চাৰ্লি কাৰ্কৰ হত্যা: এক সভ্যতাৰ ট্ৰেজেডী
লিখিছে সত্যব্ৰত বৰাই
চাৰ্লি কাৰ্কৰ হত্যাকাণ্ডৰ ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰত এক তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ ব্যক্তিগত আৰু সমাজিক দুয়োটা স্তৰত পৰিলক্ষিত হৈছে। এই ঘটনাৰ মৰ্মান্তিক দিশটোৱে মানৱীয় সংবেদনশীলতাক স্পৰ্শ কৰিছে। এজন যুৱকৰ জীৱন অকালতে শেষ হৈ গ’ল। এটা পৰিয়াল শোকত বিহ্বল হৈ পৰিল। এনে ঘটনাই যিকোনো সংবেদনশীল ব্যক্তিৰ হৃদয়তে আঘাত হানে, আনকি যিসকলে চাৰ্লি কাৰ্কৰ ৰাজনৈতিক মতাদৰ্শৰ সৈতে দ্বিমত পোষণ কৰিছিল, তেওঁলোকৰো।

কিন্তু এই ব্যক্তিগত শোকৰ বাহিৰেও এটা গভীৰ ৰাজনৈতিক তথা সামাজিক তাৎপৰ্য আছে ঘটনাটোৰ। সেইটো হৈছে ৰাজনৈতিক হত্যাকাণ্ডৰ ছায়া। এই ঘটনাই আমাক স্মৰণ কৰাই দিয়ে যে মানৱ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ অগ্ৰগতিৰ পিছতো আমি সম্পূৰ্ণৰূপে সেই প্ৰবৃত্তিৰ পৰা মুক্ত হ’ব পৰা নাই, যি প্ৰবৃত্তিয়ে ভিন্ন মতৰ সৈতে সংঘাতৰ সমাধান হিংসাৰ জৰিয়তে কৰিবলৈ প্ৰৰোচিত কৰে।
টাইলাৰ ৰবিনছনে চাৰ্লি কাৰ্কৰ হত্যা কৰাৰ লগতে বিগত বছৰত ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা হত্যাৰ প্ৰচেষ্টাই আমেৰিকাৰ দৰে এখন দেশত সহনশীলতাৰ ক্ষয়িষ্ণু অৱস্থা আৰু ৰাজনৈতিক মেৰুকৰণৰ বিপদৰ ইংগিত দিয়ে। ইয়াৰ লগতে বন্দুকৰ সহজলভ্যতা আৰু ৰাজনৈতিক ভিন্নতাক অস্তিত্বৰ সংকট হিচাপে গণ্য কৰাৰ প্ৰৱণতাই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিত্তিকে কঁপাই তুলিছে।
হত্যাকাণ্ডৰ ইতিহাস মানৱ সভ্যতাৰ প্ৰথম দিনৰ পৰাই আৰম্ভ হৈছে। প্ৰায় ৩,৮৪৯ বছৰৰ আগতে জাৰ্মানীৰ থুৰিংগিয়াত এজন ৰাজকুমাৰক তেওঁৰ আত্মীয় বা দেহৰক্ষীয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল, যিটো ইতিহাসত প্ৰথম ৰেকৰ্ড কৰা ৰাজনৈতিক হত্যাকাণ্ড হিচাপে গণ্য কৰা হয়। তাৰ পৰা আৰম্ভ কৰি ফাৰাও, সম্ৰাট, চুলতান আদি বিভিন্ন যুগৰ নেতাসকলে হত্যাকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছে।
আধুনিক যুগত এনে ঘটনাৰ সংখ্যা কিছু হ্ৰাস পাইছে বুলি ভবা হ’লেও, এই ধাৰণা ভ্ৰান্তিমূলক। ১৮৭৫ৰ পৰা ২০০৪লৈ ১২৯ বছৰৰ ভিতৰত ৰাষ্ট্ৰনেতাসকলৰ ওপৰত ২৯৮টা ৰাজনৈতিক হত্যাৰ প্ৰচেষ্টাৰ তথ্য পোৱা গৈছে, যাৰ ভিতৰত ৫৯টা সফল হৈছিল। এই হত্যাকাণ্ডসমূহৰ কিছুমানে ইতিহাসৰ গতিপথো সলনি কৰিছিল। উদাহৰণস্বৰূপে, ১৯১৪ চনত আৰ্কডিউক ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ডৰ হত্যাই প্ৰথম বিশ্বযুদ্ধৰ সূচনা কৰিছিল।
আনহাতে, ১৯৩৯ চনত হিটলাৰৰ ওপৰত হোৱা এটা হত্যাৰ প্ৰচেষ্টা ব্যৰ্থ হৈছিল, কাৰণ তেওঁ ৰেলগাড়ী এখন ধৰিবলৈ বোমা বিস্ফোৰণৰ ঠিক আগতেই সেই স্থান এৰি গৈছিল। যদি সেই প্ৰচেষ্টা সফল হ’লহেঁতেন, তেন্তে দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাৰ পৰা হয়তো বিশ্বই মুক্তি পালেহেঁতেন। কিন্তু এনে হত্যাকাণ্ডৰ নৈতিক জটিলতাই আমাক দ্বিধাগ্ৰস্ত কৰে। হিটলাৰৰ হত্যাৰ প্ৰচেষ্টাক সমৰ্থন কৰাটোৱে আকৌ আমাক এটা দাৰ্শনিক দ্বিধাৰ সন্মুখীন কৰে। হিটলাৰৰ দৰে নৃশংস অত্যাচাৰীৰ বিৰুদ্ধে হোৱা হত্যাৰ প্ৰচেষ্টা আৰু ফ্ৰান্সৰ জেক চিৰাকৰ দৰে নেতাৰ বিৰুদ্ধে হোৱা প্ৰচেষ্টাৰ মাজত নৈতিকভাৱে পাৰ্থক্য কৰাটো কঠিন হৈ পৰে আমাৰ বাবে।
হত্যাকাণ্ডৰ মূলতেই আছে অসহিষ্ণুতা আৰু হতাশা। টাইলাৰ ৰবিনছন আৰু বিগত বছৰত ডনাল্ড ট্ৰাম্পৰ ওপৰত হত্যাৰ প্ৰচেষ্টা কৰা থমাছ ক্ৰুকছে হয়তো নিজৰ দৃঢ় বিশ্বাসৰ বশৱৰ্তী হৈ এনে কাম কৰিছিল। কিন্তু তেওঁলোকৰ কাৰ্য এক গভীৰ হতাশাৰ প্ৰকাশ, য’ত ভিন্ন মতামতক নিঃশব্দ কৰাটোৱেই একমাত্ৰ উপায় বুলি ভবা হৈছিল। এই দৃষ্টিভংগী মহাত্মা গান্ধীৰ অহিংসাৰ দৰ্শনৰ সম্পূৰ্ণ বিপৰীত। গান্ধীয়ে বিশ্বাস কৰিছিল যে মতামত, আলোচনা আৰু নৈতিকতাৰ জৰিয়তে ৰাজনৈতিক সংগ্ৰামৰ সমাধান কৰা সম্ভৱ।
তেওঁৰ মতে, হিংসাৰ জৰিয়তে এজন ব্যক্তিৰ ধাৰণা বা কাৰ্যক নিষেধ কৰাটো কেৱল কাপুৰুষতাৰ লক্ষণই নহয়, ই গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতিও অপমান।
আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকৰ সংস্কৃতি গভীৰভাৱে শিপাই আছে। ৰাজনৈতিক মেৰুকৰণৰ তীব্ৰতাৰ সৈতে মিলি এনে পৰিস্থিতিয়ে বিপজ্জনক পৰিৱেশৰ সৃষ্টি কৰিছে। বন্দুকৰ সহজলভ্যতা আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক শত্ৰু হিচাপে চিত্ৰিত কৰাৰ প্ৰৱণতাই হিংসাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ট্ৰাম্পৰ ওপৰত হোৱা হত্যাৰ প্ৰচেষ্টা আৰু চাৰ্লি কাৰ্কৰ হত্যা কোনো বিচ্ছিন্ন ঘটনা নহয়; বৰঞ্চ বিগত বছৰত বহুতো মতামত প্ৰকাশকাৰী আৰু ৰাজনৈতিক নেতাৰ ওপৰত হোৱা হত্যাৰ প্ৰচেষ্টাৰ ধাৰাবাহিকতাৰ অংশহে। এই ঘটনাসমূহে এটা ভয়ংকৰ সম্ভাৱনাৰ ইংগিত দিয়ে। আমেৰিকা হয়তো পুনৰ ওয়াইল্ড ৱেষ্টৰ যুগৰ দৰে এখন সমাজলৈ ঘূৰি যাব পাৰে, য’ত বিবাদৰ সমাধান বুদ্ধিৰে নহয়, বন্দুকৰে কৰা হৈছিল!
এই সমস্যা কেৱল আমেৰিকাৰ মাজতে সীমাবদ্ধ নহয়। ভাৰততো ৰাজনৈতিক হিংসাৰ কিছুমান উদাহৰণ আছে, য’ত বন্দুক আৰু বোমাৰ জৰিয়তে বিবাদৰ সমাধান কৰা হয়। যদিও এই হিংসাই এতিয়ালৈকে দেশজুৰি মহামাৰীৰ ৰূপ লোৱা নাই, তথাপি ই এটা সতৰ্কবাণী। ৰাষ্ট্ৰসমূহে এই হিংসাৰ বিস্তাৰ ৰোধ কৰাৰ দায়িত্ব ল’ব লাগিব। শক্তিশালী আইন প্ৰয়োগৰ লগতে মেৰুকৰণৰ মূল কাৰণসমূহৰ সমাধানৰ প্ৰচেষ্টা অতি প্ৰয়োজনীয়। কিন্তু নিৰাপত্তাৰ ব্যৱস্থাৰ বাহিৰেও সহনশীলতাৰ সংস্কৃতি গঢ়ি তোলাৰো প্ৰয়োজন আছে।
গান্ধীয়ে কোৱাৰ দৰে, সহনশীলতা এটা স্বাভাৱিক গুণ নহয়; ইয়াক সভ্যতাৰ দীৰ্ঘ প্ৰচেষ্টাৰ জৰিয়তে অৰ্জন কৰিব লাগে। সহনশীলতাৰ অৰ্থ এইটো নহয় যে সকলোৰে সৈতে একমত হ’ব লাগিব; ইয়াৰ অৰ্থ হৈছে ভিন্ন মতৰ মানুহৰ মানৱীয়তাক স্বীকাৰ কৰি তেওঁলোকৰ সৈতে যুক্তিৰ জৰিয়তে আলোচনাত লিপ্ত হোৱা।
আমেৰিকাত সামাজিক মাধ্যমৰ প্লেটফৰ্ম সমূহে বিভাজনক উৎসাহিত কৰে, জটিল বিষয়সমূহক সৰল ভাল-বেয়াৰ কাহিনীলৈ ৰূপান্তৰিত কৰে। যেতিয়া মানুহে এই কাহিনী সমূহৰ দৰে বাস্তৱ জীৱনত কাৰ্য কৰে, তেতিয়া তেওঁলোকে কেৱল নিজৰ হতাশা প্ৰকাশ কৰাই নহয়, সমাজৰ বৃহত্তৰ ব্যৰ্থতাৰ প্ৰতিফলনো ঘটায়। এনে হিংসাৰ পৰিণতি ভয়াৱহ।
এটা হত্যাকাণ্ডই সমগ্ৰ দেশক অস্থিৰ কৰি তুলিব পাৰে, যেনেকৈ ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ডৰ হত্যাই ইউৰোপক যুদ্ধৰ দিশে ঠেলি দিছিল। এনে পৰিস্থিতিত আমেৰিকা আৰু ভাৰতৰ দৰে দেশত শিক্ষাৰ ভূমিকা গুৰুত্বপূৰ্ণ। সমালোচনাত্মক চিন্তাধাৰা, সহানুভূতি আৰু বহুত্ববাদৰ মূল্য শিকোৱাৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক চৰমপন্থাৰ প্ৰলোভনৰ পৰা ৰক্ষা কৰিব পাৰি।
চাৰ্লি কাৰ্কৰ হত্যা এটা ব্যক্তিগত তথা ৰাজনৈতিক ট্ৰেজেডী। ই আমাক স্মৰণ কৰাই দিয়ে যে সভ্যতাৰ অগ্ৰগতি স্বয়ংক্ৰিয় নহয়। হিংসাৰ সঁজুলিসমূহৰ যেনে ছুৰী, বন্দুক, বোমা আদিৰ থুৰিংগিয়াৰ সেই ৰাজকুমাৰৰ হত্যাৰ ঘটনাৰ পৰা আজিলৈকে খুব কম সলনি হৈছে, কিন্তু শান্তিৰ সঁজুলি যেনে সংলাপ, সহনশীলতা, যুক্তিক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন।
আমেৰিকা, ভাৰত আৰু বিশ্বৰ অন্যান্য অংশত হিংসাৰ প্ৰলোভনক নাকচ কৰি শান্তিৰ পথত অগ্ৰসৰ হোৱাটোৱেই হৈছে প্ৰকৃত চেলেঞ্জ। কেৱল তেতিয়াহে আমি হত্যাকাণ্ডৰ চক্ৰ ভাঙি এনে এক ভৱিষ্যত গঢ়িব পাৰিম, য’ত হত্যাই নহয় ধাৰণাই হে ইতিহাসৰ গতিপথ নিৰ্ধাৰণ কৰিব।