ZUBEEN GARG: যোৰহাট বিজ্ঞান চ’ৰাৰ কবিতাৰে শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গলৈ
যোৰহাট বিজ্ঞান চ’ৰাৰ কবিতাৰে শ্ৰদ্ধাঞ্জলি জুবিনলৈ
DD TIMES যোৰহাট, ২৬ ছেপ্টেম্বৰঃ যোৰহাটৰ অগ্ৰণী বিজ্ঞানচৰ্চাৰ অনুষ্ঠান যোৰহাট বিজ্ঞান চ’ৰাই আজি আশী বছৰৰ পৰা পাঁচ বছৰীয়া মইনা কবিৰ দ্বাৰা অসমীয়াৰ হিয়াৰ আমঠু সংগীতৰ মহানায়ক জুবিন গাৰ্গক লৈ সৃষ্টি কৰা কবিতাৰে মহান শিল্পীজনক ব্যতিক্ৰমী ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকগৃহত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেবাটাও প্ৰজন্মৰ কবিয়ে তেওঁলোকৰ প্ৰিয় শিল্পীজনৰ অকাল মৃত্যুত হৃদয়ৰ অনুভৱ শব্দৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে জনগণৰ শিল্পীজনৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী ডাঃ বলীন খাৰঘৰীয়া আৰু কবি-গীতিকাৰ নলিনীবালা হাজৰিকাই।
ইয়াৰ পাছতে পুস্পাঞ্জলি কৰে অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সভাপতি ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ,প্ৰাক্তন সভাপতি ড° প্ৰমোদ চন্দ্ৰ নেওগ, উপসভাপতি ৰমেন গগৈ, মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ ড° মালিনী,অসম সাহিত্য সভাৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকা, যোৰহাট সাহিত্য সভাৰ সভাপতি যুগল কিশোৰ আগৰৱালা, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকগৃহৰ পূৰবী দেৱী, পলাশী বৰা, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট জিলাৰ সভাপতি কমল শৰ্মা,ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যোৰহাট জিলাৰ কাৰ্যকৰী সভানেত্ৰী ড° অদিতি বেজবৰুৱা, সমন্বয়ক হেমেন কুমাৰ শইকীয়া,আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যোৰহাট জিলাৰ সমন্বয়ক ধীৰেন্দ্ৰ কুমাৰ গগৈ , ড° দণ্ডেশ্বৰ দত্ত, বিপুল দুৱৰা, অৰূপজ্যোতি হাজৰিকা,কাব্যশ্ৰী শইকীয়া প্ৰমুখ্যে বিভিন্নজনে।
অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত কবিতা পাঠ কৰে ড° মালিনী, নলিনীবালা হাজৰিকা, ড° জ্যোতিৰেখা হাজৰিকা,যুগল কিশোৰ আগৰৱালা,ড° ইন্দিৰা বৰুৱা, কমল শৰ্মা, ড° স্বপ্না বৰুৱা, ৰাজলক্ষ্মী শৰ্মা বৰুৱা, পল্লৱী শইকীয়া, হোজাইৰ মৰিয়ম কলেজৰ ছাত্ৰী স্বাহিনা নাৰ্গিছ, এক্সলেৰী স্কুলৰ হেনা কাউচাৰ,বিদ্যুৎ মইনা পাৰিজাতৰ মইনা অন্তৰীপ বৰুৱাই।
যোৰহাট মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰতিসা দত্তই জুবিনৰ গীত পৰিৱেশন কৰা অনুষ্ঠানত শিল্পীজনৰ কবিতা পাঠ কৰে ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ,ড° অদিতি বেজবৰুৱাই।
ৰমেন গগৈ আৰু হেমেন কুমাৰ শইকীয়াই পৰিচালনা কৰা আৰু পূৰবী দেৱীয়ে শলাগ জনোৱা অনুষ্ঠানত ডা : বলীন খাৰঘৰীয়া, ধীৰেন্দ্ৰ কুমাৰ গগৈয়ে শিল্পীজনৰ স্মৃতি ৰোমন্থন কৰে।