অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: শিল্পী জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত আছুৰ কেণ্ডেল মাৰ্চ

Spread the love

শিল্পী জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত আছুৰ কেণ্ডেল মাৰ্চ

DD TIMES তিনিচুকীয়া, ২৬ ছেপ্টেম্বৰঃ অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানক্ৰমে আজি নিশা তিনিচুকীয়াতো জিলা ছাত্র সন্থাৰ উদ্যোগত বিশাল মমশিখা সমদল উলিওৱা হয় ৷

জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষিপ্ৰ আৰু পানী নসৰকা তদন্ত কৰা, দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা আৰু অর্থনৈতিক অপৰাধৰ তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবীত বেনাৰ লৈ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা থানা চাৰিআলিলৈকে বাহিৰ কৰা প্ৰতিবাদী সমদলত অংশগ্ৰহণকাৰী আছু কৰ্মীয়ে ‘আমাক ন্যায় লাগিবই, জুবিনদা অমৰ হওক, শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰক, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক’ আদি শ্ল’গান দি চৌদিশ মুখৰিত কৰি তোলে ৷

জিলা ছাত্র সন্থাৰ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়াৰ শিল্পী সমাজকে ধৰি তিনিচুকীয়াৰ জাতি, ধৰ্ম নিৰ্বিশেষে পুৰুষ, মহিলা সকলো লোকে সহযোগিতা আগবঢ়ায় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!