অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠা

ZUBEEN GARG: সংগীতত তেওঁৰ চহকী অৱদানৰ বাবে স্মৰণীয় হৈ ৰ’বঃ প্ৰধানমন্ত্ৰী মোদী

Spread the love

DD TIMES নতশন দিল্লী, ২০ ছেপ্টেম্বৰঃ জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকাহত দেশ। অসম তথা ভাৰতবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত

Oplus_131072

শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এক শোকবাৰ্তাত মোদীয়ে কয়- শিল্পী গৰাকীয়ে সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে সদায় স্মৰণীয় হৈ থাকিব।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫২ বছৰ বয়সত ছিংগাপুৰত স্কুবা ডাইভিং কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা জুবিন গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মোদীয়ে কয় -“জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ হঠাৎ মৃত্যুত স্তম্ভিত।

সংগীতৰ প্ৰতি তেওঁৰ চহকী অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব।তেওঁৰ পৰিবেশন সকলো শ্ৰেণীৰ লোকৰ মাজত অতি জনপ্ৰিয় আছিল।তেওঁৰ প্ৰশংসকসকললৈ সমবেদনা জনাইছো।

তেওঁ কয় “আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰভাৱে দুখী।অসমে কেৱল এটা কণ্ঠই নহয়, হৃদস্পন্দন হেৰুৱালে৷

জুবিন দা এজন গায়কতকৈও বেছি আছিল;তেওঁ আছিল অসম আৰু জাতিৰ গৌৰৱ, যাৰ গীতে আমাৰ সংস্কৃতি, আমাৰ আৱেগ, আৰু আমাৰ আত্মাক বিশ্বৰ চুক-কোণলৈ কঢ়িয়াই লৈ ফুৰিছিল।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!