অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত সংবাদ মেল কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদ মেল

Spread the love

তদন্তকাৰী সংস্থা SIT যদি ঘটনাস্থলীলৈ জাবই নোৱাৰে তেন্তে সেই তদন্ত হ’ব কাল্পনিকঃ কাল্পনিক তদন্তৰ জৰিয়তে জুবিন গাৰ্গে ন্যায় নাপায়ঃ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কথা পাহৰাবলৈ আৰম্ভ কৰিছে হিন্দু-মুচলমানৰ ৰাজনীতিঃ কৃষক মুক্তি

DD TIMED গুৱাহাটী, ১১অক্টোবৰঃ অসমৰ জাতীয় সম্পদ অসমীয়া জাতিৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দ জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ২২ দিন উকলি যোৱাৰ পিছতো তদন্তকাৰী সংস্থা SIT ছিংগাপুৰ ঘটনাস্থলীত গৈ তদন্ত প্ৰক্ৰিয়া চলাব নোৱাৰা বিষয়টো অত্যন্ত দূৰ্ভাগ্যজনক।

তদন্তকাৰী সংস্থা SIT য়ে যদি ঘটনাস্থলীত গৈ সেই অভিশপ্ত দিনটোত কি কি ঘটনা ঘটিছিল সেই সম্পৰ্কে যদি কোনো তদন্তই নকৰে কেৱল অভিযুক্ত কেইটাৰ বক্তব্য শুনিয়েই তদন্ত প্ৰক্ৰিয়া হব কাল্পনিক। কাল্পনিক তদন্তৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা সম্ভৱ নহয়। এই বক্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে সহকাৰী সম্পাদক ছিৰাজ আলী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আল মুস্তাফিজুৰ ৰহমান SITৰ শেহতীয়া তদন্ত প্ৰক্ৰিয়া আৰু মুখ্য মন্ত্ৰীৰ ভূমিকাক লৈ সংবাদ মেলত সৰব হৈ পৰে। তেওঁলোকে কয়, যি সময়ত মুখ্যমন্ত্ৰী তদন্তকাৰী সংস্থাই ক্ষিপ্ৰ গতিত তদন্ত চলাই থকা বুলি দাবী কৰে সেই সময়চোৱাত ঘটনাস্থলীত অৰ্থাৎ চিংগাপুৰত গৈ তদন্ত কৰা হোৱা নাই। ঘটনা ঘটিছে চিংগাপুৰত তদন্ত অনুসন্ধান চলিছে SIT ৰ গুৱাহাটীৰ কাৰ্যালয়ত।

এই মূহুৰ্তলৈকে বন্ধু ৰাষ্ট্ৰ চিংগাপুৰত গৈ য়ট পাৰ্টি কৰা জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া খলনায়ক সকলোক জেৰা কৰা য়ট চালক সকলক সোধ পোচ কৰাকে ধৰি দৰকাৰী কাম বিলাক আগবঢ়াই নিব পৰা নাই। ঘটনাস্থলীত কি ঘটিছিল সেয়া যদি SIT য়ে প্ৰমাণ কৰিব নোৱাৰে তেতিয়া হলে আদালতে অপৰাধিক/অভিযুক্তক মুকলি কৰি দিবলৈ বাধ্য হল গতিকে এই তদন্তৰ জৰিয়তে কোনো কাৰণতে জুবিন গাৰ্গে ন্যায় নাপায়।


তেওঁলোকে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰি কয় যে – মুখ্যমন্ত্ৰীৰ শেহতীয়া কথা বতৰাত সন্দেহ হয় যে মুখ্যমন্ত্ৰীজন জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত নাই হত্যাকাৰী শ্যামকোনু হতৰ পক্ষত থকা যেন অনুমান হয়।

জুবিন গাৰ্গৰ লগত বিজেপিৰ আদৰ্শগত সংঘাত যেনে বিজেপিয়ে পুঁজিবাদ আৰু হিদুত্ববাদৰ কথা কয়, জুবিন গাৰ্গে ধৰ্মনিৰপেক্ষ আৰু সমাজবাদৰ কথা কয়, বিজেপিয়ে কা সমৰ্থন কৰে জুবিনে কা বিৰোধ কৰে, বিজেপিয়ে হিতাধিকাৰি আঁচনিৰে সকলো ফ্ৰি দিয়া কথা কৈ মানুহক এলেহুৱা কৰিব খোজে আৰু জুবিন গাৰ্গে ফ্ৰী দিব নালাগে বুলি কৈ ৰাইজক কৰ্মজীবি হবলৈ কোৱাৰ উপৰি গছ কাটি কৰা উন্নয়নক ঘোৰ বিৰোধীতা কৰি বিজেপিক হলথেকত পেলায়।

মতাদৰ্শগত এনে সংঘাতৰ বাবেই জুবিন গাৰ্গে ন্যায় নাপাব নেকি বুলি কৃষক মুক্তি নেতৃবৃন্দই প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ কথা ৰাইজৰ মন মগজুৰ পৰা নাইকীয়া কৰিবৰ কাৰণে জুবিন গাৰ্গৰ আদৰ্শৰ বিৰোধিতাৰে হিন্দু মুচলমান কৰি যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে এনে কাৰ্যৰ পৰা মুখ্যমন্ত্ৰীক বিৰত থাকিবলৈ সংগঠনটোৱে শকিয়নি প্ৰদান কৰি শীঘ্ৰেই অসমীয়া জাতিৰ হিয়াৰ আঁমঠু প্ৰাণৰ স্পন্দন জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া প্রতি গৰাকী কালপ্ৰিটক কঠোৰ ৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব পৰাকৈ প্ৰয়োজনীয় তদন্ত আগবঢ়াই নিবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!