MISCELLANEOUS

ZUBEEN GARG: দক্ষিণপাটত দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীতে-মাতে সোঁৱৰিলে অমৃত শিল্পীগৰাকীক

Spread the love

দক্ষিণপাটত দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গীতে-মাতে সোঁৱৰিলে অমৃত শিল্পীগৰাকীক

DD TIMES নগাঁও, ২০ অক্টোবৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ কালি মাহেকীয়া তিথিৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত দক্ষিণপাট চাৰিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

সমগ্ৰ অঞ্চলৰ ৰাইজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্রতিনিধিৰ সহযোগত এক শোকাকুল তথা আধ্যাত্মিক পৰিবেশত বন্তি প্রজ্বলন কৰে ক্ৰমে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্রতাপ সিং, জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক পূর্ণ কান্ত নাথ আৰু দক্ষিণ পশ্চিম নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সভাপতি কল্পজ্যোতি বৰাই।

পুষ্পাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে কৃতী শিক্ষক বঁটা প্রাপক লৱ কান্ত শর্মা, প্রাক্তন ছাত্র নেতা দেৱাংগ ভুষণ দাসে।

শ্রদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ সন্থাৰ সম্পাদক মৃদুল বৰুৱা, সাংগঠনিক সম্পাদক তন্ময় ডেকা, প্রাক্তন ছাত্র নেতা ক্রমে ক্ষিতিশ দাস, বিদ্যাসাগৰ কাকতি, নিতুমনি ৰাজখোৱা, ৰিজু শৰ্মা, তোলেন্দ্ৰ পাটৰ, গনেশ দাস আদিয়ে অংশ গ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

শ্রদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বক্তব্য আগবঢ়াই উপস্থিত বিশিষ্ট ব্যক্তিসকল সমন্বিতে লৱ কান্ত শৰ্মা আৰু পূৰ্ণ কান্ত নাথে জুবিন গাৰ্গৰ জীৱন আৰু বিৰল সাংস্কৃতিক কৰ্মৰাজিৰ আলোকপাত কৰাৰ লগতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰে।

অনুষ্ঠানত অমৰ শিল্পীগৰাকীৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই তেখেতৰ অমৰ গীত পৰিবেশন কৰে কণ্ঠ শিল্পী – প্ৰণামিকা গোস্বামী, নিশিতা হাজৰিকা, অপূর্ব কাকতি, পল্লৱী ভড়ালীয়ে।

অনুষ্ঠানত উপস্থিত আটায়ে সমস্বৰে জয় জুবিন আৰু জুবিন গাৰ্গ অমৰ হওঁক ধ্বনিৰে দক্ষিণ পাটৰ আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে সকলোৱে একে মুখে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আকাশ বতাহ মুখৰিত কৰি তোলে।


উল্লেখ্য যে অনুষ্ঠানৰ শেষত শিল্পী গৰাকীৰ মায়াবিনী শীর্ষক গীতটি সমবেত সকলো ৰাইজে সমস্বৰে পৰিবেশন কৰি এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!