ZUBEEN GARG: প্ৰায় ৮ বিঘা ভূমিত জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ’ব নগৰীয়া বন উদ্যানঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে নলবাৰীবাসীৰ পদক্ষেপ
প্ৰায় ৮ বিঘা ভূমিত জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ’ব নগৰীয়া বন উদ্যানঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
নগৰীয়া বন উদ্যানত নিৰ্মাণ কৰা হ’ব জুবিন গাৰ্গৰ পূৰ্ণ অৱয়বৰ এটা প্ৰতিমূৰ্তি
DD TIMES নলবাৰী, ২৬ ছেপ্টেম্বৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ নলবাৰীবাসীয়ে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ৷ আজি সাংবাদিকৰ আগত এই পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই৷ সংবাদমাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ কেইবাটাও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছো।

ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে নলবাৰীবাসীয়েও প্ৰিয় জুবিনৰ স্মৃতি চিৰযুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
উল্লেখ্য যে নলবাৰী চহৰৰ মাজত প্ৰায় ৮ বিঘা ভূমিত জুবিন গাৰ্গৰ নামত স্থাপন কৰা হ’ব এক নগৰীয়া বন উদ্যান। এই উদ্যানখনৰ নামকৰণ কৰা হ’ব “জুবিন গাৰ্গ নগৰীয়া বন উদ্যান” নামেৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিটো নগৰীয় বন উদ্যান স্থাপনৰ কথা ঘোষণা কৰিছিল, তাকেই জুবিন গাৰ্গৰ নামত নামাংকিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সাংবাদিকৰ আগত সদৰি কৰে। উদ্যানখনত শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “প্ৰকৃতি প্ৰেমী জুবিনৰ স্মৃতি উদ্যানখনত প্ৰতিফলিত হ’ব।”

সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমি নলবাৰীৰ শিল্পী সমাজ বা নলবাৰীৰ জুবিন গাৰ্গৰ যিখিনি অনুৰাগী বা জুবিন গাৰ্গৰ লগত বিভিন্ন সময়ত একেলগে কাম কৰা যিসকল লোক আছিল, তেওঁলোকৰ লগত আমি আলোচনা কৰো৷ আমি নলবাৰীবাসীয়ে আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক কিধৰণে শ্ৰদ্ধাঞ্জলি জনাম, এই বিষয়ে আমি আলোচনা কৰো৷
শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে বা আমাৰ নলবাৰীবাসীৰ হৃদয়ত জুবিন গাৰ্গ যিধৰণে আছে তাক প্ৰতিফলিত কৰাৰ ব্যৱস্থা কৰা আদিৰ বিষয়ে আমি আলোচনা কৰো৷ সকলোৰে সহমতত নলবাৰী চহৰত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী চহৰৰ পুৰণি যিটো আই বি আছিল, সেই আই বিটোত আৰবান ফৰেষ্ট বা নগৰীয়া বন উদ্যান এখন স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল৷
প্ৰায় ৮ বিঘা ভূমিত এই উদ্যানখন স্থাপন কৰা হ’ব৷ এই বন উদ্যানখন শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ নামত নামকৰণ কৰাৰ লগতে তাত তেওঁৰ এটা পূৰ্ণ অৱয়বৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আৰু কয় যে জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমী লোক আছিল সেয়ে নলবাৰী চহৰৰ ৮ বিঘা মাটিত তেওঁৰ স্মৃতিত এই উদ্যানখন ‘জুবিন গাৰ্গ নগৰীয়া বন উদ্যান’ নামেৰে নামাকৰণ কৰা হ’ব৷ এই উদ্যানখনৰ প্ৰাকৃতিক পৰিৱেশত মৰমৰ শিল্পীগৰকীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব পৰাটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা৷ আৰু আমি ভাবো যে তেওঁৰ প্ৰতি এয়া এটা প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ’ব৷
আনহাতে, নলবাৰীৰ পূৰ্বাভাৰতীৰ উদ্যোগত স্থাপন কৰা হ’ব ‘জুবিন গাৰ্গৰ গীতৰ সংগ্ৰাহালয়’৷ জুবিন গাৰ্গৰ সৃষ্টিৰ সংৰক্ষণই ইয়াৰ প্ৰধান দিশ। নলবাৰীৰ পূৰ্বাভাৰতী অনুষ্ঠানৰ উদ্যোগত গঢ়ি তোলা হ’ব “জুবিন গাৰ্গৰ গীতৰ সংগ্ৰাহালয়”। এই সংগ্ৰাহালয়টোত জুবিন গাৰ্গৰ প্ৰায় ৩৮ হাজাৰ গীত সংৰক্ষিত থাকিব।
মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অহা অক্টোবৰ মাহৰ ১৯ তাৰিখে নলবাৰীত এক বৃহৎ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। অনুষ্ঠানটো ‘জুবিন গাৰ্গ নগৰীয়া বন উদ্যান’তেই আয়োজন কৰা হ’ব। চিতাভষ্ম নলবাৰী আহি পোৱাৰ লগে লগে সুন্দৰভাৱে চিতাভষ্ম সংৰক্ষণ কৰি ১৯ অক্টোবৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি জনসাধাৰণক অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব। তাৰ পিছত এক শোভাযাত্ৰাৰ জৰিয়তে পাগলাদিয়া নৈত চিতাভষ্ম বিসৰ্জন দিয়া হ’ব।
জুবিন গাৰ্গ অকল শিল্পীয়েই নহয়, তেওঁ হৈছে অসমবাসীৰ হৃদয়ৰ অনন্ত সুৰ। প্ৰতিমূৰ্তি, সংগ্ৰাহালয়, বন উদ্যান আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান—এই সকলো পদক্ষেপেৰে গায়কজনৰ স্মৃতি চিৰযুগমীয়া হৈ থাকিব। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মতে, “এয়া কেৱল নলবাৰীৰ উদ্যোগ নহয়, জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আগলৈ লৈ যোৱাৰ এক প্ৰয়াস।”
নলবাৰীত গঢ়ি উঠা এই বিশেষ পদক্ষেপসমূহ কেৱল স্মৃতিচিহ্ন নহয়, ই ভৱিষ্যৎ প্ৰজন্মলৈ জুবিন গাৰ্গৰ সুৰ-সংগীত আৰু শিল্পচেতনাক বুজি পোৱাৰ ঐতিহাসিক অধ্যায় হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷