ZUBEEN GARG: প্ৰাণৰ শিল্পীৰ মৃত্যুত শোকদগ্ধ ৰাজ্যবাসী
স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল গুৱাহাটী মহানগৰীৰ দোকান-পোহাৰ, বিদ্যালয়
লতাশিল খেলপথাৰত অজস্ৰজনে সুঁৱৰিলে শিল্পী জুবিন গাৰ্গক
গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসীক। প্ৰাণৰ শিল্পীগৰাকী আৰু নাই। জুবিনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ৰাজ্য।

আজি জুবিনবিহীন অসমৰ প্ৰথমটো দিন । সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা বৈছে । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও স্বতঃস্ফূৰ্তভাৱে স্তব্ধ হৈ পৰিছে । অনুৰাগীয়ে ঠায়ে ঠায়ে জুবিনৰ ফটোত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে ।
বিভিন্ন ঠাইত অনুৰাগীসকলে ওলাই আহি সমদল কৰে। ইপিনে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা শুকুৰবাৰে সন্ধিয়াৰ পৰা আবাল-বৃদ্ধ-বণিতা লতাশিল খেলপথাৰলৈ ওলাই আহি হিয়াৰ আমঠু জুবিনলৈ পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনাই অনুৰাগীসকল উচুপি উঠিছে।

কোনেও মানি ল’ব পৰা নাই মৰমৰ শিল্পীগৰাকী যে আমাৰ মাজত নাই। ইফালে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে অনুৰাগীয়ে। আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, “খবৰটো আমি যেতিয়া শুনিছিলোঁ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ খবৰটো যাতে মিছা হওক। অৱশেষত অসহনীয় খবৰটো আহিল। মানি ল’ব নোৱৰা এটা বাতৰি।
জুবিন গাৰ্গ আমাৰ মাজত নাই, কেনেকে মানি ল’ব। জুবিন নাই ভাবিবয়ে নোৱাৰিব। সন্ধিয়া লতাশিলত সকলোৱে লগ হ’লোঁ।”তেওঁ লগতে কয়, “জুবিনৰ গান শুনিবলৈ নহয়, ফুলপাহ দিবলৈ একত্ৰিত হৈছোঁ। কিমান মৰ্মান্তিক ঘটনা। সন্ধিয়াৰ পৰা ৰাতিপুৱালৈ ৰাইজ আহি আছে।
আজি পুৱাৰে পৰা ৰাইজৰ লানি নিছিগা সোঁত বৈছে। সহ্য কৰিব নোৱৰা কথা। সোণালী কণ্ঠ আৰু সম্পদ হেৰুৱালোঁ।”জুবিনৰ অৱদানৰ প্ৰসংগ উল্লেখ কৰি আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয়, “শংকৰ-মাধৱ গুৰু দুজনাৰ আদৰ্শৰে সমাজ পৰিচালিত হৈ আছে।
এই গুৰু দুজনাৰ পিছত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ভূপেন হাজৰিকাৰ অৱদান উল্লেখযোগ্য । ভূপেনদাৰ পিছত নতুন প্ৰজন্মক মাটিৰ গোন্ধ থকা, শিপাৰ লগত সংযুক্ত সংস্কৃতিৰ পথাৰত আগবাঢ়ি যোৱাৰ পৰিৱেশ দিছিল জুবিন গাৰ্গে ।
নতুন প্ৰজন্মৰক অসমীয়া গীত-মাতেৰে আগুৱাই নিয়াৰ নেতৃত্ব লৈছিল জুবিন গাৰ্গে । সেই জুবিন আমাৰ মাজৰ পৰা নোহোৱা হৈ গ’ল । ক’বলৈ ভাষা নাই । হিয়া ভাগি যোৱা কথা । জুবিনক ফুল দি শ্ৰদ্ধাঞ্জলি জনাব লাগিব, এইটো ভাবিব নোৱৰা কথা ।”