ZUBEEN GARG’S ROI ROI BINALE: তেজপুৰৰ ঐতিহাসিক জোনাকীৰ পৰা আৰম্ভ ৰৈ ৰৈ বিনালেৰ পোষ্টাৰিং
তেজপুৰৰ ঐতিহাসিক জোনাকীৰ পৰা আৰম্ভ ৰৈ ৰৈ বিনালেৰ পোষ্টাৰিং

DD TIMES তেজপুৰ, ২৭ অক্টোবৰঃ ৰাজ্যৰ প্ৰথমটো ছবি গৃহ তেজপুৰৰ জোনাকী চিনেমাৰ পৰাই কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অন্তিমখন চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে’ ৰ পোষ্টাৰ সমূহ লগোৱাৰ কাম আৰম্ভ কৰিলে তেজপুৰ জুবিনিয়ানছ আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে বিগত দীঘলীয়া সময় কাম কৰি অহা ‘দা ছচিয়েলিষ্ট অৰ্গেনাইজেশ্বন’ৰ লগতে তেজপুৰৰ সকলো জুবিন অনুৰাগীয়ে।

তেজপুৰ জুবিনিয়ানছ্ৰ প্ৰতিষ্ঠাপক, সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদক সমাজ কৰ্মী তৃষাণু ভূঞাই এই সন্দৰ্ভত কয় যে, ‘জুবিন দা অবিহনে জুবিন দাৰ চিনেমাৰ পোষ্টাৰ লগোৱা এইখনেই প্ৰথম আৰু জুবিন দাই অভিনয় কৰা এইখনেই শেষ চিনেমা৷
এয়া আমাৰ অন্তিম সময়, সুযোগ জুবিন দাৰ সপোনৰ ছবিখন সফল কৰাৰ৷’
আৱেগিক হৈ পৰা তৃষাণুৱে লগতে সকলোকে সহযোগিতাৰে ওলাই আহিবৰ বাবে অনুৰোধ জনায়।
আনহাতে, তেজপুৰ জুবিনিয়নছ্ ৰ বৰ্তমানৰ সভাপতি বিষ্ণু শৰ্মাই ফটো,ভিডিঅ’ নকৰি পাইৰেচি মুক্তভাৱে ছবিখন সফল কৰাৰ ক্ষেত্ৰত মন দিবৰ বাবে সকলোকে অনুৰোধ জনায়।
এই ছবিখন বিশ্বত জিলিকি উঠি ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোন বাস্তৱত প্ৰতিফলিত কৰিব বুলিও সাংস্কৃতিক নগৰী তেজপুৰৰ পৰা তেওঁলোকে আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, ৰূপকোঁৱৰে নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমটো চলচ্চিত্ৰ গৃহ জোনাকীতে প্ৰথমখন অসমীয়া ছবি জয়মতীৰ মুক্তি দিয়াৰ লগতে এই ঐতিহ্যমণ্ডিত জোনাকীৰ উন্নয়নৰ বাবেও জুবিন গাৰ্গে চিন্তা চৰ্চা কৰিছিল৷
