ZUBEEN’S FRIENDS: বন্ধু মেলি দে তোৰ বন্ধু মেলি দে তোৰ…
বন্ধু মেলি দে তোৰ বন্ধু মেলি দে তোৰ
দুখৰ দুখনি হাত
এবাৰ জিৰাও তোৰ
বুকুৰ শীতল ছাঁত
DD TIMESত লিখিছে মিনাক্ষী হাজৰিকাই
সংগীত জগতৰ দৰে বিশাল ক্ষেত্ৰখনত ধাৰাবাহিকভাৱে সকলো জনতাৰ প্ৰিয় পাত্ৰ হৈ থকাটো অতিকৈ কঠিন।
জুবিন দাই গানৰ কথাৰে কৈ গৈছিল–“সাগৰ তলত শুবৰে মন
আকাশ খনি চুবৰে মন”
সঁচাকৈ জুবিন নামৰ বিশাল সাগৰখনি শুই পৰিল।

কোনোবা খিনিত সময়ো যেন স্তব্ধ হৈ ৰল, সময়ো যেন থমকি ৰল।কিমানখিনি ভালপোৱা গভীৰ হলে কাৰো লগত তেজৰ সম্পৰ্ক নথকা জুবিন নামৰ সত্বাটোৰ বাবে সমগ্ৰ ৰাইজ সমগ্ৰ অসমবাসী বাউলী হৈ পৰিব পাৰে।আমি যেন কোনো পধ্যেই এই বিদায় স্বীকৃতি দিব পৰা নাই।যদি গভীৰভাৱে অনুভৱ কৰা যায় কোনোবাখিনিত আমি সঁচাকৈয়ে বহুত ভাগ্যৱান বুলি ভবাটো উচিত যে তেওঁৰ গোটেই জীৱন পৰিক্ৰমাটোৰ আমি কিছু অংশ হব পাৰিছো।
যিয়ে গোটেই জীৱন কেৱল মাত্ৰ নিস্বাৰ্থ ভাৱে মানুহক ভাল পাব জানিলে, নিস্বাৰ্থ ভাৱে মানুহক সহায়ৰ হাত আগবঢ়াই দিবলৈ জানিলে। সেই মহান ব্যক্তি গৰাকীক আমি পাহৰো কেনেকৈ? কেৱল মাত্ৰ ৫২ বছৰ বয়সত ৩৮০০০ গীত ৰচনা কৰি তেওঁৰ গীতেৰে সকলোকে বান্ধি ৰাখিলে।তেওঁৰ প্ৰত্যেক টো গীততেই আমি নিজক কোনোবাখনিত বিচাৰি পাওঁ।
তেওঁৰ গীতত বিচাৰি পাওঁ আমাৰ শৈশৱ,কৈশোৰ আৰু যৌৱন। তেওঁৰ গীতত বিচাৰি পাওঁ ভালপোৱাৰ ঠিকনা, প্ৰকৃতিৰ গভীৰতা। গতিকে যাওঁ বুলিলেইনো কেনেকৈ যাব দিম তোমাক জুবিন দা! জুবিন দা যদি কেৱলমাত্ৰ কণ্ঠশিল্পী য়ে হল হয় তেতিয়া হয়তো তেওঁৰ কেৱল গীতৰ অনুৰাগী হে থাকিল হয়। কিন্তু জুবিন দাই অগণন ব্যক্তিক জীৱন দান দিছে।
নিস্বাৰ্থভাৱে মানুহক কেৱল ভাল পাইছে। যেন তেওঁ কেৱল মানুহৰ বাবেই সৃষ্টি হৈছে। সেয়েইটো তেওঁক সকলোৱে ভগৱান আখ্যা দিছে। কেৱল প্ৰকৃতিৰ বাবে জীয়াই থকা,মানুহৰ বাবে জীয়াই থকা এই মহান ব্যক্তিজনক আমি কেতিয়াও বিদায় দিব নোৱাৰো। ই কোনপধ্যেই সম্ভৱ নহয়।
ইউকেল্পিটাছৰ দৰে ওখ হব বিচৰা জুবিন গাৰ্গে সঁচাকৈয়ে যেন আকাশ চুব পৰিছে।জনতাৰ অন্তৰে অন্তৰে প্ৰেমৰ নৈ বোৱাব পৰিছে। হীৰেন ভট্টাচাৰ্যই কৈছিল– “গান লিখিলেই গান নহয়,সকলো সময়তে ভাল মাতেৰেই ভাল গায়ক নহয়।”
ভূপেন হাজৰিকাৰ পিছতেই যদি কোনো গায়কক শিল্পীৰ মৰ্যাদা দিয়া হৈছে সেয়া হৈছে জুবিন গাৰ্গ।গান লিখাৰ পৰা আৰম্ভ কৰি নিজে লিখা গান গাই জনতাৰ অন্তৰত স্থান পোৱা কেৱল মাত্ৰ এজনেই শিল্পী আছিল আৰু ভৱিষ্যতে এজনেই থাকিব। তেওঁৰ এই কর্মৰাজিক বিশেষকৈ যুৱ প্ৰজন্মই আজীৱন বুকুত জীপাল কৰি ৰাখিব। জুবিন নামৰ এই সত্বাটোক প্ৰতিদিনে বুকুত জীপাল কৰি ৰাখিম।
তাৰ বাবে আমি আজীৱন প্ৰতিজ্ঞাবদ্ধ। যাতে ভবিষ্যত প্ৰজন্মই জুবিন গাৰ্গ নামৰ মহান পুৰুষ জনক মনত ৰাখিব পাৰে।
“মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি”
—-মই মৰিলে এই গানেই বাজিব।”
কথাষাৰি যেন এতিয়াও প্ৰতিধ্বনি হৈ আছে।বুকুৰ কোনোবা এটা চুকত খুন্দিয়াই আছে বাৰে বাৰে । আৰু আজি যেন তেওঁৰ অনুপস্থিতিত সঁচাকৈয়ে গুঞ্জৰিত হৈ আছে চাৰিওদিশে মায়াবিনিৰে।
মৃত্যুৰ আগতেই নিজৰ মৃত্যুৰ গান লিখি যোৱা আপুনিয়েই প্ৰথম জুবিন দা। ইমান সোনকালে আপোনাক কোনেও বিদায় দিব বিচৰা নাছিল।
জুবিন দাই কৈছিল -“শেষ বুলিলেইটো শেষ নহয়,আকৌ আৰম্ভ হয়
শেষ নহয়…..
কিন্তু আকৌ আৰম্ভ হয় নে নহয় নাজানো শেষ কিন্তু আপুনিয়েই জুবিন দা।
প্ৰসংগ ইমানতেই শেষ নহয়।ওপৰোক্ত বৰ্ণনাখিনিতেই প্ৰস্ফুটিত হৈছে জুবিন দা আমাৰ হিয়াৰ আমঠু আছিল।কিন্তু এই হিয়াৰ আমঠু শিল্পীগৰাকীক হেৰুৱাব লগা হল কিয়?তেওঁৰ বাবেও হয়তো মৃত্যু শব্দটো কল্পনাতীত আছিল।কাৰ ভূলৰ বাবে কাৰ দোষৰ বাবে আজি আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাব লগা হ’ল সেয়া অতি গুৰুত্বপূৰ্ণ বিষয়।
ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ, কথোপকথন ইত্যাদি প্ৰকাশ পাই আছে। গতিকে সকলো অসমবাসী ৰাইজৰ কাতৰ অনুৰোধ যে এই ঘটনাটোৰ দোষীসকলক চিনাক্ত কৰি কঠোৰতকৈও কঠোৰ শাস্তি আইনে প্ৰদান কৰে। বৰ্তমান সময়ত অসমবাসী ৰাইজৰ এয়ে কাতৰ আহ্বান।