতে এজন কৃষকে ১৯৩২ চনত এই তামৰ ফলিখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ফলিখনৰ দুই পিঠিতে পাঠ লিপিবদ্ধ আছে। ইয়াৰ বচনাকাল ১৩২৩ শক বুলি জনা গৈছে। ফলিখনৰ তথ্যমতে চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে শাণ্ডিল্য গোত্ৰৰ ৰাবিদেৱক পূণ্য বিহুৰ দিনা বখনা গ্রামৰ সৈতে দুশ পুৰা মাটি দান কৰিছিল। সোৱণশিৰি নদীৰ পূবত আৰু চামপৰা নদীৰ পশ্চিমত পোকামৰী বিলৰ সমীপত ভূমিদান কৰিছিল। উল্লেখ্য যে এই তামৰ ফলিখন ঘিলামৰাৰ লৰাম বৰুৱাই সংৰক্ষন কৰি ৰাখিছিল। পিছত বুৰঞ্জীবিদ সর্বেশ্বৰ বৰুৱাই পাঠ উদ্ধাৰ কৰিবলৈ নিয়ে। ফলিখনত মুঠ ২০ শাৰী পাঠ আছে। প্রথম পিঠিত ১৭ শাৰী আৰু দ্বিতীয় পিঠিত, ৩ শাৰী।

লেখক ৰাজীৱ বৰুৱা
৩/ বৰমূৰ্তিয়াৰ তামৰ ফলিঃ ঢকুৱাখনাৰ সাপতীয়াৰ সমীপৰ বৰমূৰ্তিয়া বিলৰ কাষৰ মাটিত হাল বাই থাকোঁতে ১৯৪৮ চনত কলীয়া গগৈ নামৰ এজন কৃষকে উদ্ধাৰ কৰে এইখন তামৰ ফলি। ইয়াৰ ৰচনা কাল-১৩১৪ শক বুলি জনা যায়। ফলিখনৰ দুই পিঠিতে পাঠ লিপিবদ্ধ আছে। এই ফলিৰ তথ্যমতে চুতীয়া ৰজা সত্যনাৰায়ণৰ পুত্ৰ যুৱৰাজ ধৰ্মনাৰায়ণে গৌৰাত্রীয় গোত্ৰৰ ব্রাহ্মণ বাসুদেবক পূর্বে ৰজাসকলে দান কৰা গাঁও, পথাৰ আৰু বাৰীবোৰ পুণৰ শাসনৰ অর্থে দান কৰিছে। ব্রাহ্মাণসকলে যিহেতু খেতি-বাতি নিজে নকৰে। সেইয়ে আনৰ দ্বাৰাখেতি কৰাই ভোগ কৰিব পৰাকৈ গাঁও, পথাৰ দান কৰিছিল। ফলিখনত মুঠ ২৮ শাৰী পাঠ আছে। প্রথম পিঠিত ১৪ শাৰী আৰু দ্বিতীয় পিঠিত ১৪ শাৰী।
৪/ বাসুদেৱথানৰ তামৰ ফলিঃ বান-খহনীয়া আৰু নানা প্রাকৃতিক বিপর্যয়ৰ সম্মুখীন হৈ একাধিকবাৰ ভেটি সলাই বৰ্তমানৰ স্থানত অৱস্থিত ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ শ্ৰীশ্ৰী বাসুদের থান নৰোৱা সত্ৰৰ সংগ্ৰহালয়ত প্রাপ্ত ঐতিসাসিক তামৰ ফলিখন আহোম ৰাজত্ব কালৰ। মানৰ আক্ৰমনত বিধস্ত হোৱা বাসুদের থানক পিছত নৰোৱা বংশৰ অচ্যুত চন্দ্ৰ দেৱ গোস্বামীয়ে ঢকুৱাখনাৰ মাজ জালভাৰীৰ ৰঙাই আলধৰাৰ সত্ৰৰূপে প্রতিস্থা কৰাৰ কালত উদ্ধাৰ হোৱা তামৰ ফলিখনৰ ৰচনা কাল ১৬৫৬ শক বুলি উল্লেখ আছে। ফলিখনৰ এটা পিঠিতহে পাঠ লিপিবদ্ধ আছে। ফলিখনৰ তথ্যমতে স্বৰ্গদেউ শিৱসিংহই ব্রাহ্মহ্মণক ভূমিদান কৰাৰ কথা জানিব পৰা গৈছে। তদুপৰি বাসুদেৱথানৰ প্ৰাচীন পুখুৰীবোৰতো বহু ধাতুৰ সামগ্ৰী, মুৰ্ত্তি আদি উদ্ধাৰ হৈছিল। ফলিখনত মুঠ ১৬ শাৰী পাঠ আছে।
৫/কোঁৱৰ গাঁৱৰ তামৰ ফলিঃ ঢকুৱাখনা নগৰৰ কাষৰীয়া কোঁৱৰ গাঁৱৰ সুখেশ্বৰ কোঁৱৰৰ ঘৰত বাৰীৰ পিছফালে শৌচাগাৰ নিৰ্মাণৰ বাবে তেখেতৰ পুত্র বিনোদ কোঁৱৰে গাঁত খান্দোতে ২০০৮/০৯ চন মানত এইখন তামৰ ফলি উদ্ধাৰ হৈছিল। এই ফলিখনৰ কথা গম পায় ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেতিয়াৰ শিক্ষক ধৰণীধৰ কলিতাই বিনোদ কোঁৱৰৰপৰা তামৰ ফলিখন সংগ্ৰহ কৰি নি পাঠোদ্ধাৰ বাবে তেতিয়াৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যাপক ড নিত্যানন্দ গগৈক দিয়ে। ফলিখন বর্তমানো গগৈৰ হাতত সংৰক্ষিত হৈ আছে। ফলিখনত চুতীয়া ৰজা ধীৰনাৰায়ণৰ দ্বাৰা ৰষ্মিকৰ বিপ্ৰক ভূমিদান কৰাৰ কথা উল্লেখ আছে। ইয়াৰ ৰচনা কাল ১৩ শ শকৰপৰা ১৪ শ শকৰ মাজ ভাগত বুলি জনা গৈছে। ফলিখনৰ ওপৰফালে এটা শাৰীৰ কিছু অংশ কাটি নষ্ট কৰা হ’ল। ফলিখনত থকা মুঠ পাঠৰ শাৰী হ’ল ১৬টা।
৬/চেলাজান কছাৰীৰ ভগ্ন পদযুগলঃ ঢকুৱাখনাৰ কেকুৰীৰ সমীপৰ চেলাজান কছাৰী গাঁৱৰ উত্তৰ দিশত অৱস্থিত ঐতিহাসিক গৰখীয়া দলৰ বেদীত (নাম ঘৰৰ) থকা শিলৰ ভগ্ন পদযুগল প্রায় এক দশক পূৰ্বে উদ্ধাৰ হৈছিল। গৰখীয়া দলৰ সমীপত থকা এখন বিলত মাছ ধৰোতে এই পদযুগল জালত উঠি আহিছিল বুলি জনা যায়। ভৰিৰ সৰু গাঁথিৰ পৰা তলৰ অংশ এই শিলৰ পদযুগল কোনো দেৱপ্ৰতিমাৰ নে দেবীপ্রতিমাৰ অংশ তাক এতিয়াও স্থাৱৰ কৰিব পৰা হোৱা নাই নিশ্চিত ভাবে। গৰখীয়া দলৰ নামঘৰৰ বেদীত এই পদযুগল স্থাপন কৰি গৰখীয়া দেৱতা শ্রীকৃষ্ণ জ্ঞান কৰি পূজা-সেৱা কৰি থকা হৈছে।
৭/ অমুদ বৰবাৰীৰ গড়ুৰ মূৰ্তিঃ ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত অমুদ বৰবাৰীত ১৯৯৪/৯৫ চন মানত এটি অষ্টধাতুৰ গড়ুৰ মূর্তি উদ্ধাৰ হৈছিল। গাঁওখনৰ বাহাদুৰ শইকীয়া নামৰ লোকজনৰ ঘৰৰ পিছফালে কচু কবলৈ গাঁত খান্দোতে কোৰত লাগি এই মুর্ত্তি অৱিষ্কাৰ হৈছিল। মূৰ্তিৰ লগতে পূজা-পার্বনত ব্যৱহৃত কিছু তামৰ সামগ্রীও উদ্ধাৰ হৈছিল। গডুৰ মূৰ্তিটো অমুদ বৰবাৰী গাঁৱৰ নামঘৰত ৰাখি ৰাইজক দর্শনৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু দুখৰ কথা যে নামঘৰৰ পৰাই মূৰ্তিটোৰ লগতে সামগ্ৰীবোৰ
চুৰি হয়।
৮/ ঘাঁহিবাৰীৰ বিষ্ণু মূর্তিঃ ঢকুৱাখনাৰ ঘিলামৰা থানাৰ অন্তৰ্গত ঘাঁহিবাৰীত ১৯৯৫/৯৬ চন মানত উদ্ধাৰ হৈছিল এটি ধাতুৰ বিষ্ণু মূর্তি। গাঁওখনৰ পূৱফালে বাস কৰা যোগেন দত্ত নামৰ লোকজনে হালধি কবলৈ বাৰীৰ পিছফালৰ ভেটিত কোৰ মাৰোঁতে এই ধাতুৰ বিষ্ণু মুর্তিটো উদ্ধাৰ হয়। লগতে পূজা-পার্বনত ব্যবহৃত থাল, ধূপদানি, সৰু ঘটি, চামুচ ইত্যাদিও পোৱা গৈছিল। দুখৰ কথা যে এই মূর্তিৰ লগতে সামগ্ৰীবোৰ পিছত চুৰি হ’ল।
৯/ পাৰঘালিৰ বংশীগোপালৰ মূৰ্তিঃ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত তীর্থক্ষেত্র শ্রীশ্রী বাসুদেৱ থান নৰোৱা সত্ৰৰ চাৰিগড়ৰ উত্তৰ গড়ৰ কাষত অৱস্থিত পাৰঘালিত দুটাকৈ মূর্তি উদ্ধাৰ হোৱাৰ তথ্য পোৱা গৈছে। ১৯৯৮/৯৯ চন মানত গুজৰা চুতীয়া নামৰ লোকজনৰ বাৰীত মাটি খান্দোতে উদ্ধাৰ হৈছিল এটা অষ্টধাতুৰ বংশীগোপালৰ মূর্তি। ইফালে সমীপৰে তীখা শইকীয়া নামৰ এজন যুৱকেও ঘৰৰ পৰা কিছু নিলগৰ এজোপা ঔটেঙা গছৰ তলত মাটিত পোত খাই থকা অৱস্থাত উদ্ধাৰ কৰিছিল এটা লাডুৱা গোপালৰ মূৰ্তি। এই মূৰ্তিটো বর্তমানো তীখা শইকীয়াৰ বাসগৃহত সংৰক্ষিত হৈ আছে।
১০/ পুৰণি গোবিন্দপুৰৰ কৃষ্ণ, বলৰামৰ মূৰ্তিঃ ঢকুৱাখনাৰ কঢ়া নদীৰ উত্তৰ পাৰত অৱস্থিত পুৰণি গোবিন্দপুৰ গাঁৱত ২০১০ চনত উদ্ধাৰ হৈছিল দুটা শিলৰ মূর্তি। গাঁওখনৰ ক্ষীতেশ্বৰ বৰুৱাৰ ঘৰত তেওঁৰ জী পাপৰি বৰুৱাই ঘৰৰ কাষতে তামোল পুতিবলৈ গাত খান্দোতে দুটা শিলৰ মূর্তি উদ্ধাৰ হৈছিল। বর্তমানো ক্ষীতেশ্বৰ বৰুৱাৰ পুত্ৰৰ গৃহত সংৰক্ষিত মূর্তি দুটাৰ প্ৰথমটোৰ উচ্চতা প্রায় ৩৮ ছেঃ নিঃ আৰু ওজন ৬/৭কিলোগ্রাম মান হ’ব। মুর্তিটোৰ তলৰ বেদী অংশ প্রায় ৪২ ছেঃ মিঃ। দ্বিতীয়টোৰ উচ্চতা প্রায় ৩৫ছেঃ মিঃ আৰু ওজন ৫/৬ কিলোগ্রাম মান হ’ব। ইয়াৰ তলৰ বেদীৰ ব্যাস ৩৪ ছেঃ মিঃ। মন কৰিব লগা কথা যে দুইটা মূর্তিয়ে শিলৰ যদিও বৰণ বেলেগ বেলেগ। এটা মূর্তি কিছু ডাঙৰ আৰু আনটো অলপ সৰু। দুইটাৰ হাতত থকা ধাতুৰ বাঁহী দুটাৰ দৈৰ্ঘ্য একেই। প্রায় ৩২ ছেঃ মিঃ মান হ’ব বাঁহী দুটাৰ দৈর্ঘ্য। কৃষ্ণ মূৰ্তিটোৰ বৰণ কলীয়া আৰু বলবামৰ মূৰ্তিটোৰ বৰণ তাম বৰণীয়া। নৃত্য কৰি বাঁহী বজাই থকাৰ ভংগীমাত থকা দুয়োটা মূৰ্তিৰ ভৰি সংযোগ কৰা বেদীৰ চাৰিওফালে সুন্দৰকৈ ফুল কটা আছে। বলৰামৰ দুহাতৰ আঙুলিবোৰ আৰু কৃষ্ণৰ মূৰ্তিটোৰ সোঁহাতৰ আঙুলিবোৰ কোৰত লাগি ভাগিল খননৰ সময়ত। উল্লেখ্য যে দুইটা মূৰ্তিৰ হাতত ধাতুৰ খাৰু পিন্ধোৱা আছে আৰু কাণত অলংকাৰ পিন্ধাব পৰাকৈ ফুটা আছে। মূর্তি দুটাৰ লগতে ধাতু আৰু শিলৰ অন্য দুহ-এপদ সামগ্রীও উদ্ধাৰ হৈছিল বুলি জনা যায়।
১১/ বাসুদেবৱ থানৰ চৌহদৰ ধাতুৰ মূৰ্তিঃ ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ শ্রীশ্রী বাসুদেৱথান নৰোৱা সত্ৰৰ চৌহদৰ ভিতৰত বাস কৰা পোৱাৰাম বৰাৰ ঘৰৰ বাৰাণ্ডাত তাঁতশাল পাতিবৰ বাবে খুঁটাৰ গাঁত খান্দোতে পোৱাৰাম বৰাৰ পুত্ৰ যুগ বৰাই পাইছিল অষ্টধাতুৰ বিষ্ণু মূর্তি এটা।মুর্তিটোৰ উচ্চতা প্রায় আঢ়ৈ ফুটমান হ’ব। কিছুদিন যুগ বৰাৰ ঘৰত থকা মূর্তিটো পিছত বাসুদেৱ থানত গটাই দিয়ে। ২০০৫/০৬ চন মানত উদ্ধাৰ হোৱা এই মূর্তিটা বর্তমানো সংৰক্ষিত হৈ আছে বাসুদেৱ থান নৰোৱা সত্ৰৰ কীৰ্তনঘৰত।
১২/ বাগিছা গাঁৱৰ ৰূপৰ মুদ্রাঃ ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সমীপৰ বাগিছা গাঁৱত ২০১৯ চনৰ ২১ নৱেম্বৰত উদ্ধাৰ হৈছিল ১২ টাকৈ ৰূপৰ মুদ্রা। গাঁওখনৰ নামঘৰৰ পৰা উত্তৰ দিশলৈ থকা পথৰ ওচৰত এটা পুৰণি পুখুৰী পাৰৰ উখ ভেটিৰ মাটি কাটি ট্রেক্টৰেৰে কঢ়িয়াই থকাৰ সময়ত দিলেন চেতিয়া নামৰ লোকজনে বেলচাৰ মাৰোতে টেকেলি সদৃশ এটা পাত্র ভাঙি গৈছিল।ফলত তাৰ ভিতৰত থকা ৰজাদিনীয়া মোহৰ সম্বলিত ১২ টাকৈ ৰূপৰ মুদ্রা পোৱা গৈছিল। ইয়াৰে কিছুমান মুদ্রা ১৬৫৭ শকৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মোহৰযুক্ত আৰু আন কিছুমান ১৬৬৭শক স্বৰ্গদেউ শিৱসিংহৰ মোহৰযুক্ত। তদুপৰি মুদ্রাৰ লিপি সংস্কৃত আৰু পাৰ্চী ভাষাত লেখা।শিৱসাগৰৰ গৱেষক ড° নিৰূপম খনিকৰে এই মুদ্ৰাবোৰ আহোম আৰু মোগলৰ মাজত সন্ধিৰে ৰাজ্য চলাৰ সময়ত প্রচলিত হৈছিল বুলি মন্তব্য কৰিছে। বৰ্তমান আটাইবোৰ মুদ্রা অসম চৰকাৰৰ প্ৰত্নতত্ব বিভাগে নি সংৰক্ষণ কৰি ৰাখিছে।
১৩/ ৰজাদিনীয়া মৈদামঃ পুৰণি ঢকুৱাখনা অঞ্চলৰ নাম আছিল হাবুং।এই বৃহত্তৰ হাবুং অঞ্চলত কেইবাটাও ৰজাদিনীয়া মৈদাম থকাৰ কথা শুনা যায়।মানুহৰ মুখে মুখে প্ৰচলিত মৈদামৰ কাহিনীৰ পমখেদি গৈ বৰ্তমানৰ হাবুং চাও চেং ৰেণ্”ৰ উত্তৰ পূৰ্ৱ কোণত থকা এটা শুকান পুখুৰীৰ দক্ষিণ পাৰত দুটামান মৈদামৰ দৰে ভেটি প্ৰত্যক্ষ কৰিছিল এই লেখকে-২০১২ চনত।স্থানীয় লোকে এই শুকান পুখুৰীটোক শধোৱা(শৱ+ধোৱা) পুখুৰী আৰু পাৰৰ উখ ভেটিক কোনো ৰাজ বিষয়াৰ মৈদাম বুলিছিল।ইফালে ঢকুৱাখনাৰ চেতিয়া গাঁৱতো এটা মৈদাম আছে।উল্লেখিত মৈদাম কেইটা কোন ৰজাৰ সময়ৰ সেইয়া এতিয়াও সঠিককৈ ঠিৰাং কৰিব পৰা হোৱা নাই।
উল্লেখিত পুৰণি আৰু ঐতিহ্য বহনকাৰী সমলবোৰৰ উপৰিও ঢকুৱাখনাৰ বিভিন্ন গাঁৱৰ সমীপত থকা পুৰণি ভেটি, পুৰণি পুখুৰী আদিৰ পৰা অনেক সময়ত ধাতুৰ বাচন-বর্তন, তাম আৰু পিতলৰ কলহ ইত্যাদি পোৱাৰ কথা শুনা যায়। কিন্তু সঠিক তথ্য বিচাৰিপাবলৈ নাই। ঘিলামৰাৰ ফুকনগাঁও, শকপৰা বলাহী, মাহতলী, আখৈফুটিয়া, বান্তৌ গাঁও, গোৱালগাঁও, ভঁৰালৰ ভেটি, ধদিং, চিৰিংগৰা… আদি গাঁৱত কোনো কোনো পৰিয়ালে এনে সৰুসুৰা দুই-এপদ সামগ্রী মাটি খান্দোতে, হালবাওঁতে পোৱাৰ কথা মানুহৰ মুখে মুখে শুনা যায় যদিও তাৰ সঠিক তথ্য স্পষ্ট নহয়। ঢকুৱাখনাত উদ্ধাৰ হোৱা ঐতিহাসিক সমলৰ বিষয়ে অধ্যয়ন আৰু অনুসন্ধান অব্যাহত আছে। এই লেখাত আমাৰ ব্যক্তিগত অনুসন্ধানত পোৱা তথ্য সন্নিৱিষ্ট কৰা হৈছে। আমাৰ অজ্ঞাতে আৰু তেনেধৰণৰ পুৰণি সমল উদ্ধাৰৰ তথ্য থাকিলে সম্ভেদ দিব বুলি আশা কৰিলো। কিয়নো এই পুৰণি সম্পদ আৰু ঐতিহ্যময় সমলবোৰৰ বুকুতে লুকাই আছে আমাৰ ঠাইৰ অতীতৰ বহু অজান তথ্য। যি তথ্য আমি জানিবলৈ পালে, অঞ্চলটোক লৈ গৌৰৱ কৰিব পাৰিম ভৱিষ্যৎ দিনত।
(নিজা অনুসন্ধান আৰু পুৰণি কিছু লিখিত তথ্যৰ সহায় লৈ যুগুত কৰা হৈছে লেখাটো)