ZUBERN GARG: দীঘলীপুখুৰীৰ পাৰত শিল্পী জুবিন গাৰ্গলৈ বিভিন্ন দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি
জুবিন গাৰ্গলৈ ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলিঃ কংগ্ৰেছকে ধৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

DD TIMED গুৱাহাটী, ১৯ অক্টোবৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি ৰাজ্যজুৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা ক্ষেত্ৰত আজি দিনৰ ১২ বজাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হয় আৰু জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শিল্পীজনৰ পূণ্যত্মাই অসমৰ ৰাইজক একত্ৰিত কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেয়া অসমৰ ৰাইজে জানিব লাগিব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব।

জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাই যিখন বৰ অসম বিচাৰিছিল সেইখন বৰ অসম আমি পাবই লাগিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে মুখ্যমন্ত্ৰীজয়ে যিখন এছআইটি গঠন কৰিছে সেইখন এছআইটিয়ে শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰীৰ সম্পৰ্ক লুকুৱাবলৈহে কাম কৰা বুলি অসমৰ ৰাইজে সন্দেহ কৰিছে। এইক্ষেত্ৰত ৰাইজে এছআইটিৰ কাম-কাজৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিব বুলি তেওঁ উল্লেখ কৰে।
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলীন কুলী, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, বিধায়ক নন্দিতা দাস, প্ৰাক্তন সাংসদ আব্দুল খালেকেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মানৱেন্দ্ৰ শৰ্মা ক্ষেত্ৰত মহিলাৰ নামকে ধৰি আঠটি বিভিন্ন অঞ্চলৰ পৰা সেৱক-সেৱিকাই হৰিনাম প্ৰদৰ্শন কৰি শিল্পজীনৰ প্ৰতি সেৱা আগবঢ়ায়। এই অনুষ্ঠান পৰিচালনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈ আৰু প্ৰদ্যুৎ ভূঞাই।
ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে সৰ্বদলীয়ভাৱে দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিলৈ যায় আৰু শিল্পীজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সাংসদ গগৈয়ে বিৰোধী দলসমূহে অনুষ্ঠিত কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জুবিন গাৰ্গ ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰে আৰু জুবিন গাৰ্গৰ মানৱতাপ্ৰেমী নিৰ্দশন উজ্জীৱিত কৰি ৰাখিবৰ বাবে সকলোৱে একত্ৰিতভাৱে কাম কৰিব লাগে বুলি উল্লেখ কৰে।
গগৈয়ে শিল্পীজনে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজে কেতিয়াও বহি নাথাকে বুলি উল্লেখ কৰে। এই অনুষ্ঠানত শিল্পী জুবিন গাৰ্গক স্মৰণ কৰি ‘কাঞ্চনজংঘা জুবিন’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেন গোহাঁইয়ে।

ড° গোহাঁইৰ লগতে লক্ষ্মীনাথ তামুলী, লোকনাথ গোস্বামী, সীতানাথ লহকৰ, খগেন গগৈ, বেদব্ৰত বৰা, কবি নীলিম কুমাৰ আৰু গুণী-জ্ঞানী লোকসকল উপস্থিত থাকে।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিএম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চিপিআই দলৰ কনক গগৈ, চিপিআইএমএলৰ বিবেক দাস প্ৰমুখ্যে নেতাসকল উপস্থিত থকা অনুষ্ঠানটোৰ কেবাজনো শিল্পীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰে।
জুবিন গাৰ্গৰ লগত গীত সংগত কৰা কেবাগৰাকীয়ে সহঃশিল্পীয়ে মঞ্চত ‘মায়াৱিনী’ গীতটোৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰে আৰু সভাত হাজাৰ-বিজাৰ লোকে একেলগে থিয় হৈ শিল্পীগৰাকীৰ ইচ্ছা অনুসৰি মায়াৱিনী গীতটো সমস্বৰে পৰিৱেশন।
অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা শেষলৈকে পৰিচালনা কৰে বিধায়ক অখিল গগৈয়ে। ইফালে, অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যেগত সকলো জিলাতে আজি সৰ্বধৰ্মীয় প্ৰাৰ্থনা, নাম-প্ৰসংগৰে প্ৰয়াত শিল্পীজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

