ZUBEEN GARG: এজন অপ্ৰতিৰোধ্য অসমীয়াৰ কৰুণ বিদায়
লিখিছে হিমাংশু পাঠকে
১৯৯৪ চনতেই লগ পাইছিলোঁ বি বৰুৱা মহাবিদ্যালয়ত। তেতিয়া অসমৰ মানুহে জুবিন গাৰ্গক চিনি নাপাইছিল। আমি স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিলোঁ আৰু তেওঁ তৃতীয় বৰ্ষৰ। অধ্যক্ষৰ সৈতে মনোমালিন্য হৈ গান নোগোৱাকৈ নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা নামি গৈছিল জুবিন। তেতিয়া অনামিকা নামৰ গীতৰ কেছেট এটা মুকলি হৈছিল।

আমিও ভালকৈ জনা নাছিলোঁ। কিন্তু কণ্ঠই যে অসম জিনিব সেই উমান পাইছিলোঁ। আজি অসমৰ বিখ্যাত দুটা বস্তুৰ নাম সুধিলে আমি বিনাদ্বিধাই অসমৰ গড় আৰু জুবিন গাৰ্গৰ নাম কৈ গৌৰৱ কৰোঁ। সেই গৌৰৱ সাগৰে গিলিলে।
অজস্ৰ জনপ্ৰিয় গানৰ মাজত নিজক চক্ৰৱৰ্তী ৰজাৰ দৰে প্ৰতিষ্ঠা কৰিলে। যিটো সময়ত যুৱ সমাজ পাশ্চাত্য সংগীতৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰিছিল সেই সময়চোৱাত নিজৰ ব্যতিক্ৰমী সংগীত আৰু কণ্ঠৰ যাদুৰে আজিৰ যুৱ সমাজক অসমীয়া গানৰ মাজত বান্ধি ৰাখিছে।

তিনিটা দশক অসম, বেংগল, বাংলাদেশ, মিজোৰাম, মনিপুৰ, মেঘালয়, অৰুণাচল, নাগালেণ্ডৰ প্ৰায় দুশ জনজাতিৰ গান গাই সমানেই জনপ্ৰিয় হোৱা গায়ক সুধাকণ্ঠৰ পিছত যে অসমত আৰু কোনোবা ওলাব সেয়া মনে নধৰে। জুবিনৰ প্ৰস্থান আমি সহিব পৰা নাই। এনে অল্পায়ু মৃত্যু কোনো অসমীয়াৰ কাম্য নাছিল।
প্ৰসংগ উঠিছে স্কুবা ডাইভিংক লৈ। কোনে চিংগাপুৰ নিছে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। আনহাতে Scuba Diving ইমান সহজ খেল নহয়। ই দুঃসাহসিক ক্ৰীড়াৰ অন্তৰ্ভুক্ত। চেফটি বিষয়ক যি প্ৰয়োজনীয় বিষয় থাকে সেয়া মই ইয়াতে সংলগ্ন কৰি দিছোঁ। শাৰীৰিকভাৱে সম্পূৰ্ণ সক্ষম নহ’লে এনে ক্ৰীড়াত ভাগ ল’ব নালাগে। স্কুবা ডাইভিংৰ সময়ত হঠাত শৰীৰৰ ভিতৰত থকা সৰু সৰু ৰক্তবাহী নলীকাবোৰ উত্তেজিত হৈ চিঙি যোৱাৰ সম্ভাৱনা থাকে। সেয়া যদি হয় তেতিয়া ব্যক্তিজনৰ মৃত্যু নিশ্চিত।
মোৰ মনত পৰে আজিৰ পৰা কেইবছৰমান আগতেও অসমৰেই এগৰাকী মহিলা বেংক বিষয়াৰো স্কুবা ডাইভিং কৰি মৃত্যু হৈছিল। স্কুবা ডাইভিং কৰা ব্যক্তি সকল শাৰীৰিকভাৱে শক্তিশালী হোৱাটো এইকাৰণেই দৰকাৰ যে সাগৰ পৃষ্ঠত আপোনাক সহায় কৰিবলৈ কোনো নাথাকে। আনহাতে জুবিন গাৰ্গে নিজৰ শৰীৰৰ ওপৰত অনেক অত্যাচাৰ কৰি থৈছে। যাৰ বাবে তেওঁ কেবাবাৰো চিকিৎসালয়ত ভৰ্তি হৈছিল। কেবাবাৰো বেহুচ হৈছিল। এইবোৰে তেওঁ যে শাৰীৰিকভাৱে সুস্থ নহয় তাৰ ইংগিত দি থৈছে।
আনহাতে, কিবা এটা কৰোঁ বুলি ভাবিলেই কৰিবই বোলা তেওঁৰ জেদী স্বভাৱটোও তেওঁৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। হয়তো কোনোবাই তেওঁক স্কুবা ডাইভিং নকৰিবলৈ ক’ব পাৰে কিন্তু হাক দিলে কৰি ভাল পোৱা এটা স্বভাৱ তেওঁৰ আছে। তেনেক্ষেত্ৰত কি হৈছে কি হোৱা নাই আমি নাজানো। কিন্তু কাৰণ যিয়েই নহওক লোকচান সমগ্ৰ অসমে ভুগিছে। অসমত আৰু এজন জুবিন আমাৰ চকুত পৰা নাই। সৰ্বভাৰতীয় পৰ্যায়ত অসমে গৌৰৱ কৰিব পৰাকৈ আৰু এজন জুবিন আগবঢ়াই দিয়াটো কঠিন হ’ব।
মন আজি ভাৰাক্ৰান্ত। অসমীয়াই আজি আকৌ এবাৰ হুকহুকাই কান্দিছে। কেতিয়াও কাকো কেৰেপ নকৰা মানৱ সম্পদ পলকতে চকুৰ আতৰ হ’ল।