ZUBEEN GARG: বেবেজীয়াৰ ভিন্ন প্ৰান্তত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
বেবেজীয়াৰ ভিন্ন প্ৰান্তত গণশিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ-শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
DD TIMES নগাঁও, ২৯ ছেপ্টেম্বৰঃ গণ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ বেবেজীয়াৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷

বেবেজীয়াৰ যুৱকসকলৰ উদ্যোগত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে আয়োজন কৰা আদ্যশ্ৰাদ্ধত ধৰ্মীয় সকলো কাম কৰে শিক্ষক দীপক বৰাই । লগতে অনুষ্ঠানত উপস্থিত থাকে বেবেজীয়া গাঁৱৰ অনন্ত হাজৰিকা, কুশ সুত, লক্ষ্মী কান্ত বৰা, পুনাৰাম বৰা, ডিম্বেশ্বৰ বৰা, নীলমণি বৰা, অৰুণ বৰা, উপেন শইকীয়া , ভূপেন বৰা, প্ৰদীপ বৰা , গাওঁ প্ৰধান বিতুল কাকতি আদি।
অনুষ্ঠান ভাগ অনুষ্ঠিত কৰাত আগভাগ লয় মৃদুল বৰা , ৰঞ্জিত শৰ্মা , জুনমনি দাস ফণীন্দ্ৰ শৰ্মা, ৰিংকু হাজৰিকা আৰু দীপ বৰাই । অনুষ্ঠান ভাগত বেবেজীয়া ৰ সকলো অনুষ্ঠান,প্ৰতিষ্ঠানে অংশ লয় ।

তাৰোপৰি হাতীচোং চকলাঘাট ৰাস মন্দিৰত অঞ্চলটোৰ ভালেকেইটা সামাজিক-সাংস্কৃতিক অনুষ্ঠান হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট ৰাস মন্দিৰ সমিতি, চকলাঘাট শাখা সাহিত্য সভা, চকলাঘাট ক্রীড়া সন্থা, চকলাঘাট ইয়ং ষ্টাৰ ক্লাব, যুথ ক্লাৱৰ ব্যৱস্থাপনাত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত পুৱা ৬ বজাত উষা কীর্ত্তন,৯ বজাত শ্রদ্ধাঞ্জলি অনুষ্ঠান, ১০ বজাত কীর্ত্তন পাঠ ১১ বজাত খোল প্রসঙ্গ, ১২ বজাত নাম প্রসঙ্গ, প্রসাদ বিতৰণ, ২ বজাত দিহা নাম পৰিবেশনৰ অন্ততঃ সন্ধ্যা ৬ বজাত বন্তি প্রজ্জ্বলনেৰে অনুষ্ঠানৰ সামৰণি ঘটে।
অনুষ্ঠানত ৰাস উদযাপন সমিতিৰ সভাপতি কেশ ভূঞা, সম্পাদ যজ্ঞেশ্বৰ বৰা, শাখা সাহিত্য সভাৰ সভাপতি উৎপল হাজৰিকা, সম্পাদক মানস শইকীয়া, ইয়ং স্টাৰ ক্লাৱৰ ৰাতুল শইকীয়াৰ লগতে জ্যেষ্ঠ শিল্পী গম্ভীৰ শইকীয়া, ক্ষিতেশ্বৰ বৰা, বুদ্ধেশ্বৰ নাথ , মিহিৰ শইকীয়া আদি উপস্থিত থাকে ।
অন্যহাতে ফুলগুৰি আঞ্চলিক পুথিভঁৰাল আৰু সাংস্কৃতিক চ’ৰাৰ উদ্যোগত আজি পুৱাবেলা গণশিল্পী জুবিন গাৰ্গৰ স্মৃতিত এখনি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ফুলগুৰি আঞ্চলিক পুথিভঁৰালৰ প্ৰাক্তন সভাপতি দূৰ্গেশ্বৰ বৰকটকীয়ে ।
লগতে পূষ্পাঞ্জলি অৰ্পণ কৰে ফুলগুৰি আঞ্চলিক পুথিভঁৰালৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰমোহন শইকীয়া,প্ৰাক্তন সম্পাদক নৱজ্যোতি শৰ্মা বৰুৱা , কবিন শইকীয়া, বিদ্যুৎ শইকীয়া লম্বোদৰ ফুকন, সাংবাদিক ৰূপম নাথকে বহুকেইগৰাকী বিশিষ্ট লোকে ।
উল্লেখ্যযে গীত-কথাৰে শিল্পী গৰাকীক স্মৰণ কৰে অঞ্চলটো প্ৰায় শতাধিক লোকে। লগতে হাতীচোং চকলাঘাট ব্ৰাহ্মণগাঁৱটো অঞ্চলটোৰ যুৱক-যুৱতী আৰু ব্যৱসায়ীসকলৰ উদ্যোগত শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰ লগতে নাম-প্ৰসংগও অনুষ্ঠিত হয়।