ZUBEEN GARG: প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰিলে পদযাত্ৰা
বঙাইগাঁৱত কংগ্ৰেছৰ ‘ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক’ শীৰ্ষক এক পদযাত্ৰা
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰিলে পদযাত্ৰা
মুখ্যমন্ত্ৰীয়ে প্ৰয়াত জুবিন গাৰ্গৰ তদন্তকলৈ যিবোৰ পাতল কথা কৈ আছে তাকলৈ ৰাইজ যথেষ্ট অসন্তুষ্টঃ গৌৰৱ গগৈ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী দুয়োজনে অসমৰ জনসাধাৰণৰ অধিকাৰৰ সংৰক্ষণৰ ক্ষেত্ৰত একেখন মঞ্চত একে ঠাইত আছোঁ
আমি কংগ্ৰেছ দলৰ ভিতৰতে থাকক বা বিজেপি দলৰ ভিতৰত থাকক অসমৰ প্ৰত্যেক গৰাকী আইক সন্মান কৰো

DD TIMES বঙাইগাঁও, ৯ অক্টোবৰঃ ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছ দলে আৰম্ভ কৰা সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰে বঙাইগাঁৱতো দলটোৱে ‘ভোট চুৰি বন্ধ কৰক, গণতন্ত্ৰ ৰক্ষা কৰক ‘ শীৰ্ষক এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে৷
বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত তথা সেৱাদলৰ সহযোগত ৰূপায়িত সেৱাদলৰ এই পদযাত্ৰা কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোক সভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে অংশ গ্ৰহণ কৰে৷

বঙাইগাঁও চহৰৰ ৱাৰ্কিং জ’ন (বিসৰ্জন ঘাট)ৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিচতে গ্ৰহণ কৰে সেৱাদলৰ অভিবাদন৷ আনহাতে পদযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পূৰ্বে উক্ত স্থানতে সংবাদ মাধ্যমৰ আগত তেঁও কয় যে আজিৰ তাৰিখত অসমৰ জনসাধাৰণ ক্ষোভত আছে ৷

যিদৰে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰয়াত জুবিন গাৰ্গৰ তদন্তকলৈ যিবোৰ পাতল কথা কৈ আছে তাকলৈ ৰাইজ যথেষ্ট অসন্তুষ্ট ৷ যাৰ ফলত ৰাইজে নিজৰ ক্ষোভ আগন্তুক বিধান সভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰৰ যোগেদি প্ৰকাশ কৰিব ৷ সেই কাৰণে বিজেপি দলৰ ওচৰত একমাত্ৰ এটায়ে অস্ত্ৰ যে ৰাইজৰ পৰা তেঁওৰ ভোট দানৰ অধিকাৰটো কাঢ়িলৈ যোৱাটো ৷
যাৰ বাবে ৰাহুল গান্ধীয়ে আমাক সকলোকে সতৰ্ক হ’বলৈ কৈছে আৰু প্ৰত্যেক গৰাকী অসমৰ বাসিন্দাই যাতে আগন্তুক দিনত নিজৰ ভোটদান কৰিব পাৰে তাৰ বাবে আমাৰ দলৰ ওপৰত এটা গধুৰ দায়িত্ব আৰু ভোট চুৰি যাতে নহয় তাৰবাবে পৰৱৰ্তী দিনত আমাৰ কংগ্ৰেছৰ সেৱাদলে প্ৰতিটো অঞ্চলত, প্ৰতিটো বুথত পহৰা দিব যিদৰে ইতিহাসত তেওঁলোকৰ ওপৰত এটা গধুৰ দায়িত্ব পৰিছিল৷

এইবাৰ আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণৰ মূল্যবান ভোট দিয়াৰ অধিকাৰ সুৰক্ষা দিয়াৰ মূল দায়িত্ব অসম কংগ্ৰেছৰ সেৱাদলে ল’ব৷ সেয়ে আমি বঙাইগাঁও অঞ্চলত সেৱাদলৰ যোগেদি মানুহৰ মাজত যাতে সজাগতা সৃষ্টি হয় আৰু এইখন চৰকাৰৰ বিৰুদ্ধে নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ যে তেওঁলোকৰ ভোটটো কিমান মূল্যবান তাৰ বাবে আমি এই পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছো৷
ইপিনে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াকলৈ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলে ৰাজনীতি কৰি থকা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীৰ কথাবোৰ সকলোৱে শুনিছে আৰু সকলোৱে অনুভৱ কৰিছে কিমান পাতল কথা ৷

দুখ লাগে যে এজন ব্যক্তি যিগৰাকী অসমৰ মুখ্যমন্ত্ৰী হৈ এটা সাংবিধানিক পদত বহি আছে তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ওপৰত যি গুৰুত্ব দিব লাগিছিল গুৰুত্ব দিয়াতকৈ তেওঁ এজন আইটি চেলৰ ট্ৰোলৰ দৰে প্ৰতিদিন প্ৰতি ঘণ্টাই কথাবোৰ কৈ মানুহৰ মাজত বিসংগতি তথা মানুহৰ মাজত তেওঁলোকে আজি বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে ৷ সেই কাৰণে আমাৰ দাবী স্পষ্ট যে আমাক ন্যায় লাগে ৷
অসমেও বিচাৰিছে ন্যায় ৷ লগতে অসম আৰক্ষীৰ যিসকলে অভিযুক্তসকলৰ ওপৰত হত্যা, অপৰাধমূলক হত্যা আদিৰ দৰে অতি গুৰুতৰ আৰোপ লগাইছে গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবীত বা তেওঁৰ দায়িত্ব এইবোৰ যে গুৰুতৰ আৰোপ অভিযুক্তৰ ওপৰত লগাইছে তাৰ বাবে উপযুক্ত তদন্ত হৈছে নে নাই, তাৰ বাবে উপযুক্ত তথ্য, প্ৰমাণ পাইছে নে নাই ? কাৰণ পিছত গৈ আদালতত এইখিনিৰ প্ৰমাণ দিব লাগিব৷ আদালতত মুখ্যমন্ত্ৰীয়ে কৈ যোৱা কথাৰ কোনো মূল্য নাই৷

আদালতত এটাই মূল্য থাকিব যে অসম আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে নে নাই কৰা৷ যদি তদন্ত নকৰে তেতিয়া আদালতে গোটেই গোচৰটো নাকচ কৰিব৷ সেই কাৰণে আমাৰ অনুৰোধ থাকিল যে অসম আৰক্ষীৰ ওপৰত নেতৃত্ব লোৱা গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযুক্তৰ ওপৰত যিবোৰ আৰোপ লগাইছে সেই আৰোপ প্ৰমাণ কৰিবলৈ উচিত তদন্ত কৰক৷
আনহাতে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সভাপতি গৌৰৱ গগৈলৈ লিখা পত্ৰ ভাইৰেল হোৱা সন্দৰ্ভত সোধাত তেওঁ কয় যে ভোট চুৰিকলৈ যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তাত প্ৰদেশ মহিলা কংগ্ৰেছ আমাৰ লগত ঠিয় হৈ আছে ৷ সেইটোৱে, ইয়াতকৈ আৰু ডাঙৰ বাৰ্তা দিবলৈ বিচৰা নাই ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী দুয়োজনে অসমৰ জনসাধাৰণৰ অধিকাৰৰ সংৰক্ষণৰ ক্ষেত্ৰত একেখন মঞ্চত একে ঠাইত আছো৷ ইয়াতকৈ আৰু ডাঙৰ বাৰ্তা দিয়াটো উচিত বুলি মই নেভাবো ৷ সেইদৰে কংগ্ৰেছৰ কৰ্মীসকলে মাকৰ পেটৰ পৰা নহয়, মেচিনৰ পৰা জন্ম হৈছে নেকি বুলি মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনা সন্দৰ্ভত সভাপতি গগৈয়ে কয় যে এইবোৰ কথা তেওঁক সোধা উচিত ৷
এইবোৰ কথাৰ ওপৰত প্ৰতিক্ৰিয়া দি মই এইধৰণৰ কথাৰ মূল্য বৃদ্ধি কৰিবলৈ বিচৰা নাই ৷ আমি কিন্তু অসমৰ প্ৰত্যেক গৰাকী আইক কংগ্ৰেছ দলৰ ভিতৰতে থাকক বা বিজেপি দলৰ ভিতৰত থাকক প্ৰতিগৰাকী অসমীয়া আইক সন্মান কৰো ৷ উল্লেখ্য যে ইয়াৰ পিচতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পদযাত্ৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক প্ৰদীপ সৰকাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, প্ৰাক্তন সাংসদ আব্দুল খালেক, বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱা, বিধায়ক আব্দুল বাতেন খণ্ডকাৰ, বিধাষক এ কে ৰছিদ, অসম প্ৰদেশ সেৱা দলৰ সভাপতি দ্বীপ বায়ন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা বঙাইগাঁও জিলাৰ তত্বাৱধায়ক শান্তনু শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বঙাইগাঁও জিলাৰ তত্বাৱধায়ক দীব্যজ্যোতি হালৈ আদিৰ লগতে কেবাগৰাকীও বিষয়ববীয়া, প্ৰাক্তন বিধায়ক, জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱাদলৰ বিষয়ববীয়া তথা কৰ্মীয়ে অংশগ্ৰহণ কৰা পদযাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰি বঙাইগাঁও বিশ্ববিদ্যালয় পথেৰে আহি চহৰখনৰ মূল পথত উপস্থিত হয় আৰু চহৰৰ মাজেৰে পদযাত্ৰা কৰি বৰপাৰা ৰাজহুৱা খেল পথাৰত উপস্থিত হয় ৷
পদযাত্ৰাৰ গোটেই পথ চোৱাতে মাইকত বাজি থাকে কেৱল জুবিন গাৰ্গৰ কালজয়ী – মায়াবিনী গীতটি ৷ বৰপাৰা ৰাজহুৱা খেল পথাৰত উপস্থিত হোৱাৰ পিচতে জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱাই আঁত ধৰা সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে নিজৰ চমু বক্তব্যত কয় যে এই যাত্ৰা সফল হোৱাৰ কাৰণ হৈছে সকলোৱে ইয়াত কষ্ট কৰিছে ৷
আপোনালোকৰ মাজৰ প্ৰত্যেক গৰাকী ব্যক্তি ৰ’দত ঘামি-ভাগৰি খোজ কাঢ়িছে ৷ পুৱা ঘৰৰ পৰা ওলাই আহিছে ৷ প্ৰত্যেক গৰাকী ব্যক্তিয়ে যি সময়ত কৈছে যে আৰু মই খোজ কাঢ়িব নোৱাৰো এই সময়ত আপোনালোকে দলৰ স্বাৰ্থৰ বাবে এখোজ যে আগুৱাই দিলে তাৰ বাবে এই যাত্ৰাটো সফল হৈছে আৰু এয়া হ’ব আগন্তুক দিনত কংগ্ৰেছৰ বিজয়ৰ মূল মন্ত্ৰ৷
যদি সকলোৱে কষ্ট কৰিবলৈ প্ৰস্তুত থাকে তেতিয়াহলে নিশ্চয় আগন্তুক দিনত আমি ৰাইজৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিম, ৰাইজৰ দাবী আমি প্ৰকাশ কৰিব পাৰিম আৰু ৰাইজৰ সপোন সম্পূৰ্ণ কৰিবলৈ আমি চৰকাৰ গঠন কৰিব পাৰিম ৷ গতিকে আজিৰ কষ্টতো সামৰি নথব, আজি যি গতি লৈছে আগন্তুক দিনতো ধৰি ৰাখিব৷
তেওঁ আৰু কয় যে আমাৰ সকলোৰে এটাই উদ্দেশ্য পৰৱৰ্তী দিনত অসমত প্ৰত্যেক গৰাকী নাগৰিকে যাতে নিজৰ ভোটৰ যোগেদি এইখন চৰকাৰৰ প্ৰতি নিজৰ ক্ষোভ প্ৰকাশ কৰিব পাৰে এই পৰিস্থিতি গঢ়ি তুলিবৰ বাবে সেবা দলে এই বিশেষ দায়িত্ব লৈছে ৷ নহ’লে কাইলৈ গৈ যদি বিজেপি চৰকাৰে ভোট চুৰি কৰে আমাৰ যিমানে ক্ষোভ থাকক বা নাথাকক আমি যদি নিজৰ ভোটটো দিব নোৱাৰিলো তেতিয়াহলে আমি আমাৰ মতামতটো প্ৰকাশ কৰিব নোৱাৰিম, নিজৰ ইচ্ছামতে ভৱিষ্য আমি নাপাম ৷
সেই কাৰণে যদি আমাক পৰিৱৰ্তন লাগে, যদি এইখন চৰকাৰৰ অহংকাৰৰ পৰা আমাক পৰিত্ৰাণ লাগে তেতিয়াহলে আগন্তুক দিনত নিজৰ ভোটটো দিব আৰু সকলো অসমৰ ৰাইজৰ ভোটদানৰ অধিকাৰ কংগ্ৰেছ দলে সংৰক্ষণ কৰিব, সেৱা দলে সংৰক্ষণ কৰিব ৷ যিদৰে স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সেবা দলে এটা ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিছে, আগন্তুক দিনটো গাঁৱে-গাঁৱে, চুবুৰীয়ে-চুবুৰীয়ে, চুকে-চুকে মানুহৰ ভোট দিয়াৰ অধিকাৰ সংৰক্ষণ কৰিব৷
আনহাতে সভাত নিজৰ বক্তব্যত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰে উপস্থিত কংগ্ৰেছ কৰ্মীসকলক উদ্দেশ্যি কয় যে নিৰ্বাচনলৈ আৰু বেছিদিন নাই৷ পাঁচ-ছয় মাহমান পিচতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেয়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰি যাব লাগিব৷ আজি চাৰিওফালে ভোট চুৰি৷ কেইবাখনো ৰাজ্যত হৈ যোৱা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ভোটৰ সমীক্ষাই কৈছিল, ৰাইজে কৈছিল৷ কিন্তু চৰকাৰ নহল৷
ইয়াৰ পিচতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তথ্যসহ উলিয়াই দিলে যে ভোট চুৰি কৰি বিজেপিয়ে কেনেকৈ চৰকাৰ গঠন কৰে৷ গতিকে অসমত যাতে ভোট চুৰি নহয় তাৰ বাবে আমি সকলোৱে সজাগ হ’ব লাগিব বুলিও কয়৷ উল্লেখ্য যে পদযাত্ৰা কাৰ্যসূচীত বৃহৎ সংখ্যক কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷


Nice