অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Zubeen in the Eyes of Journalists: ‘সাংবাদিকৰ দৃষ্টিত জুবিন’ শীৰ্ষক গ্ৰন্থ উন্মোচন

Spread the love

সাংবাদিকৰ দৃষ্টিত জুবিন’ শীৰ্ষক গ্ৰন্থ উন্মোচন
ই সাহিত্য নহয়, সময়ৰ উশাহ; ই সাংবাদিকতা নহয়, সময়ৰ সাৰতত্ত্বঃ হেমন্ত শৰ্মা

DD TIMES গুৱাহাটী, ২ ডিচেম্বৰতঃ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বহু প্রতীক্ষিত গ্ৰন্থ ‘সাংবাদিকৰ দৃষ্টিত জুবিন’ৰ উন্মোচন কৰা হয়।

অসমীয়াৰ সংগীত–সংস্কৃতি আৰু সাংবাদিকতাৰ ইতিহাসত বিশেষ স্থান দখল কৰিব পৰা এই গ্ৰন্থখনৰ উন্মোচন উপলক্ষে বহুকেইগৰাকী সাংবাদিক, সাহিত্যিক, সংস্কৃতিকর্মী আৰু জুবিন গাৰ্গৰ কৰ্মযাত্ৰাৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰে আঁতধৰা অনুষ্ঠানটো আৰম্ভণিতে ‘ইশ্বৰপুত্ৰ’ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ পূণ্য আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন অৱলম্বন আৰু গ্ৰন্থখনিৰ এটি চুটি ভিডিঅ’ও মুকলি কৰা হয়।

.

‘সাংবাদিকৰ দৃষ্টিত জুবিন’ গ্ৰন্থখন সম্পাদনা কৰি উলিওৱা সাংবাদিক, লেখক তথা চলচ্চিত্ৰ পৰিচালক হেমন্ত শৰ্মাই সম্পাদকীয় ভাষণ আগবঢ়াই কয় যে ‘সাংবাদিকৰ দৃষ্টিত জুবিন’ কোনো সাধাৰণ সংকলন নহয়; ই ৯৬ গৰাকী পৃথক সাংবাদিকৰ ৯৬টি দৃষ্টিভংগীৰ সমষ্টি। গ্ৰন্থখন হৈছে সময়, সমাজ আৰু জুবিন গাৰ্গৰ শিল্পী জীৱনৰ বহুমাত্রিক মানচিত্র।

‘সাংবাদিকৰ দৃষ্টিত জুবিন’ কোনো ব্যৱসায় নহয়, কোনো লাভৰ বাণিজ্য নহয়— ই এক নৈঃশব্দ্যৰ সন্মান, য’ত কাগজৰ ওপৰত সমাজ, মানুহ–মন আৰু শিল্পীসত্ত্বাৰে আলোকিত এক জ্যোতিষ্ক। সম্পাদক হেমন্ত শৰ্মাই উল্লেখ কৰে যে জুবিন গাৰ্গ নামটোৱে ব্যক্তিগতভাৱে তেওঁৰ লেখনী–জীৱন আৰু সাংবাদিকীয় দৃষ্টিত বহুপর্যায়ত ছাঁ দিয়ে গৈছে।

পূৰ্বে লিখা তেওঁৰ ব্যক্তিগত প্ৰবন্ধ, মূল্যায়ন আৰু পর্যবেক্ষণৰ অভিজ্ঞতাই এই বৃহৎ সংকলনৰ সম্পাদনাক অধিক গভীৰতা প্ৰদান কৰিছে। জুবিন গাৰ্গৰ বিশাল ক্ষেত্ৰখনক সুক্ষ্মভাৱে দৃষ্টি নিক্ষেপ কৰি তেওঁ ভাষণত কয়, “জুবিন গাৰ্গক বুজা মানে সংগীত আৰু সৃষ্টি কি তাক বুজা নহয়; অসমীয়াৰ সমাজ আৰু মনস্তত্ত্বক বুজা এক পন্থা।

তেওঁৰ আত্মসংগ্রাম, বহ্নিময় প্ৰতিভা, বিদ্ৰোহ আৰু নীৰৱ বেদনা— এই সকলোবোৰ একেলগ হৈ গঢ়ি উঠা এজন সময়ৰ উদাহৰণ। ৯৬গৰাকী সাংবাদিকৰ পৃথক পৃথক বক্তব্য মিলি আজিৰ এই গ্ৰন্থখনে চূড়ান্ত ৰূপ পাইছে আৰু ই ভৱিষ্যৎ প্রজন্মৰ বাবে এক মূল্যৱান দলিল হৈ থাকিব।”

আনহাতে, গ্ৰন্থখনি উন্মোচন কৰে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ লগতে জ্যেষ্ঠ সাংবাদিক অশ্বিনী বৰুৱা, বিতোপন বৰবৰা, গৌতম শৰ্মা, অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ বিষয়া পংকজ কুমাৰ গোস্বামী আৰু ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হকে “সাংবাদিকৰ দৃষ্টিত জুবিন” গ্ৰন্থখনিৰ বিষয়ে সাৰুৱা ভাষণ প্ৰদান কৰি ৩৮৪ পৃষ্ঠাজোৰা এই গ্ৰন্থখন জুবিন গাৰ্গক সুধীয়া শিল্পী হিচাপে নহয়- তেওঁক এগৰাকী সমাজসত্ত্বা, সময়ৰ সাক্ষী আৰু অসমীয়াৰ সমষ্টিগত অনুভৱৰ প্ৰতীক হিচাপে বিচাৰিবলৈ সহায়ক হ’ব বুলি মন্তব্য কৰাৰ লগতে সাংবাদিকতা যিহেতু সত্য, দায়িত্ব আৰু নৈতিকতাৰ ৰেখাত অংকিত এক দলিল— সেয়ে সাংবাদিকৰ দৃষ্টিত লিখা প্ৰবন্ধসমূহ বহুমাত্রিক, বস্তুনিষ্ঠ আৰু সময়োপযোগী বুলি অভিহিত কৰে।

অনুষ্ঠানত উপস্থিত থাকি বহুকেইগৰাকী সাংবাদিকে কয় যে এজন শিল্পীক লৈ একেলগে ৯৬টা দৃষ্টিভংগী সংকলন কৰা— ই কেৱল সাহিত্যৰ কাম নহয়, ই ইতিহাস সংৰক্ষণৰ দায়িত্ব।

জুবিন গাৰ্গৰ সমাজ-সংযোগ, মানসিক যাত্রা, শিল্পীস্বভাৱ, অভিমান–বেদনা, দান-মহিমা আৰু অসমীয়াৰ সাংস্কৃতিক চেতনাৰ সৈতে থকা আত্মিক সম্পর্কৰ বিষয়ে বক্তাসকল বিশেষকৈ আলোচনা কৰি আশা প্ৰকাশ কৰে যে ‘সাংবাদিকৰ দৃষ্টিত জুবিন’ গ্ৰন্থখন আগন্তুক দিনত অসমীয়াৰ সাহিত্য–সংস্কৃতি, সংগীত–গবেষণা আৰু সংবাদমাধ্যমৰ অধ্যয়নৰ ক্ষেত্ৰত এক স্থায়ী দলিল হিচাপে মান্যতা লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!