ZUBEEN GARG: নগাঁৱৰ ক্লক টাৱাৰক ‘জুবিন টাৱাৰ’ হিচাপে নামকৰণৰ আহ্বান
নগাঁৱৰ ক্লক টাৱাৰক ‘জুবিন টাৱাৰ’ হিচাপে নামকৰণৰ আহ্বান
DD TIMES নগাঁও, ২৫ ছেপ্টেম্বৰঃ নগাঁও চহৰস্থিত নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ ক্লক টাৱাৰটো ‘নগাঁও নাগৰিক সভা’ই “জুবিন টাৱাৰ” নামকৰণেৰে অভিহিত কৰিবলৈ আহ্বান জনাইছে ৰাইজলৈ।

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ প্ৰথম পদক্ষেপ হিচাপে ক্লক টাৱাৰটো “জুবিন টাৱাৰ” হিচাপে নামকৰণ কৰি কয় যে অনাগত দিনত জুবিন গাৰ্গৰ চিংগাপুৰৰ মাটিত হোৱা এই অস্বাভাৱিক মৃত্যুৰ ন্যায় নোপোৱা পৰ্যন্ত নগাঁও নাগৰিক সভাই এই “জুবিন টাৱাৰ”ৰ সমীপতে ন্যায়ৰ দাবীত সকলো কাৰ্যসূচী চলাই নিব।
উল্লেখযোগ্য যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কেইবাবছৰো মাথোন ডনিয়াৰ, অসম চৰকাৰ, ভাৰত চৰকাৰৰ পৰা ধন সৰকোৱাৰ নামত কৰি অহা এই চৰম ভণ্ডামিৰ বিৰুদ্ধে শ্যামকানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, চিংগাপুৰৰ অসম এছ’ছিয়েচনৰ বিৰুদ্ধে সমগ্ৰ অসমতে ব্যাপক প্ৰতিবাদৰ জোৱাৰ উঠাৰ লগতে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে জুবিন গাৰ্গৰ মৃত্যুৰ মূল খলনায়ক বুলি অভিহিত লগতে বিভিন্ন ঠাইৰ পৰা গোচৰো তৰা হৈছে।

নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজপথত জুবিন গাৰ্গৰ সন্দেহযুক্ত হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰতিবাদী সমদল উলিয়াব নোৱাৰিব বুলি কোৱা ভাষ্যৰ তীব্ৰ বিৰোধিতা কৰি কয় যে যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযুক্ত শ্যামকানু শ্যামকানু মহন্তৰ লগতে আন আন অভিযুক্ত সকলক কৰায়ত্ব কৰিব লাগিছিল, সেই সময়ত ওলোটাই ন্যায়ৰ দাবী কৰা যুৱপ্ৰজন্মক ব্যতিব্যস্ত কৰা আৰু ভয়-ভীতি প্ৰদৰ্শন কৰাতো প্ৰকৃতাৰ্থত গণশিল্পীজনক কৰা ভেঙুচালিহে।