ZUBEEN’S SONGS: ইমান লজ্জাৰে শ্যামকানুহঁত জীয়াই থকাৰ অৰ্থ আছে নে?
ইমান লজ্জাৰে শ্যামকানুহঁত জীয়াই থকাৰ অৰ্থ আছে নে?
DD TIMESত লিখিছে হিমাংশু পাঠকে

অপৰাধ এক ব্যাধি বুলিয়েই জানে। জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পিছতেই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শ্বেখৰ গোস্বামী, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আদি কেইবাজনো লোক গ্ৰেপ্তাৰ হ’ল।
সন্দিপন গাৰ্গ নামৰ পুলিচ বিষয়াজনক বাদ দিলে আন কেইজন একোজন অত্যধিক লোভী ব্যক্তি বুলি প্ৰমাণিত হৈছে। এফালে এই নিকৃষ্ট লোভী লোককেইজন আৰু আনফালে কোটি কোটি অসমৰ জনতাৰ হিয়া ভগা আৱেগ।
প্ৰতিজন জুবিন প্ৰেমীৰ ঘৃণিত ব্যক্তি শ্যামকানু গেং। তেনেস্থলত কিহৰ ভাৰসাত তেওঁলোকে জীয়াই থকাৰ বাবে এতিয়াও আশা কৰি আছে।

তেওঁলোকৰ চকু, মন, মগজু ক’তো অলপো দুখৰ ছাঁ, অনুশোচনা আৰু পৰিতাপৰ চিন চাপ দেখা নাই।
আজি দেশৰ ন্যায় ব্যৱস্থা ইমানেই শংকিত হৈ পৰিছে যে কাৰাগাৰৰ ভিতৰত থকা কয়দী নতুবা হাজোতী যিয়ে জুবিনক অত্যন্ত ভাল পায়, জুবিনৰ কাৰণে মৰিবও পাৰে আৰু মাৰিবও পাৰে তেনেলোকৰ দ্বাৰা তেওঁলোকৰ জীৱন যে সুৰক্ষিত নহয় সেই চিন্তা কৰি শংকিত হৈ পৰিছিল আৰু এনে এখন কাৰাগাৰ বিচাৰিবলগীয়া হ’ল য’ত এজনো কয়দী নতুবা হাজোতী নাই।
তেনেদৰেই সিদ্ধান্ত লোৱা হ’ল বাক্সা জিলাৰ কাৰাগাৰত ৰখাৰ বাবে। কিন্তু আদালত আৰু প্ৰশাসনে কল্পনাও কৰা নাছিল যে বাক্সা জিলাৰ কাৰাগাৰৰ বাহিৰতো যে জুবিনপ্ৰেমীয়ে যিকোনো কাণ্ড কৰিবলৈ উদ্বাউল হৈ আছিল।
অপৰাধীৰ বাবে ৰাইজে ইমান ঘৃণা বুকুত বান্ধি থকাৰ উদাহৰণ পৃথিৱীতেই নাই। এয়া এক অকল্পনীয় নজিৰ। আজি বাক্সাৰ ৰাইজে কৰা কাণ্ড অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহৰ বুকুত জ্বলি থকা ক্ষোভ আৰু খঙৰ বহিঃপ্ৰকাশ। প্ৰশাসনে এই অনুভৱ বুজি পাব বুলি ভাৱো।
প্ৰশ্ন হ’ল ইমান ধ্বিক্কাৰ আৰু ৰাজহুৱা লজ্জাৰে শ্যামকানু, সিদ্ধাৰ্থ, শ্বেখৰ, সন্দিপন, নন্দেশ্বৰহঁতে জীয়াই থাকি লাভ আছে জানো ? কোনখন সমাজত তেওঁলোকে উঠা বহাৰ বাবে এতিয়াও নিজক সান্ত্বনা দি আছে।
কোনখন মুখেৰে সমাজত মুৰ তুলি আৰু মুৰ নমাই অহাযোৱা কৰিব ? এনে জীৱনৰ জানো কিবা মূল্য আছে?

