ZUBEEN GARG: পূৱ শালমৰাত বিশ্ব শান্তিৰ উদ্দেশ্যে মহিলাৰ উদ্যোগত ভাগৱত পাঠ
জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তৰ শাস্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনাঃ পূৱ শালমৰাত বিশ্ব শান্তিৰ উদ্দেশ্যে মহিলাৰ উদ্যোগত ভাগৱত পাঠঃ ভাগৱত শোভাযাত্ৰাৰে মুখৰ বৃহত্তৰ অঞ্চল
DD TIMES নগাঁও, ৩ অক্টোবৰঃ জনতাৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ আজি ১৪ দিন অতিক্ৰম কৰিলে।কিন্তু আজিও সমগ্ৰ ৰাজ্যবাসী প্ৰিয় শিল্পীজনৰ মৃত্যুত মৰ্মাহত।প্ৰাণৰ শিল্পীজনৰ অস্বাভাৱিক মৃত্যুৰ লগত জড়িত জাতীয় খলনায়কৰ অভিধা লাভ কৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক উপযুক্ত শাস্তি প্ৰদান কৰাটো বিচাৰিছে জুবিনদাৰ অনুৰাগীসকলে।

সেয়ে কৰবাত যদি দিহানামৰে শ্যামকানু মহন্তক কটাক্ষ কৰিছে কৰবাত আকৌ ভাগৱত পাঠত ভক্তপ্ৰাণ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাৰ লগতে তেওঁৰ মৃত্যুত জড়িত সকলৰ উপযুক্ত শাস্তি বিচাৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
উল্লেখযোগ্য যে আজি নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূৱ শালমৰাত অনুষ্ঠিত ভাগৱত পাঠতো প্ৰিয় শিল্পীজনৰ মৃত্যুৰ ন্যায় বিচাৰি ভক্তপ্ৰাণ ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।বিশ্ব শান্তিৰ উদ্দেশ্যে কালিৰে পৰা পূৱ শালমৰা আইমাতৃ সকলৰ উদ্যোগত ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

আজি সন্ধিয়া ধৰ্ম ধ্বজা অৱতৰণৰে ভাগৱত পাঠৰ সামৰণি পৰে। উল্লেখ্য যে কালি পুৱা উষা কীৰ্তন পিছত ধৰ্ম ধ্বজা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সুৰেশ ডেকাই। ইয়াৰ পিচতে নামঘৰ প্ৰাংগণত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপন কৰে ধনীৰাম ডেকাই। তাৰ পিচতে নাম প্ৰসংগ অনুষ্ঠিত হয়।নামাচাৰ্য মোহন সিংহ ৰাজা পৰিচালনাত বিয়লি কালি ১ বজাৰ পৰা অবিৰত হোৱা ভাগৱত পাঠৰ আজি পুৱা ১০ বজাত সামৰণি পৰে।
তাৰ পিছত সমাজকৰ্মী ললিত চন্দ্ৰ ডেকাৰ পৰিচালনাত ভাগৱত শোভাযাত্ৰা হয়। অসমৰ শংকৰী সংস্কৃতিৰ বিভিন্ন সমলৰে সমৃদ্ধ শোভাযাত্ৰাই পথচাৰীক আকৰ্ষণ কৰে। দুপৰীয়া নাম প্ৰসংগ হয়।ইপিনে আজি নামঘৰৰ প্ৰাংগণত জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত ভাষন প্ৰদান কৰি লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে জুবিন গাৰ্গ অসমৰ ৰাইজৰ আবেগৰ লগতে ৰাইজৰ হিয়াৰ আমঠুস্বৰূপ আছিল।তেওঁ জাতীয় সত্বা আছিল। নিৰ্ভিকভাৱে তেওঁ কৈছিল মোৰ জাতি নাই,ধৰ্ম নাই।
অন্যহাতেদি অনুষ্ঠানত ৮০ৰ উৰ্ধৰ কেশৱ ৰাজাই অনুষ্ঠানত জুবিন গাৰ্গৰ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন সত্বা সম্পৰ্কেও বাখ্যা কৰে।অনুষ্ঠানৰ শেষত সভানেত্ৰী সুৰুজা ডেকা আৰু সম্পাদিকা অজন্তা ডেকাই সকলোকে শলাগ জনায়।

