ZUBEEN GARG: শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ
শিল্পী জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণঃ মহমৰীয়াত প্ৰাকৃতিক সেউজ পৰিৱেশত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
DD TIMES নগাঁও, ২ অক্টোবৰঃ নগাঁও জিলাৰ মহমৰীয়াত আজি গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত প্ৰাকৃতিক সেউজ পৰিবেশত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

বৃহৎ পথাৰৰ সোঁমাজত এফালে চেগুণৰ বাগান, আনফালে কুঁহিয়াৰণিৰ দাঁতি আৰু সেউজীয়া কৃষি ভূমিৰ মাজত গণশিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাটাও নাহৰৰ পুলি ৰোপণ কৰা হয়।
অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসৰ উদ্যোগত আজি কেইবাটাও নাহৰৰ পুলি ৰোপণ কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে জুবিন গাৰ্গ এটি সত্বা।

তেওঁ জনতাৰ গীত গাই, কেঁচা মাটিৰ গোন্ধৰ সৈতে বিলীন হৈ থকাৰ বাবেই আজি জনতাৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে অনুসূচীত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ নৰেন দাসে মহমৰীয়াত জুবিন গাৰ্গৰ এটি পূৰ্ণাংগ মূৰ্তি তৈয়াৰ কৰাৰ কথা উল্লেখ কৰে। যুৱ নেতা হেমন্ত দাসে আত ধৰা অনুষ্ঠানটিত মৰমী দাস, প্ৰণীতা দাস, মৰমী দাস ,বিমলা দাস, শেৱালি দাস, ববী দাস, সংগীতা দাস, পুষ্পা দাস, দীপ্তি দাস, অমিত দাস, ভদ্ৰা দাস,পূজা দাস আদি উপস্থিত থাকে৷
অন্যহাতে মহমৰীয়া চাৰিআলি আৰু ঘাঁহী চাৰিআলিত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয়। ধৰ্মীয় ৰীতি-নীতিৰে নাম-প্ৰসংগ, কীৰ্তন পাঠ কৰাৰ লগতে আদ্যশ্ৰাদ্ধস্থলীত বহু লোকৰ সমাগম হোৱা দেখা যায়।