ZUBEEN’S FILM ROI ROI BINALE: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আহ্বানঃ ৰাইজক ভয় নুখুৱাব
১০ ছেপ্টেম্বৰৰ বাঘটো এতিয়া মেকুৰী হৈ গ’ল
২০২৬ত তুলিৰামক লগত লৈ ডুবাই-ছিংগাপুৰলৈ যাব লাগিব হিমন্ত বিশ্ব
২০২৬ সকলো মহিলাই লাভ কৰিব অধিক ভাল ভাল আঁচনি
নিজৰ সমষ্টিতে তুলিৰামক তুলাধূনা গৌৰৱ গগৈৰ

DD TIMES গুৱাহাটী, ২ নৱেম্বৰঃ বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈ এতিয়া ৰাইজে প্ৰশ্ন কৰাত তেওঁলোক ভীতিগ্ৰস্ত হৈ পৰিছে। ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ আশংকা কৰি তেওঁলোকে এতিয়া ৰাইজক ভয় খুৱাবলৈ আৰম্ভ কৰিছে।
মই বিজেপি দলৰ নেতা-কৰ্মীসকলক মই আহ্বান জনাইছো, ৰাইজক ভয় নুখুৱাব। আপোনালোকে ৰাইজৰ কথা গুৰুত্ব দি নিজেহে ভয় খাব লাগে। কাৰ্বি আংলঙত আজি নিজৰ উদাত্ত ভাষণত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এইদৰে কয়। তেওঁ কয়, ৰাইজক ৰজা বুলি ভাবিবলৈ আপোনালোকে আৰম্ভ কৰক।
২০২৬ৰ নিৰ্বাচনত ৰাইজে নিজে ৰজা হৈ আপোনালোকক ক্ষমতাৰ পৰা অপসাৰিত কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত ২৬ জনীয়া ছিকিউৰিটি নাথাকিব। গৃহ বিভাগ নাথাকিব।
আপোনালোক সাধাৰণ মানুহৰ দৰে ৰাইজৰ মাজত লাগিব আৰু ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। অসমৰ মানুহক বয় দেখুৱাই থকা হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা নোহোৱা হোৱাৰ পিছত অসমত আৰু থাকিব নোৱাৰিব। তেওঁ অসম এৰি ডুবাই-ছিংগাপুৰলৈ গুচি গৈ এনআৰআই হ’ব লাগিব। বিদেশী ৰাষ্ট্ৰত তেওঁৰ কোনো আত্মীয় নাথাকিব। তেতিয়া নিজৰ মানুহ বুলিবলৈ তেওঁ লৈ যাব লাগিব কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক।
গৌৰৱ গগৈৰ এই ৰসাল ভাষণত কাৰ্বি আলংঙত আজি ব্যাপক প্ৰভাৱ পৰে আৰু উপস্থিত ৰাইজে জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি বজায়। ”অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে ক্ষমতালৈ আহি চৰকাৰ গঠন কৰাৰ পিছদিনাই হিমন্ত বিশ্ব শৰ্মাই তুলিৰাম ৰংহাঙৰ লগত টিকট কাটি ছিংগাপুৰলৈ গুচি যাব।’- গগৈয়ে কয়।
পশ্চিম কাৰ্বি আলংঙৰ খেৰণি আৰু ডংকাৰ তুলিৰাম ৰংহাঙৰ সমষ্টিত আজি অনুষ্ঠিত ৰাজহুৱা সভাত তুলিৰামক তুলাধূনা দি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে ৰাজ্যৰ শিক্ষিত নিবনুৱাক উদ্যোগ নিৰ্মাণ কৰি সংস্থাপন দিয়াৰ বিপৰীতে আদানি-আম্বানি, পতঞ্জলিক হাজাৰ হাজাৰ বিঘা মাটি দি দিছে।
খেতিয়কক ফচল উৎপাদন কৰাৰ সুবিধা দিয়াৰ পৰিৱৰ্তে ভাতে মৰাৰ ব্যৱস্থা কৰিছে। অহা ৫ মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই আৰু অসমৰ বিকাশ ঘটাব নোৱাৰে। মাটিৰ পট্টা দিব লাগে থলুৱা ৰাইজক, কিন্তু মাটি গতাই দিছে আম্বানি-আদানিক। বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে বুনিয়াদী সা-সুবিধা পোৱা নাই। জলজীৱন মিছনৰ পানী আজি গাঁৱৰ ৰাইজে পোৱা নাই।
স্বায়ত্ব শাসিত পৰিষদসমূহক যিধৰণৰে ক্ষমতাৰ হস্তান্তৰ হ’ব লাগিছিল সেইধৰণে হোৱা নাই। ইয়াৰ বিপৰীতে হিমন্ত বিশ্বই ক্ষমতা নিজৰ হাতত ৰাখি ৰিমট কণ্ট্ৰলেৰে স্বায়ত্ব শাসিত পৰিষদ চলাইছে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ হৈছে তেতিয়াই জাতি-জনগোষ্ঠীৰ ৰাইজে ক্ষমতা লাভ কৰিছিল।
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত অসমৰ সকলো জাতি-জনগোষ্ঠীয়ে স্বায়ত্ব শাসনৰ যোগেদি ক্ষমতা আৰু পুঁজি ব্যৱহাৰ কৰিব পাৰিছিল। কংগ্ৰেছ দলে বিভিন্ন জাতি-জনগোষ্ঠীক সন্মান কৰে। এমাহ পাৰ হৈ গ’ল, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ’ল সেয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক জনাব পৰা নাই। গগৈয়ে প্ৰশ্ন কৰে যে মুখ্যমন্ত্ৰীয়ে কাক বচাবলৈ বিচাৰিছে, শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাহঁতক নহয় জানো?
এছআইটি গঠন হ’ল, এছআইটি ছিংগাপুৰলৈ গ’ল, কিন্তু অসমৰ ৰাইজ আজিও অন্ধকাৰত। অসমৰ ৰাইজে আজি ন্যায় বিচাৰিছে। আমি সেইকাৰণে ন্যায় দিব নোৱৰা এনে শাসন ব্যৱস্থা ওফৰাই পেলাব লাগিব। আমাক পুলিচৰ ভয় নালাগে, আদানিৰ বাবে কাম কৰা চৰকাৰ নালাগে, নিজৰ পৰিবাৰৰ বাবে চাহ বাগিচা বৃদ্ধি কৰা চৰকাৰ নালাগে।
আমাক চৰকাৰ লাগে থলুৱা কৃষক, উদ্যোগী, জাতি-জনগোষ্ঠীৰ বাবে। এইখন চৰকাৰ দিব পাৰিব কেৱল কংগ্ৰেছেহে। ”১০ ছেপ্টেম্বৰ, ১০ ছেপ্টেম্বৰকৈ চিঞৰি আছিল। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বনাই দিম। এছআইটিৰ ৰিপ’ৰ্ট আহিল। ১০ ছেপ্টেম্বৰৰ বাঘটো এতিয়া মেকুৰী হৈ গ’ল।’’-গগৈয়ে কটাক্ষ কৰি কয় যে এইখন হিমন্ত বিশ্ব শৰ্মাৰ ফ্লপ চিনেমা।
গগৈয়ে কয় ১০ ছেপ্টেম্বৰত হিমন্ত বিশ্বৰ চিনেমা ফ্লপ কৰি বিজেপিৰ মানুহে কংগ্ৰেছ দলত যোগদান কৰিলে। ১০ অক্টোবৰতো শ শ লোকে কংগ্ৰেছ দলত যোগদান কৰিলে। এতিয়া অহা ১০ নৱেম্বৰত তালিকা ইমান দীঘল হৈছে যে জিলাই জিলাই কংগ্ৰেছ দলত ৰাইজে যোগদান কৰিব। ৰাইজক আশ্বাস প্ৰদান কৰি গগৈয়ে কয় যে কংগ্ৰেছ দলত যোগদান কৰিলে আঁচনি কৰ্তন হয় বুলি ভয় নকৰিব।
কংগ্ৰেছ দলৰ চৰকাৰ আহিলে সকলোৱেই আঁচনি লাভ কৰিব। কংগ্ৰেছ দলৰ চৰকাৰ আহিলে অসমৰ মহিলাই এতিয়াতকৈ ভাল আঁচনি লাভ কৰিব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
আমি কিন্তু আঁচনি লৈয়ে ব্যস্ত নাথাকি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যসমূহৰ ভিতৰত অসমক জিলিকাই তুলিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰে। ভাষা-সাহিত্য, সংস্কৃতিৰ সমবিকাশৰ লগতে অৰ্থনৈতিক উন্নয়নেই কংগ্ৰেছৰ মূল লক্ষ্য হ’ব বুলিও গগৈয়ে কয়।

