ZUBEEN GARG: শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰত ডিএছপি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ
শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰত ডিএছপি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ
DD TIMES গুৱাহাটী, ৮ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰত চিআইডি আৰু এছআইটিয়ে বিভিন্ন জনক জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে এই গোচৰত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আজি গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৫ জন হয়গৈ।

জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ গোচৰত বুধবাৰে গ্ৰেপ্তাৰ কৰা হ’ল সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত আছিল সন্দীপন গাৰ্গ। এতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ পিছত কেইবাদিনো ধৰি চলা জেৰাৰ অন্তত বুধবাৰে এছ আই টিয়ে সন্দীপন গাৰ্গক বুধবাৰে গ্ৰেপ্তাৰ কৰে।
বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই সন্দীপন গাৰ্গৰ গ্ৰেপ্তাৰৰ তথ্য নিশ্চিত কৰিছে। গুপ্তাই কয়, “আজি সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। আদালতত হাজিৰ কৰি সোধাপোছাৰ বাবে ১৪ দিনৰ আৰক্ষীৰ জিন্মাত বিচাৰিম।
ছিংগাপুৰৰ প্ৰৱাসী অসমীয়ালৈ চমন পঠিওৱা হৈছে, তাৰ ভিতৰত ৰূপকমল কলিতা আহিছে, তেওঁক সোধাপোছা কৰি থকা হৈছে।”তেওঁ লগতে কয়, “বাকীবোৰলৈকো আকৌ চমন জাৰি কৰা হ’ব। তেওঁলোকৰ সৈতে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে যোগাযোগ চলি আছে। তেওঁলোকে আমাক তদন্তত সহযোগ কৰিব বুলি আশা কৰিছোঁ।”
আনহাতে তদন্তকাৰী দল ছিংগাপুৰলৈ যোৱা সন্দৰ্ভত তেওঁ কয়, “ছিংগাপুৰত তদন্ত কৰিবলৈ যাবলৈ প্ৰক্ৰিয়া আছে, তাৰ বাবে আমি ব্যৱস্থা কৰি আছোঁ।” আনহাতে মঙলবাৰে ছয় ঘন্টাৰ জেৰাৰ অন্তত প্ৰৱাসী অসমীয়া ৰূপকমল কলিতাক যাবলৈ দিয়া হয় যদিও বুধবাৰে এছ আই টিয়ে পুনৰ ৰূপকমল কলিতাক জেৰা কৰে।
ইফালে শেহতীয়া তথ্য অনুসৰি যদিও এছ আই টিয়ে সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰিছিল, কিন্তু আদালতে মাত্ৰ ৭ দিনৰ বাবেহে এছ আই টিৰ জিম্মাত দিয়ে সন্দীপন গাৰ্গক।
উল্লেখ্য যে সন্দীপনক জুবিন গাৰ্গে লৈ গৈছিল য়ট যাত্ৰালৈয়ো। সেয়ে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম প্ৰত্যক্ষদৰ্শী আছিল সন্দীপন গাৰ্গ৷ সন্দীপন গাৰ্গ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আত্মীয়ও।
