অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG 53: বঢ়মপুৰত জুবিন গাৰ্গৰ ৫৩সংখ্যক ওপজা দিন উদযাপন

Spread the love

বঢ়মপুৰত জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন উদযাপন

বিশাল শোভাযাত্ৰাৰে প্ৰাণৰ শিল্পীগৰাকীলৈ জন্মদিনৰ ওলগঃ ১০,০০১ গছি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি

DD TIMES বঢ়মপুৰ, ১৯ নৱেম্বৰঃ অসমীয়াৰ প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কালি ৫৩ সংখ্যক জন্মদিন।

শিল্পীগৰাকীৰ জন্মদিন পালনৰ উপলক্ষে কালিৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা খেলপথাৰত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ব্যৱস্থাপনাত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।

সেই উপলক্ষে প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত স্থানীয় ৰাইজে বন্তি প্ৰজ্বলন কৰি ৰাজহুৱা খেলপথাৰৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰাত বঢ়মপুৰৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাত সকলোৱে জুবিন গাৰ্গৰ বাল্যকালৰ পৰা মৃত্যুৰ সময়লৈকে তেওঁৰ বিভিন্ন প্ৰতিচ্ছবি হাতে হাতে লৈ “জয় জুবিন দা”, “জুবিন দা অমৰ হওঁক” আদি ধ্বনিৰে জন্মদিনৰ ওলগ জনাই বঢ়মপুৰৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।

ইয়াৰোপৰি বিয়লি স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলৰ কেনভাছ আৰু দেৱাল চিত্ৰাংকনৰ মাজেৰে অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ বিভিন্ন ৰূপ প্ৰতিফলিত কৰি ৰাইজৰ দৃষ্টি নিবদ্ধ কৰি ৰাখে।

ইফালে বঢ়মপুৰৰ স্থানীয় ৰাইজৰ দ্বাৰা সন্ধিয়া ১০,০০১ গছি বন্তি প্ৰজ্বলনেৰে বঢ়মপুৰ ৰাজহুৱা খেলপথাৰৰ চৌদিশ আলোকিত কৰা হয়।

পাছত স্থানীয় শিল্পী আৰু ৰাইজৰ দ্বাৰা প্ৰিয় শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!