ZUBEEN GARG: বিদায় দিব নোৱাৰোঁ জুবিনদা
বিদায় দিব নোৱাৰোঁ জুবিনদা
লিখিছে কবি অনুভৱ প্ৰিয়ম মিৰিয়ে

বিদায়ৰো থাকে এটা সময়
কিন্তু এইয়া বিদায়ৰ সময় নহয়
এই অসময়ত কেনেকৈ বিদায় দিম কোৱা
তুমি জনতাৰ বুকুৱে বুকুৱে
প্ৰিয় গীত হৈ বাজি আছা
তোমাৰ মৃত্যুত !
দুখ নকৰিবা বুলি ক’লে
কেনেকৈ দুখ নকৰাকৈ থাকিম
নাকান্দিবা বুলি ক’লে
কেনেকৈ নকন্দাকৈ থাকিম
তুমিটো আমাৰ হিয়াৰ আমঠু
কলিজাৰ এফাল
তোমাৰ সুমধুৰ গান শুনি শুনিয়ে
আমি ডাঙৰ-দীঘল হৈছোঁ
আমি ভাল পাবলৈ শিকিছোঁ
কোৱা কেনেকৈ ৰখাম আৱেগৰ চকুলো
তুমিটো আমাৰ বাবে কেৱল শিল্পীয়ে নাছিল
তুমিটো আমাৰ হেঁপাহৰো হেঁপাহৰ
বুকুৰো বুকুৰ হাৰ্টথ্ৰব আছিল
শুনি শুনি আমনি নলগা
তোমাৰ গানৰ মায়াবী সুৰৰ মূৰ্চ্ছনা
সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ বিয়পি পৰিছিল
আত্মবিভোৰ হৈ পাগল হৈছিল
লক্ষ লক্ষ শ্ৰোতা
আৰু আনন্দত নাচি উঠিছিল মন প্ৰাণ
গান গাই গাইয়ে
তুমি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব বিচাৰিছিলা
আৰু চিঞৰি চিঞৰি কৈছিলা
“মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই
মোৰ কোনো ভগৱান নাই
মই মুক্ত “
গছ কাটি বেয়া পাই
কেতিয়াবা ইয়াৰ বিৰুদ্ধে সৰৱ হৈছিলা
গছ ৰুই ভাল পাই জীৱ-জন্তুক আশ্ৰয় দিছিলা
মানুহৰ বিপদৰ সময়ত সহায় কৰি
তুমি মানুহৰো বিশেষ মানুহ আছিলা
আৰু এনেকুৱা মানুহ এজনক হেৰুৱাৰ সময়ত
কেনেকৈ নাকান্দিম কোৱা
তোমাক বিদায় দিব নোৱাৰোঁ জুবিন দা
তুমিটো কেৱল শিল্পীয়ে নাছিল
তুমিটো এটা অনুষ্ঠান আছিল
অসমীয়াৰ এটুকুৰা হীৰা আছিল
সম্পদ আছিল
এনেকুৱা আনতকৈ বেলেগ এজনক
কেনেকৈ বিদায় দিম কোৱা !