ZUBEEN’S SONGS: জুবিনৰ পদূলিত ‘কলম’ উন্মোচনঃ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰচেষ্টাক প্ৰশংসা গৰিমা শইকীয়া গাৰ্গৰ
জুবিনৰ পদূলিত ‘কলম’ উন্মোচনঃ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰচেষ্টাক প্ৰশংসা গৰিমা শইকীয়া গাৰ্গৰ

DD TIMES গুৱাহাটী, ২৯ অক্টোবৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী, মানৱতাৰ কন্ঠ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তিনিমহীয়া আলোচনী “কলম”ৰ সপ্তম বছৰৰ তৃতীয় সংখ্যাটি মঙলবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আনুষ্ঠানিক ভাৱে মুকলি কৰে।

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসভৱনত আয়োজিত এক অনুষ্ঠানত আলোচনীখন উন্মোচন কৰি আৱেগিক হৈ পৰে জুবিন পত্নী গৰিমা।
উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে সন্থাৰ সম্পাদক ৰূপক ডেকাই এখন গামোচাৰে সম্বৰ্ধনা জনায় গৰিমা গাৰ্গক।
অনুষ্ঠানত ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মন্টু শইকীয়া উপস্থিত থাকি উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই ধাৰাবাহিক ভাৱে এখন আলোচনী প্ৰকাশ কৰি থকাটো এক সাহসী পদক্ষেপ বুলি উল্লেখ কৰে।

সামাজিক মাধ্যমৰ অভূতপূৰ্ব উত্থানে ছপা মাধ্যমলৈ অশনি সংকেট নমাই অনাৰ সময়তে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই বিগত সাত বছৰে ধাৰাবাহিকভাৱে এখন আলোচনী প্ৰকাশ কৰি অসমীয়া ভাষালৈ এক অনবদ্য অৱদান আগবঢ়োৱা বাবে তেওঁ সন্থাৰ শলাগ লয়।
অনুষ্ঠানত উপস্থিত থাকি প্ৰবীণ শিল্পী মনোজ দাসে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই বিগত সময় চোৱাত কৰি অহা বিভিন্ন কামৰ মাজতে অসমীয়া ভাষা কলা সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা সেৱাৰ উচ্চ প্ৰশংসা কৰে।
ইফালে, শিল্পী সাংবাদিক তথা সমাজকৰ্মী সোণমণি দত্তই কয় যে জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আৰু ক্ষতি পূৰণ কৰাৰ বাবে অসমীয়া জাতিক আৰু বহু বছৰৰ প্ৰয়োজন হ’ব।
অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা জুবিন গাৰ্গৰ অনবদ্য প্ৰয়াসৰ কথা উল্লেখ কৰি আবেগিক হৈ পৰা শিল্পী দত্তই লগতে কয় যে জুবিনে ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া জাতি কেতিয়াও শান্ত নহয়।
অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উপদেষ্টা দ্বীপেন বায়ন, সাংগঠনিক সাংবাদিক উৎপল ৰঞ্জন মেধি, সহকাৰী সম্পাদক উৎপল তামুলী, গোপাল ঠাকুৰীয়া, ৰিদিপ দাস আৰু জুবিনৰ বহু গুণমুগ্ধ উপস্থিত আছিল। অনুষ্ঠানৰ সময়ত জুবিনৰ বাসভৱনত সমবেত হোৱা প্ৰতিজন জুবিন প্ৰেমীক “কলম” আলোচনী প্ৰদান কৰা হয়।
উল্লেখ্য, ড° তাৰিণী কান্ত হালৈৰ দ্বাৰা সম্পাদিত কলম আলোচনীৰ সপ্তম বছৰৰ তৃতীয় সংখ্যাটিত জুবিন গাৰ্গৰ কেইবাটাও মনোগ্ৰাহী প্ৰবন্ধৰ লগতে জন্ম শতবৰ্ষ চলি থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন সম্বলিত প্ৰবন্ধও সন্নিৱিষ্ট হৈছে।

