ZUBEEN’S MUSIC: জুবিন গাৰ্গৰ জীৱনঃ এটি প্ৰেৰণাদায়ক সুৰৰ শিক্ষা
জুবিন গাৰ্গৰ জীৱনঃ এটি প্ৰেৰণাদায়ক সুৰৰ শিক্ষা
DD TIMESত লিখিছে সত্যব্ৰত বৰাই
জুবিনৰ জীৱন আছিল এক মধুৰ সুৰৰ দৰে—ভালপোৱা, দুখ, সংগ্ৰাম, সাফল্য আৰু প্ৰেৰণাৰে ভৰা। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিনে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত চিংগাপুৰত এটা দুৰ্ভাগ্যজনক দুৰ্ঘটনাত জীৱনৰ শেষ সুৰ গাই গ’ল। তেওঁৰ জীৱনৰ পৰা আমি বহুতো শিক্ষা ল’ব পাৰোঁ, যিবোৰে আমাৰ জীৱনক অধিক অৰ্থপূৰ্ণ আৰু সুন্দৰ কৰি তুলিব পাৰে। সৰু সৰু কথাৰ পৰাই জীৱনৰ ডাঙৰ পাঠ শিকিব পাৰি। জুবিনৰ জীৱনটোৱেই তাৰ বাবে সৰ্বোৎকৃষ্ট উদাহৰণ!

জুবিন গাৰ্গৰ জীৱনৰ এটা ডাঙৰ শিক্ষা হ’ল এই যে সফলতাৰ শিখৰত উঠিলেও নিজৰ মাটি আৰু মানুহৰ প্ৰতি ভালপোৱা কেতিয়াও কমাব নালাগে। অসমৰ এজন সন্তান হিচাপে সদায় নিজৰ মানুহখিনিৰ কথা ভাবিছিল জুবিনে। ২০২১ চনৰ ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ নিজৰ গুৱাহাটীৰ দুই মহলীয়া ঘৰটোক ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰিছিল, যাতে অসুস্থ লোকসকলে চিকিৎসাৰ সুবিধা পাব পাৰে।

ভাবকছোন হৃদয়খন কিমান উদাৰ আৰু মানৱীয় আছিল। জীৱনত সফল হ’লেও সমাজৰ প্ৰতি থকা দায়বদ্ধতাক পাহৰিব নালাগে। আমি সকলোৱে, আমাৰ সাধ্য অনুসৰি, আনৰ বাবে কিবা এটা কৰিব পাৰোঁ হয়তো সৰু সৰু কামেৰেও, যেনে এজন দুখীয়াক সহায় কৰা বা সমাজৰ উন্নতিৰ বাবে অৰিহণা যোগোৱা।
জুবিনৰ জীৱনত দুখৰ অভাৱ নাছিল। ২০০২ চনত তেওঁৰ ভনী জংকী বৰঠাকুৰৰ এক গাড়ী দুৰ্ঘটনাত মৃত্যু হয়। আচৰিত কথা, সেই গাড়ীখনত জুবিন নিজেও থাকিব লাগিছিল, কিন্তু কোনো অলৌকিক কাৰণত তেওঁ অন্য গাড়ীত গৈছিল। এই ঘটনাই তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। কিন্তু তেওঁ এই দুখক নিজৰ সৃষ্টিশীল শক্তিলৈ ৰূপান্তৰিত কৰিছিল।”শিশু”ৰ জৰিয়তে জংকীৰ প্ৰতি থকা আবেগ প্ৰকাশ কৰিছিল । “মায়া” বা “গানে কি আনে”ৰ দৰে গানে তেওঁৰ হৃদয়ৰ গভীৰ আৱেগক প্ৰকাশ কৰিছিল।

এই গানবোৰে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছিল কাৰণ সেইবোৰ জীৱনৰ সত্য অভিজ্ঞতাৰ পৰা উৎপন্ন হোৱা। জীৱনৰ দুখৰ মুহূৰ্তবোৰে আমাক ভাঙি পেলাব নালাগে। আমি সেইবোৰক শক্তিৰ উৎস হিচাপে লৈ নতুন কিবা সৃষ্টি কৰিব পাৰোঁ—হয়তো এটা গান, এটা কবিতা বা এটা ভাল কাম।
জুবিন গাৰ্গৰ গানৰ জৰিয়তে অসমৰ সংস্কৃতিয়ে বিশ্বৰ মঞ্চত স্থান পাইছিল। অসমীয়া, বাংলা, হিন্দী, তামিল, তেলেগু আদিকে ধৰি জুবিনে ৪০ টা ভাষাত গান গাইছিল! “য়া আলী” গানটোৱে জুবিনক ভাৰতৰ ঘৰে ঘৰে পৰিচিত কৰিছিল। কিন্তু তেওঁৰ মূল আছিল অসমৰ মাটিত। জুবিনৰ গানত বাঁহীৰ সুৰ, লোকসংগীতৰ ছন্দ আৰু অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য ফুটি উঠিছিল। কোনো জাতি-ধৰ্মৰ প্ৰতি ভেদভাৱ নাৰাখি সকলোৰে বাবে গান গাইছিল জুবিনে। নিজৰ সংস্কৃতি আৰু ভাষাক লৈ গৌৰৱ কৰি তাক সমগ্ৰ বিশ্বৰ সন্মুখত তুলি ধৰিব পৰাটো এটা মহান কাৰ্য।
একেদৰে আনৰ সংস্কৃতিৰ প্ৰতিও সন্মান দেখুৱাই সকলোকে একেলগে সংযোগ কৰিব পাৰিছিল জুবিনে। জুবিনৰ গানবোৰে আমাক এই কথা মনত পেলাই দিয়ে যে সংগীতৰ কোনো সীমা নাই আৰু ভালপোৱাৰ জৰিয়তে আমি সকলোৰে হৃদয়ত স্থান পাব পাৰোঁ।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আমাৰ বাবে এটা দুখজনক শিক্ষা। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে জীৱন অতি মূল্যৱান। সৰু সৰু সতৰ্কতাই জীৱন ৰক্ষা কৰিব পাৰে। আমি প্ৰায়ে আনন্দৰ মুহূৰ্তত নিৰাপত্তাৰ কথা পাহৰি যাওঁ। জুবিনৰ দুৰ্ঘটনাৰ পৰা আমি শিকিব পাৰোঁ যে পানীৰ কাষত বা যিকোনো বিপদজনক পৰিস্থিতিত নিৰাপত্তাৰ নিয়ম মানি চলিব লাগে। এইটো এটা কঠিন শিক্ষা, কিন্তু জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ।
জুবিনৰ সাফল্যৰ অন্তৰালত আছিল কঠোৰ পৰিশ্ৰম আৰু সংগীতৰ প্ৰতি অটল নিষ্ঠা। এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছিল যদিও নিজৰ সপোন আৰু প্ৰতিভাৰ জোৰত বলীউডৰো এসময়ত শীৰ্ষত উঠিছিল জুবিন।জুবিনে দেখুৱাই গৈছে যে সপোন যিমানেই ডাঙৰ নহওক কিয়, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে তাক বাস্তৱত পৰিণত কৰিব পাৰি। গানৰ মাজেৰে জুবিনে আমাক এই বাৰ্তা দি গৈছে যে কোনো বাধাই আমাৰ লক্ষ্যৰ পথ বন্ধ কৰিব নোৱাৰে, যদিহে আমি হাৰ নামানোঁ।
জুবিন এজন এজন প্ৰকৃত অৰ্থত সফল শিল্পী। জুবিনৰ সৰলতা আৰু মাটিৰ মানুহৰ দৰে ব্যৱহাৰে সকলোৰে মন জিনিছিল। ভক্তৰ সৈতে জুবিনৰ সম্পৰ্ক আছিল হৃদয়ৰ পৰা হৃদয়লৈ। সফলতাই কেতিয়াও আমাক অহংকাৰী কৰিব নালাগে। জুবিনৰ সৰলতাই সকলোতকৈ ডাঙৰ গুণ আছিল। সেয়ে জুবিন মৰিও অমৰ।সৰলতা আৰু মানৱীয়তাই আমাক সকলোৰে ওচৰত আপোন কৰি তুলিব পাৰে।
জুবিন গাৰ্গৰ জীৱন এখন মুকলি কিতাপ, য’ত প্ৰতিটো পাততে আছে জীৱনৰ শিক্ষা। জুবিনে আমাক শিকাইছিল যে ভালপোৱা, সহানুভূতি, কঠোৰ পৰিশ্ৰম আৰু সাংস্কৃতিক গৌৰৱৰ মাজেৰে আমি এটা অৰ্থপূৰ্ণ জীৱন গঢ়ি তুলিব পাৰোঁ।
তেওঁৰ গানবোৰ আমাৰ মাজত চিৰদিন জীয়াই থাকিব আৰু তেওঁৰ জীৱনৰ শিক্ষাবোৰ আমাক পথ দেখুৱাই যাব। জুবিনৰ দৰে আমিও আমাৰ কামৰ জৰিয়তে সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ আৰু তেওঁৰ দৰে এক অমলিন স্মৃতি এৰি যাব পাৰোঁ। তেওঁৰ গানৰ দৰেই তেওঁৰ জীৱনো আমাৰ বাবে এক প্ৰেৰণা- জীয়াই থাকোঁতে জীৱনক গানৰ দৰে সুন্দৰ কৰি তুলিবলৈ।