ZUBEEN GARG: প্ৰতিটো গানত তুমি উভটি আহিবা
প্ৰতিটো গানত তুমি উভটি আহিবা
(জুবিনদাৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত।)
DD TIMESৰ আজিৰ কবি দৰ্শনা দাস

তুমিতো ডাৱৰ ভাঙি বৰষুণ নমাব পাৰা,
কিম্বা ৰ’দ-বৰষুণৰ ৰামধেনু!
এলেন্ধুৱা আকাশত তৰা বাছিব পাৰা,
বোৱাব পাৰা অনুৰাগীৰ ওঁঠৰ হাঁহিত সেউজীয়া ৰ’দ।
তোমাৰ ৰৌদ্ৰোজ্জ্বল অনুসন্ধিৎসাক
আমি জানো বুজিব পাৰোঁ,
তুমিতো নদীৰ পৰা সাগৰলৈও যাব পাৰা,
(তুমিয়েতো কৈছিলা)
যেনেকৈ গানৰ পৰা তেজ।
আলি ঢাকি বুকুত কঁহুৱা ফুলাব পাৰা,
আৰু যে কত কোমলগন্ধা শৰতৰ বেলিমাৰ ৰ’দ।
প্ৰতিটো গানত তুমি উভতি আহিবা,
মৰহা শৰৎৰ বিষণ্ণ বাতৰিলৈ!
তুমি থাকিবা
বুকুৱে-বুকুৱে তেজৰ নদীৰ
ইপাৰে-সিপাৰে ৰৈ-ৰৈ!
তুমি আহিবা,
তুমি নহাৰ কথাই নাহে!
য’তেই বাজিব তোমাৰ গান
প্ৰতিটো সুখত, প্ৰতিটো দুখত
প্ৰতিবাৰে, প্ৰতি ক্ষণেই তুমি উভটি আহিবা।

