অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

The end of Kali Yuga: কলিযুগৰ অন্ত আৰু সত্যযুগী ভাৰতৰ দিগদৰ্শন

Spread the love

কলিযুগৰ অন্ত আৰু সত্যযুগী ভাৰতৰ দিগদৰ্শন

DD TIMESত লিখিছে আকাশ সাহাই

বিভিন্ন সমলৰ গৱেষণা আৰু তথ্যৰ আধাৰত সদায় আমি এটা কথা স্পষ্টকৈ উল্লেখ কৰি আহিছোঁ যে, সৃষ্টিচক্ৰৰ আয়ু ‘পাচঁ হাজাৰ বছৰ’। প্ৰতি পাচঁ হাজাৰ বছৰৰ অন্তত এই চক্ৰৰ পুনৰাবৃত্তি ঘটে আৰু সেই মহাচক্ৰৰ তিনিটা পৰ্যায় অতিক্ৰম কৰি আমি বৰ্তমান কলিযুগৰ অন্তপর্যায়ত উপনীত হৈছো। এই দীৰ্ঘ সৃষ্টি-চক্ৰৰ নানা পৰ্যায়ৰ মাজেৰে মানবসভ্যতাৰ উত্থান-পতন, সংঘাত, যুদ্ধ আৰু পুনৰ্নিমাণৰ ইতিহাস চিৰকালেই পৰিলক্ষিত হৈ আহিছে।

তাৰে মাজত, বিশ্বইতিহাসৰ পাতত যুদ্ধ সদায় এক গভীৰ ৰক্তাক্ত স্মৃতিৰ লগতে সভ্যতা-সংস্কৃতিৰ ধ্বংসৰ ভয়ংকৰ ৰূপৰেখাও দেখা গৈছে। কিন্বদন্তি স্বৰূপে শাস্ত্ৰত উল্লেখিত ৰামায়ণ আৰু মহাভাৰতৰ যুদ্ধৰ পৰা আৰম্ভ কৰি, লিপিবদ্ধ বিভিন্ন সমলৰ আধাৰত সহস্ৰাব্দধৰি সংঘটিত বিভিন্ন যুদ্ধৰ বিস্তৃত বৰ্ণনা ইতিহাসত পোৱা যায়। সৃষ্টি-চক্ৰৰ পৰিৱর্তন আৰু সময়চক্ৰৰ পুনৰুত্থানৰ ধাৰাৰ সৈতে এই যুদ্ধৰ ইতিহাস সমান্তৰালভাৱে মানুহৰ জীৱন, সমাজ আৰু সংস্কৃতিৰ গভীৰ পৰিবর্তনৰ মূল সাক্ষী হৈ আহিছে।

সেই পৰিপেক্ষিতত আধুনিক ইতিহাসৰ দুটা বিশ্বযুদ্ধই জনজীৱনৰ ৰাজনীতি, অৰ্থনীতি আৰু সমাজৰ গঠনকেই সলনি কৰি দিছে। ২৮ জুন, ১৯১৪ চনৰ দিনটোতে আষ্ট্ৰিয়াৰ আৰ্কডিউক ফ্ৰান্স ফাৰ্ডিনাণ্ডক ছাৰায়েভ’ত হত্যা কৰা হৈছিল। এই ঘটনাই ইউৰোপৰ জটিল নীতিৰ ফলত অগ্নিস্ফূলিঙ্গৰূপে কাম কৰিলে আৰু আষ্ট্ৰিয়া-হাঙ্গেৰীয়ে ছাৰ্বিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আৰু অল্পদিনতেই প্ৰায় সকলোখন ইউৰোপীয় ৰাষ্ট্ৰ যুঁজৰ ক্ৰুৰতাৰ লগত জড়িত হৈ পৰিল।

মৈত্ৰী গোট (ব্ৰিটেন, ফ্ৰান্স, ৰাছিয়া, পিছত আমেৰিকা) আৰু কেন্দ্ৰীয় শক্তি (জাৰ্মানী, আষ্ট্ৰিয়া-হাঙ্গেৰী, অ’টোমান সাম্ৰাজ্য)ৰ সংঘাতে ১১ নৱেম্বৰ, ১৯১৮লৈকে পৃথিবী জুৰি প্ৰায় ২ কোটিৰো অধিক লোকৰ প্ৰাণ নিলে। যুদ্ধ শেষ হোৱাৰ পিছত বৰ্ছাইৰ সন্ধি (১৯১৯)ত জাৰ্মানীক দোষী ঘোষণা কৰি ভয়ংকৰ ক্ষতিপূৰণৰ দায়িত্ব দিয়া হৈছিল।


প্ৰথম বিশ্বযুদ্ধৰ ফলত উত্থিত অসন্তোষ আৰু জাৰ্মানীৰ পৰা হোৱা ক্ষতিপূৰণৰ অসহনীয় চাপৰ ফলত বিশ্ব শীঘ্ৰেই নতুন এক সংকটত পতিত হয়। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে জাৰ্মানীয়ে পোলেণ্ড আক্রমণ কৰাৰ লগে লগে ব্ৰিটেন আৰু ফ্ৰান্সে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। এইদৰে আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত প্ৰায় সকলোখন মহাদেশৰ ৰাষ্ট্ৰ জড়িত হৈ পৰে। একেদৰে মৈত্ৰী গোট (ব্ৰিটেন, ফ্ৰান্স, আমেৰিকা, ছোভিয়েত ইউনিয়ন, চীন) আৰু অক্ষ শক্তি (জাৰ্মানী, ইটালী, জাপান)ৰ সংঘাতে কোটি কোটি মানুহৰ জীৱন ধূলিসাৎ কৰিলে।


এই যুদ্ধত প্ৰথমবাৰৰ বাবে মানৱতাই পৰমাণৱিক অস্ত্ৰৰ বিধ্বংসী প্ৰভাৱ দেখিছিল—১৯৪৫ চনৰ আগষ্টত আমেৰিকাই হিৰোশিমা আৰু নাগাছাৰ মাটিত পৰমাণৱিক বোমা নিক্ষেপ কৰিছিল। এইটোকে আধুনিক যুগত সম্পূৰ্ণ বিনাশৰ সৰ্ববৃহৎ উদাহৰণ বুলি ধৰা হয়।
এই দুটা যুদ্ধৰ অভিজ্ঞতাই দেখুৱাইছে যে—যুদ্ধ মানে কেৱল ৰাজনৈতিক বিজয় বা পৰাজয় নহয়, যুদ্ধ মানে জীৱনৰ প্ৰতিটো দিশত ধ্বংস, অনাহাৰ, অসুখ আৰু অশান্তি।


যদি ভবিষ্যতে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হয়, তাত প্ৰায় সকলোখন ৰাষ্ট্ৰ জড়িত হ’ব। আমেৰিকা আৰু ৰাছিয়াৰ নেতৃত্বত দুটা প্ৰত্যৰ্থী গোট গঢ় লৈ উঠি আছে। সেই দুই শক্তিশালী গোটে পৰস্পৰৰ ওপৰত পাৰমাণৱিক বোমা, মিছাইল আৰু অন্য ভয়ংকৰ মাৰণাস্ত্ৰ নিক্ষেপ কৰিব পাৰে।


এই পৰমাণৱিক যুদ্ধৰ ফলত কেৱল মানুহৰ জীৱনহে নহয়, উদ্ভিদ আৰু জীৱ-জন্তুৰ অস্তিত্বও ধূলিসাৎ হৈ পৰিব। ভয়ংকৰ তেজস্ক্ৰিয়তা আৰু ৰাসায়নিক প্ৰতিক্ৰিয়াই শতাব্দীৰ পিছতো মাটি উৰ্বৰা হ’ব পৰা সম্ভাৱনা মুঠেই নাথাকিব। ভৌগোলিক পৰিৱেশত এনে বিষাক্ত প্ৰভাৱ পৰিব যে— সেই ঠাইবোৰত জীৱ বসতিৰ বাবে সম্পূৰ্ণ অনুপযোগী হৈ পৰিব। কিন্তু ভাৰতবৰ্ষৰ ক্ষেত্ৰত এক ভিন্ন দৃশ্য দেখা যাব।

ভাৰতৰ পৰম্পৰাগত নিৰপেক্ষ নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সমতা বজায় ৰাখিবলৈ কৰা প্ৰচেষ্টাই ইয়াক এই ভয়ংকৰ ধ্বংসৰ পৰা কিছু পৰিমাণে ৰক্ষা কৰিব৷ ভাৰত পৰমাণৱিক যুদ্ধৰ ভয়ংকৰ আচোৰৰ পৰা মুক্ত হ’ব, কিন্তু ভাৰতক অভ্যন্তৰীণ গৃহযুদ্ধ আৰু ধৰ্মীয় অসহিষ্ণুতাই ভয়ংকৰ আঘাত আনিব৷ যেতিয়া সমাজত ধৰ্মীয় বিদ্বেষ, সাম্প্ৰদায়িক ঘৃণা আৰু অসহিষ্ণুতাই চৰম সীমাত উপনীত হব, তেতিয়া ভাতৃঘাতী সংঘৰ্ষৰ সূচনা হ’ব।

এই সংঘৰ্ষই ভাৰতৰ মাটিত তেজৰ নদী বহাই দিব। আনহাতে, প্ৰাকৃতিক দুৰ্যোগো যেন সেই সময়তেই ভয়ংকৰ ৰূপ ধৰিব। ভূমিকম্প, ধুমুহা, অগ্নিকাণ্ড আৰু প্ৰলয়ংকৰী বানপানীয়ে সকলো ধ্বংস কৰি দিব। উচ্চ অট্টালিকা তাচপাতৰ দৰে খহি পৰিব। প্ৰলয়ংকৰী ধুমুহাই গছ-গছনি, ঘৰ-বাৰী আৰু মানুহক উৰুৱাই লৈ যাব৷ পাৰমাণৱিক যুদ্ধৰ ফলত বিশ্বব্যাপী উষ্ণতা বৃদ্ধি পাব। হিমালয় আৰু মেৰু প্ৰদেশৰ বৰফ গলি নদী-নলা আৰু সমুদ্ৰলৈ বহি আহিব। ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠ বৃদ্ধি পাই মুম্বাই, জাপান, অষ্ট্ৰেলিয়া আদি সমুদ্ৰ উপকূলৰ বহু অঞ্চল পানীত নিমজ্জিত হব।

প্ৰলয়ৰ বতৰাত মৃত জীৱ-জন্তু, গছ-গছনি আৰু অন্য অৱশিষ্ট ধুমুহাই উৰুৱাই নিব আৰু বাকীখিনি বানপানীয়ে উটুৱাই লৈ যাব। ইয়াৰ ফলত ভাৰতৰ মাটি পুনৰবাৰ জীৱনৰ বাবে অনুকূল হৈ পৰিব।


এনে এক ধ্বংসযজ্ঞৰ মাজতো ধৰ্মগ্ৰন্থত বৰ্ণিত এক বিশেষ দিশৰ উদ্ভৱ হব। পৰমাত্মাৰ বাণীৰ অনুসৰি কিছু সংখ্যক শক্তিশালী মানুষ্যআত্মাসকলক ধ্বংসৰ জুই বা প্ৰাকৃতিক দুৰ্যোগে বিনাশ কৰিব নোৱাৰিব। কিছু আত্মাই নতুন এক যুগ স্থাপনৰ নিমিত্তে অৱতৰণ কৰিব। তৃতীয় বিশ্বযুদ্ধৰ অন্তত ভাৰতীয় ভূমিত পুনৰ এক শুভ সূচনা হ’ব আৰু সেয়াই সৈছে “সত্যযুগৰ” আৰম্ভণি। প্ৰথমে জন্ম ল’ব দেৱশিশু শ্ৰীকৃষ্ণ, যাক আদি সনাতন ধৰ্মৰ প্ৰথম ৰাজকুমাৰ হিচাপে গণ্য কৰা হয়। তাৰ পিছত একে একে আদি দেৱ-দেৱীসকল যোগবলৰ দ্বাৰা জন্ম লৈ নতুন ৰূপে জগতক পবিত্ৰ ৰূপত ৰূপান্তৰ কৰিব।

এই যুগত সমাজ পবিত্ৰতা, শান্তি আৰু সৌন্দর্যৰে ভৰপূৰ্ণ হ’ব। গছ-গছনি, নদী-নলা, ফুল-ফল সকলোত আনন্দৰ বৰ্ণালী বিচাৰি পোৱা যাব। সত্যযুগী মানুহ ষোল্ল কলাত সম্পূৰ্ণ, অহিংসা আৰু নিৰ্বিকাৰ গুণত বিভূষিত হ’ব। সমাজত সকলো এক পৰিয়ালৰ দৰে মিলি-মৰমত থাকিব। সত্যযুগৰ মহল সোণৰ, হীৰা-জহৰেৰে অলঙ্কৃত, বাহন পুষ্পক বিমান—য’ত শিশুৱেও নিৰাপদে উৰিব পাৰিব। তেতিয়া এক ভাষা, এক ধৰ্ম আৰু এক সংস্কৃতিৰ সমাজ গঢ় লৈ উঠিব।

অসুখ, অশান্তি বা অন্যায়ৰ প্ৰয়োজন নাথাকে, সেয়ে হস্পিতাল বা আদালত নাথাকিব। প্ৰথমে প্ৰায় ৯ লাখ জনসংখ্যাৰ সত্যযুগী সমাজ গাঁওসমৰূপে গঢ় লৈ উঠিব। মানুহ সুস্থ-সবল আৰু দীঘল আয়ুষ্কীয়া—প্ৰায় ১৫০ বছৰলৈকে জীৱন থাকিব। এই যুগত মানৱতা পুনৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিব—য’ত কেৱল শান্তি, আনন্দ আৰু পবিত্ৰতাই জীৱনৰ মূল সুৰ হ’ব।


এই দৰ্শনমূলক চিত্ৰক অতিৰঞ্জিত কল্পনা বুলি কিছুমানে ভাবিবও পাৰে। কিন্তু সমাজত অনৈতিকতা, অসহিষ্ণুতা আৰু ধ্বংসৰ লগে লগে নতুন এক যুগৰ আশা-প্ৰত্যাশা সদায় মানবচিন্তাত জীয়াই থাকে। সেয়েহে এই সত্যযুগৰ পৰিকল্পনা কেৱল এক আধ্যাত্মিক স্বপ্ন নহয়, বৰং মানৱ সভ্যতাৰ গঠনমূলক দিশলৈ আগবঢ়াৰ এক দিশাদৰ্শনও বুলিব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!