ZUBEENDA: তই কুুকুৰ পুহিব নালাগিছিল জুবিনদা
তই কুুকুৰ পুহিব নালাগিছিল জুবিনদা
DD TIMESৰ আজিৰ কবি ঐজ্যোতি চুতীয়া

তই কুকুৰ পুহিব নালাগিছিল জুবিনদা
পুহিলেও পোহ মনাব পৰাকৈ
মাত্ৰ এটা পুহিব লাগিছিল
তই বান্দৰ পুহিছ
বেয়া পোৱা নাই তোক
লোকে গছ কাটিছে
তই সযতনে ৰুইছ
তাতো পূৰ্ণ সমৰ্থন আছে মোৰ
কিন্তু তই কুকুৰ পুহিব নালাগিছিল জুবিনদা
কুকুৰে অন্যায় কৰিলে
নিজৰ লক্ষ্যত উপনিত হ’ব পাৰিলেও
কিছু কাম যে আধাৰুৱা হৈ ৰ’ৱ
সেয়া ধূৰুপ
অৰ্থনৈতিক ভাবেও টনকিয়াল হ’ব নোৱাৰিবি তই
তই হিৰুদা ঘৰলৈ গৈছ
বেয়া পোৱা নাই তোক
খুদকণ এটা নথকা ঘৰ এখনক
তই কিবা এপদ দি সহায় কৰিছ
তাতো খুচ মই
কিন্তু তই কুকুৰ পুহিব নালাগিছিল জুবিনদা
বৰ হিংসুক সিহঁত
কেনেবাকৈ কামুৰিলে
যথোচিত সময়ত সহায়ৰ হাত এখন নাপাবি তই
এতিয়াই ওভতগোৰে নাচিছে
বলিয়া হ’লে গললৈকে জঁপিয়াব
অতদিনে দিয়া মৰমবোৰ
এদিনতে হলাহল কৰি পেলাব
বুজি পাওঁ মই জুবিনদা
প্ৰভু ভক্ত কুকুৰৰ লগত
যাকে-তাকে উপমা দিলে
তই যে অলপো পচন্দ নক’ৰ
কিন্তু নভবা-নিচিন্তা অঘটন এটা
এদিন যদি তোৰ লগতো হয়
তেতিয়া সেই মানৱ ৰূপী দানৱ কেইটাক
কাৰ লগত তুলনা কৰিম
কি নামেৰে নামাংকিত কৰিম
নৰ-পিশাচ, দেশদ্ৰোহী নে কালপিত বুলি
আৰু আজিতো তাকেই হ’ল
মুখৰ মাত হেৰাই গ’ল আমাৰ
চাব পৰা নাই
কোনেও কাৰো চকুলে
তই কুুকুৰ পুহিব নালাগিছিল জুবিনদা।


Nice