অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন

Spread the love

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন


পাকিস্তানত থকা ১০ দিনে গৌৰৱ গগৈয়ে কিয় ডিজিটেল মৈনতা অৱলম্বন কৰিছিলঃ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন


গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজনেই ব্ৰিটিছ নাগৰিকঃ মুখ্যমন্ত্ৰী

DD TIMES গুৱাহাটী, ৮ ফেব্ৰুৱাৰীঃ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা যোগাযোগৰ বিষয়টোকলৈ ৰাজনীতি উত্তাল হৈ পৰিছে। দেওবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল অনুষ্ঠিত কৰি গৌৰৱ গগৈৰ পাক সংযোগৰ বিষয়ে বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো বহু সাংবাদিক উপস্থিত থকা সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ তথা বিস্ফোৰক তথ্য দাঙি ধৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে এই সমগ্ৰ বিষয়টোৰ তদন্ত এন আই এৰ দৰে কোনো কেন্দ্রীয় সংস্থাই কৰিব আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল’ব। শনিবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এই বিষয়ত গৌৰৱ গগৈৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে।মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত গৌৰৱ গগৈৰ পৰিয়ালৰ নাগৰিকত্ব আৰু ধৰ্মক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক ৰাজীৱ গান্ধীয়ে ভাৰতীয় নাগৰিক কৰি ৰাখিছিল যদিও গৌৰৱ গগৈয়ে তিনিবাৰকৈ সাংসদ হোৱাৰ পাছতো নিজৰ সন্তানক ব্ৰিটিছ নাগৰিক কৰি ৰাখিছে। বিশেষকৈ গৌৰৱ গগৈৰ পুত্ৰ কবিৰ গগৈৰ ভাৰতীয় পাছপ’ৰ্ট থকা সময়ত ধৰ্ম হিন্দু বুলি উল্লেখ আছিল যদিও বৰ্তমানৰ পাছপ’ৰ্টত ধৰ্মৰ কোনো উল্লেখ নাই।

আনহাতে কন্যা মায়া গগৈ আৰম্ভণিৰ পৰাই ব্ৰিটিছ নাগৰিক আৰু তেওঁৰ ধৰ্ম খ্ৰীষ্টান বুলি উল্লেখ আছে। গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজনেই ব্ৰিটিছ নাগৰিক বুলি মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পাকিস্তানত থকা দহ দিনৰ সময়ছোৱাত তেওঁ কি কৰিছিল তাৰ প্ৰতিদিনৰ তথ্য ৰাজহুৱা কৰিব লাগে।

কোনো এজন সাংসদে ভাৰতীয় যুৱক-যুৱতীক পাকিস্তানৰ দূতাবাসলৈ লৈ যোৱাটো অতি আচৰিত কথা। তেওঁ সন্দেহ প্ৰকাশ কৰি কয় যে গৌৰৱ গগৈয়ে হয়তো পাকিস্তানত দহ দিনীয়া প্ৰশিক্ষণ লৈছিল। পাকিস্তানৰ পৰা ঘূৰি অহাৰ পাছত গৌৰৱ গগৈয়ে সংসদত ভাৰতৰ সামৰিক প্ৰস্তুতি, নিউক্লিয়াৰ পাৱাৰ প্লেণ্টৰ অৱস্থান আৰু ইউৰেনিয়াম খনিৰ দৰে স্পৰ্শকাতৰ বিষয়বোৰৰ ওপৰত কৰা প্ৰশ্নসমূহক লৈও মুখ্যমন্ত্ৰীয়ে সন্দেহ ব্যক্ত কৰে।

ইফালে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে একাধিক অভিযোগ তুলিছে। তেওঁৰ মতে এলিজাবেথে পাকিস্তানৰ এন জি অ’ লীড পাকিস্তানৰ পৰা দৰমহা লাভ কৰিছিল। লীড পাকিস্তানে লীড ইণ্ডিয়াক ধন দিছিল আৰু সেই ধনেৰে এলিজাবেথক দৰমহা দিয়া হৈছিল।

২০১৩ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ পাছত এলিজাবেথে লাভ কৰা ৯১ লাখ টকাৰ ভিতৰত ৮২ লাখ টকাই আছিল দৰমহা। শত্ৰু ৰাষ্ট্ৰৰ পৰা এনেদৰে ধন লোৱাটো ভাৰতত নিষিদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই সময়ৰ ইউ পি এ চৰকাৰেহে এই লেনদেনৰ অনুমতি দিছিল।

তদুপৰি এলিজাবেথে কেইবাবাৰো আট্টাৰী সীমান্তৰে পাকিস্তান ভ্ৰমণ কৰাৰ তথ্যও তেওঁ সদৰী কৰে।মুখ্যমন্ত্ৰীয়ে এলিজাবেথৰ নিযুক্তি প্ৰক্ৰিয়াকো আমোদজনক বুলি অভিহিত কৰে। তেওঁ কয় যে নিযুক্তি লাভৰ এবছৰ পাছতহে এলিজাবেথে কামত যোগদান কৰিছিল আৰু এই এবছৰ সময় তেওঁক পাকিস্তানৰ আলী তৌকিৰে প্ৰশিক্ষণ দিছিল। লগতে এলিজাবেথে ব্ৰিটিছ নাগৰিকত্ব আৰু নিজৰ ধৰ্ম এতিয়াও ত্যাগ কৰা নাই।

এলিজাবেথে যিগৰাকী টম উদালিৰ অধীনত প্ৰশিক্ষণ লৈছিল তেওঁ জৰ্জ ছৰছৰ পৰা আৰ্থিক সহায় পাইছিল বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে। গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা এনে অভিযোগে এতিয়া কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় ৰাজনীতিতো ব্যাপক কঁপনি তোলা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!