ZUBEENDA’S ROI ROI BINALE: জুবিনদা মৰমৰ, আদৰৰ, হেপাঁহৰ, শ্ৰদ্ধাৰ…
জুবিনদা মৰমৰ, আদৰৰ, হেপাঁহৰ, শ্ৰদ্ধাৰ…

DD TIMESত লিখিছে শেৱালি কোঁৱৰে
এক আবেগ, এক আদৰ্শ, এক সত্ত্বা যি প্ৰতিজন অসমীয়াৰ হৃদয়ত আছিল, আছে আৰু সদায় থাকিব।অসমৰ গৌৰৱময় ইতিহাসত যিবোৰ কথা সোণোৱালী হৈ লিপিৱদ্ধ হৈছে তাৰভিতৰত একৈশ শ শতিকাৰ আটাইতকৈ বৰ্ণিল আৰু সুন্দৰ অধ্যায়টো হ’ব জুবিন যুগৰ অধ্যায়।
আহিবলগীয়া প্ৰজন্মই যাৰ নীতি-আদৰ্শই নিজৰ জীৱন জীয়াৰ সপোন দেখিব সেইজন ব্যক্তি নিশ্চয়কৈ জুবিনদা হ’ব। এক কিংবদন্তী। তেওঁ কায়িকভাৱে মাথো বিদায় ল’লে, কিন্তু তেখেতৰ অস্তিত্বক ম্লান কোনেও কৰিব নোৱাৰে আৰু কেতিয়াও ম্লান নহয়। বৰঞ্ছ হীৰাৰ দৰে তিৰবিৰাই জিলিকি ৰব অসমীয়া জাতিৰ সৰ্বাংগীন উন্নতিৰ ধ্বজাৱাহক হৈ।
ৰজা দুইধৰণৰ থাকে। এক আনুষ্ঠানিক ৰজা–এখেত elected বা selected হয়। এখেতক ক্ষমতাৰ বাবে সকলোৱে মানি চলে আনুষ্ঠানিকতাৰ মাজত।এখেত কিন্তু প্ৰত্যেকৰে মৰমৰ, আদৰৰ, হেপাঁহৰ, শ্ৰদ্ধাৰ নহ’বও পাৰে, যদিও প্ৰত্যেকেই মাথো এটা আনুষ্ঠানিকতা বা decorum maintain কৰি সন্মান কৰি থকাটো দেখুৱাই। কাৰণ কৰিবলৈ বাধ্য।

কিন্তু আৰু এজন ৰজা আছে তেখেত হ’ল হৃদয়ৰ ৰজা। তেখেত electedও নহয় selectedও নহয়, তেখেত spontaneous, তেখেত অপ্ৰতিৰোধ্য, তেখেত এনেকুৱা এজন ব্যক্তিত্ত্ব যাক কোনেও Ignore কৰিব নোৱাৰে। হয় তেখেত হৃদয়ত থাকিব নহয় তেওঁ মগজুত থাকিব। কিন্তু থাকিব যে খাটাং।
মানৱীয়তা, আদৰ, যত্ন, মৰম, সততা বুজি পোৱাসকলৰ হৃদয়ত তেওঁ আধিপত্য কৰে আৰু ব্যভিচাৰী, ভ্ৰষ্টাচাৰীসকলৰ মগজুত।
জুবিনদা মানুহৰ হৃদয়ত আধিপত্য কৰা ৰজা আছিল।কোনেও তেওঁক ignore কৰিব নোৱাৰিছিল আৰু নোৱাৰে কেতিয়াও। তেওঁ অসীম আৰু অনন্তকালৰ বাবে মানৱীয়তাৰ, ত্যাগৰ, স্নেহৰ, কৰুণাৰ ধ্বজাৱাহক, প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হৈ থাকিব।জুবিনদা এজন সাধাৰণ ব্যক্তি নাছিল বাবেই তেখেতৰ চিন্তা-কৰ্মপদ্ধতি, আদৰ্শ,দৰ্শন আদি ব্যতিক্ৰমী আছিল।যাৰবাবে সমালোচকসকলে সমালোচনাও কৰিছিল।কাৰণ আমাৰ সমাজখনে বতিক্ৰমী চৰিত্ৰবোৰক বা আদৰ্শবোৰক সহজে মানি লব নিবিচাৰে, যেতিয়ালৈকে সেই ব্যতিক্ৰমী চৰিত্ৰৰদ্বাৰা উল্লেখযোগ্যভাৱে কিবা এটা প্ৰতিষ্ঠা নহয়। জুবিনদাও সেইবাবেই সমালোচনাৰ উদ্ধৰ্ত নাছিল।

আলোচনা-সমালোচনা হৈছিল, তাত ক’ব লগা একো নাই, কিন্তু তেখেতৰ কায়িক বিদাইৰ পাছতো তেখেতৰ ভাৱামূৰ্তি ম্লান কৰাৰ যি পাশৱিক প্ৰচেষ্টা এইটো দেখি বুকুখন কপিঁ উঠে এইটো ভাৱি যে কিমান নীচ হ’লে ইশ্বৰপুৰুষক বদনাম কৰাৰ nexus বনাব পাৰে।এইখন পৃথিৱীতে আমি জীয়াই আছো!!
আমি আমাৰ উত্তৰপুৰুষক এইখন পৃথিৱীকে উপহাৰ হিচাপে দিমনে?? প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে প্ৰত্যেকেই নিজক। জুবিনদাৰ নিচিনা এজন ব্যক্তিক ষড়যন্ত্ৰ কৰি মাৰি পেলোৱা হ’ল!! ইয়াতকৈ আৰু চৰম অধ্ঃপতন কিবা লাগেনে??আমি কত আছো আৰু কি কৰি আছো আৰু কলৈ গৈ আছো নিজক এবাৰ প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে। ঘৃণাৰে আবৃত এখন পৃথিৱী আমি বিচাৰোনে?কিয় আমি মানুহৰ বা প্ৰকৃতিৰ ভাল চিন্তা কৰিব নোৱাৰো?কিহৰ তাড়ণাত নিজৰ জ্ঞান-বুদ্ধি হেৰুৱাই বিধ্বস্ত হৈছো??
শেষত এটাই সত্য,প্ৰকৃতিতকৈ ওপৰত একো নাই।মানৱীয় বিচাৰ যদি শুদ্ধ নহয়,শেষ বিচাৰ প্ৰকৃতিয়ে বা সময়ে বা পৰমজনে কৰে। মই ১০০%বিশ্বাসী জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰ হ’বই। যদি মানুহৰ আদালতত বিফল হয় তেতিয়াহলে প্ৰকৃতিৰ আদালতে ন্যায় দিব আৰু নিশ্চয়কৈ দিব। তাড়ণৰ কাৰণৰ সেতু নাৰায়ণ বুলি এষাৰ কথা আছে—প্ৰতিটো কাৰণৰ কাৰণ কিন্তু পৰমব্ৰক্ষ্ম।
মানুহে জ্ঞানশূণ্যহৈ যেতিয়া পাহৰি যায় তেতিয়া সময়ে মনত পেলায় দিয়ে there is someone above all….there is definitely law of nature or law of universe. বিভ্ৰান্ত পথিকসকলে সময় থাকোতেই নিজক সংযত কৰক,শুদ্ধ কৰক,সততাৰ পথ অৱলম্বন কৰক। পইচা বা টকা জীৱনটো সুন্দৰ কৰিবৰ বাবে লাগে।কিন্তু লগতে এইটোও বুজিবলগীয়া কথা যে নিজৰ সুখৰ কথা চিন্তা কৰি লোকক দুখ দিয়াজন কেতিয়াও সদায় সুখী হৈ থাকিব নোৱাৰে।
জুবিনদা মৰমৰ, আদৰৰ, হেপাঁহৰ, সন্মানীয়, জুবিনদা আজি উশাহত জুবিনদা নিশ্বাসত,জুবিনদা আবেগত জুবিনদা বিবেকত,সম্পূৰ্ণ মনঃস্ততত জুবিনদা।কাৰণ তেখেতৰ কৰ্ম,চিন্তা,নীতি-আদৰ্শ,দৰ্শন আৰু তেখেতৰ ব্যক্তিত্বই তেখেতক মহীয়ান কৰিছে।যাৰবাবে তেখেতে আজি অসমীয়াৰ লগতে বিশ্ববাসীৰ হৃদয়ত ৰজাৰ দৰে ৰাজ কৰিছে।
হে ৰজা তুমি সদায় হেপাঁহৰ হৈ থাকিবা। তুমি বস্তুবাদী, স্বাৰ্থপৰ,নিৰ্লজ্জ্ব পৃথিৱীখনত এটি ধ্ৰুৱতৰা আছিলা !!তোমাৰ যোগ্য নাছিল নেকি বাৰু এই লেতেৰা পৃথিৱীখন।
নাঃ নহয় এই পৃথিৱীখনটো সুন্দৰ কিন্তু মানুহ জাতিটো অধঃপতনে গই ইমান সুন্দৰ পৃথিৱীখন লেতেৰা কৰি তুলিছে!!
কৃপা কৰা প্ৰভূ।দুস্তক দমন সন্তক পালন তোমাৰ নীতি।এই নীতিৰে তোমাৰ বিচাৰ আৰম্ভ কৰা।পৃথিৱীয়ে বুজক সকলোৰে কৰ্মৰ খতিয়ানেৰে বিচাৰ কৰিবৰ বাবে তুমি আছা।
ন্যায় বিচাৰি এতিয়া মাথো প্ৰাৰ্থনা—কোনো ব্যক্তি অথবা অনুষ্ঠানৰ ওচৰত নহয়—-পৰমজনৰ ওচৰত।কাৰণ মই জানো এই ন্যায় আমি পাম আৰু কেনেকে পাম সেইতু তুমি নিৰ্ণয় কৰিবা।
ঔঁ শ্ৰী কৃষ্ণায়ে নমো নমঃ
জই জুবিনদা
আজীৱন তুমি মৰমৰ, হেপাঁহৰ।
(লেখক শেৱালী কোঁৱৰ এগৰাকী অধিবক্তা)

