অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: বঙাইগাঁৱৰ প্ৰস্তাৱিত জুবিন গাৰ্গ ক্ষেত্ৰত শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন উদযাপন

Spread the love

বঙাইগাঁৱৰ প্ৰস্তাৱিত জুবিন গাৰ্গ ক্ষেত্ৰত শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন উদযাপন

প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনঃ এহেজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে ‘মায়াবিনী’ গীতটি

দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব প্ৰকল্পৰ কামঃ সাংসদ ফণীভূষণ চৌধুৰী

পৌৰসভাৰ দ্বাৰা ৱাৰ্কিং জ’ন এলেকাক ‘জুবিন গাৰ্গৰ উদ্যান’ হিচাপে নামাকৰণ

DD TIMED বঙাইগাঁও, ১৯ নৱেম্বৰঃ অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে মঙলবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো পালিত হ’ল শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন। বিভিন্ন অনুষ্ঠান, সংগঠন তথা জুবিন অনুৰাগীসকলে উদযাপন কৰিলে মৰমৰ শিল্পীগৰাকীৰ জন্মদিনটো।

এই উপলক্ষে বঙাইগাঁও চহৰৰ সমীপৱৰ্তী সন্যাসী পাহাৰত অৱস্থিত প্ৰস্তাৱিত জুবিন গাৰ্গ ক্ষেত্ৰতো দিনজোৰা কাৰ্য্যসূচীৰে হিয়াৰ আমঠু শিল্পীগৰাকীৰ জন্মদিনটো উদযাপন কৰা হয় ৷

জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত উদযাপন কৰা জন্মদিনৰ লগত সংগতি ৰাখি শিল্পীগৰাকীৰ ১৫ ফুট উচ্চতাৰ এটি প্রতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানো ৰূপায়ণ কৰা হয়।

কাৰ্যসূচী অনুসৰি পুৱা মাংগলিক পূজা অর্চনাৰ পিচত আধাৰশিলা স্থাপন কৰা হয়৷ আধাৰশিলা অনুষ্ঠানত উদ্বোধক হিচাপে অসম সৌৰভ বঁটাপ্ৰাপ্ত পাঠশালাৰ ভ্রাম্যমাণ থিয়েটাৰৰ প্রযোজক কৃষ্ণ ৰয়, ঢালিগাঁও পলাশগুৰীৰ বিশিষ্ট নাট্যশিল্পী দিলীপ চৌধুৰী, বঙাইগাঁৱৰ বিশিষ্টা গায়িকা তথা অনাতাঁৰ শিল্পী ৰীণা কলিতা, বিশিষ্টা অভিনেত্রী নর্মদা দাস আৰু বঙাইগাঁৱৰ বিশিষ্ট গায়ক পার্থ পাল উপস্থিত থাকি আধাৰশিলা কাৰ্যসূচীৰ উদ্বোধন কৰে৷

ইয়াৰ পিচতে শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি উপস্থিত সকলোৱে মৌন প্ৰাৰ্থনা জনায় ৷ এই অনুষ্ঠানৰ পিচতে ১০০০ শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ ‘মায়াবিনী’ শীর্ষক গীতটি পৰিবেশন কৰ হয় ৷

সেইদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে কেকো কটা হয় ৷ কৃষ্ণ ৰয়ে সাংসদ ফণীভূষণ চৌধুৰীৰ সৈতে কেক কটা পৰ্ব সম্পন্ন কৰে ৷ একেদৰে আমন্ত্রিত অতিথিৰ দ্বাৰা ৰোপণ কৰা হয় শিল্পীগৰাকীয়ে ভাল পোৱা নাহৰ গছৰ পুলি ৷

অনুষ্ঠানত আধাৰশিলা স্থাপনৰ উদ্বোধকসকলৰ লগতে বিধায়িকা দ্বীপ্তিময়ী চৌধুৰী আৰু জুবিন গাৰ্গ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বক্তব্য ৰাখে ৷

সভাপতি চৌধুৰীয়ে নিজৰ বক্তব্যত প্ৰকল্পটোৰ সকলো দিশক সামৰি লৈ উপস্থিত ৰাইজক অৱগত কৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ফণীভূষণ চৌধুৰীয়ে কয় যে আমি জুবিন গাৰ্গ ক্ষেত্ৰত যি পৰিকল্পনা কৰিছো তাৰে অংশ বিশেষ হিচাপে শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলো ৷

ইয়াৰ জৰিয়তে শুভ কামৰ শুভ আৰম্ভণি হ’ল আৰু ইয়াৰ পিচত যি দহ-পোন্ধৰ কোটি টকাৰ প্ৰকল্প প্ৰস্তুত কৰিছো সেইটো সম্পূৰ্ণ হ’বলৈ কিছু সময় লাগিব যদিও আমি অংশ অংশ হিচাপে কামখনি সম্পূৰ্ণ কৰি উলিয়াম৷ কিন্তু প্ৰথম পৰ্যায়ত আমি দুই তিনি মাহৰ ভিতৰতে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ কৰি উলিয়াম ৷ ইতিমধ্যে মডেলটো সম্পূৰ্ণ হৈছে যদিও প্ৰতিমূৰ্তিটো আমি ব্ৰঞ্জেৰে নিৰ্মাণ কৰা হ’ব ৷ আশা কৰিছো মাৰ্চৰ ভিতৰত প্ৰতিমূৰ্তিটো ইয়াত স্থাপন কৰিবলৈ সক্ষম হ’ম ৷

তাৰ পিচতে ইয়াৰ আনুসংগিক কামবিলাক অৰ্থাৎ বাটচ’ৰা, আণ্ডাৰ গ্ৰাউণ্ড চাউণ্ড চিষ্টেম, অডিটেৰিয়াম, এম পি থিয়েটাৰ আদি পৰৱতী পৰ্যাত আৰম্ভ কৰিম ৷ সমগ্ৰ প্ৰকল্পটোত দহৰ পৰা বাৰ কোটি টকা ব্যয় হ’ব বুলি কৈ দুবছৰৰ সময় নিৰ্ধাৰণ কৰা হৈছে ৷

এতিয়ালৈকে এই প্ৰকল্প নিৰ্মাণৰ সৈতে চৰকাৰক জৰিত কৰা নাই বুলি কৈ বঙাইগাঁওবাসী ৰাইজৰ সহযোগত কাম আৰম্ভ কৰা বুলিও কয় ৷ লগতে কয় যে জুবিন গাৰ্গ যিহেতু এগৰাকী প্ৰকৃতিপ্ৰেমী আছিল, সেয়ে প্ৰকল্পস্থলীত এখন অৰ্কিড উদ্যান গঢ়ি তোলা হ’ব আৰু ইতিমধ্যে কাম আৰম্ভ হৈছে ৷ সভাপতি গৰাকীয়ে লগতে কয় যে প্ৰতিমূৰ্তিটো স্থাপনৰ দিনা পাঁচ হাজাৰ শিল্পীৰ দ্বাৰা ‘মায়াবিনী’ গীতটি পৰিৱেশন কৰা হ’ব ৷ আনহাতে সম্পূৰ্ণ উদ্যানখন মুকলি কৰাৰ দিনা একেলগে দহ হাজাৰ শিল্পীৰ দ্বাৰা গীতটি পৰিৱেশ কৰা হ’ব ৷

তেওঁ উদ্যানখনৰ বাবে জিলা প্ৰশাসনে আঠ বিঘা ভূমি আৱণ্টন দিয়া বুলিও কয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু কেইবাগৰাকীও শিল্পীয়ে গীত পৰিৱেশন কৰে ৷ আনহাতে শিল্পী গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি বঙাইগাঁও পৌৰসভা কাৰ্য্যালয়েও বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷ অসমীয়াৰ প্ৰাণৰ শিল্পী তথা অসম সম্পদ জুবিন গাৰ্গৰ জন্মদিন উদযাপন লগত সংগতি ৰাখি বঙাইগাঁও পৌৰসভাই বিসৰ্জন ঘাট তথা ৱাকিং জ’ন এলেকাটো “জুবিন গাৰ্গ উদ্যান” নামেৰে নামাকৰণ কৰে ৷

এই উপলক্ষে ৱাৰ্কিং জ’নত আয়োজিত অনুষ্ঠানত পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপনৰে অনুষ্ঠানৰ আৰম্ভণি কৰে বঙাইগাঁও উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি গোপেশ্বৰ তালুকদাৰে ৷ ইয়াৰ পিচতে বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ চন্দ্ৰ দাসে ২০ বিঘা মাটি কালিৰে আৱৰা এলেকাটো ‘জুবিন গাৰ্গ উদ্যান’ হিচাপে নামাকৰণৰ কথা ঘোষণা কৰে আৰু বিধায়িকা দ্বীপ্তিময়ী চৌধুৰীয়ে আনুষ্ঠানিকভাবে নামফলকখন উন্মোচন কৰে৷ নামফলক উন্মোচন কাৰ্যত পৌৰসভাৰ সভাপতিয়ে সহযোগিতা কৰে ৷

অনুষ্ঠানত পৌৰসভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বৈষ্ণৱ আৰু বঙাইগাঁও উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি গোপেশ্বৰ তালুকদাৰে শিল্পী জুবিন গাৰ্গৰ জীৱনৰ ওপৰত বক্তব্য ৰখাৰ লগতে পৌৰসভাৰ এই পদক্ষেপক আদৰণী জনায়৷ শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি উপস্থিত অতিথি তথা বিশিষ্ট ব্যক্তিসকলে নাহৰ গছৰ পুলিও ৰোপণ কৰে ৷

অনুষ্ঠানত পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰশান্তি ভট্টাচাৰ্য, উপ পৌৰপতি শৈলেন সৰকাৰ, পৌৰসভা এলেকাৰ আয়ুক্তসকল, সদৌ কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি বিশ্বজিৎ ৰায়, কেএচিৰ কাৰ্যবাহী পাৰিষদ পূৰবী সৰকাৰ, বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি নন্দলাল বৰ্মন, শিল্পী দীপক দাস, বঙাইগাঁও জিলা বিশ্ব হিন্দু পৰিষদৰ সম্পাদক মনোৰম বনিক্য, জ্যেষ্ঠ নাগৰিক হাৰানিধি চক্ৰৱৰ্তীৰ লগতে পৌৰসভাৰ কৰ্মচাৰীসকল আৰু আত্ম সহায়ক গোটৰ সদস্যাসকল উপস্থিত থাকে ৷

অনুষ্ঠানৰ শেষত উপস্থিত সকলোৱে ‘মায়াবিনী’ গীতটি পৰিৱেশন কৰে৷ ইপিনে বঙাইগাঁও বি এড কলেজৰ আভ্যন্তৰীন মান নিৰ্ণায়ক কোষৰ উদ্যোগতো দুদিনীয়াকৈ শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!