অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰক অসম চৰকাৰে

Spread the love

লিখিছে শংকৰ গোহাঞিয়ে

অভাৱনীয়, অকল্পনীয়ভাবে খহি পৰিল অসম তথা সমগ্ৰ দেশৰ সাংস্কৃতিক জগতৰ এক নক্ষত্ৰ।ছিংগাপুৰত এক অনাকাংক্ষিত পৰিস্থিতিত অসমবাসীৰ লগতে দেশবাসীয়ে হেৰুৱালে এক প্ৰতিভাক। সংগীত জগতৰ কিংবদন্তি জুবিন গাৰ্গৰ অকাল বিয়োগত আজি সকলো মৰ্মাহত। সেয়ে লাখ লাখ লোক আজি ওলাই আহিছে প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ, শেষ শ্ৰদ্ধা জনাবলৈ। যিসকলে গুৱাহাটীলৈ আহি বা গুৱাহাটীত থাকিও সৰুসজাইলৈ গৈ প্ৰাণৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাব পৰা নাই তেওঁলোকেও ঘৰতে চকুলো টুকি শিল্পীগৰাকীক বিদায় জনাইছে। এই বিদায় অসমবাসীৰ বাবে অসহনীয়।


জুবিন গাৰ্গৰ প্ৰয়াণে অসম তথা পূবোত্তৰ অঞ্চলত যি আবেগৰ ঢৌ বোৱাই দিছে সেই কথালৈ লক্ষ্য কৰিলে বুজিব পাৰি শিল্পীগৰাকী মানুহৰ মাজত কিমান জনপ্ৰিয় আছিল, মানুহে কিমান ভালপাইছিল তেওঁক। অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নহয়, এগৰাকী সংগীতকাৰ, গীতিকাৰ, অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু জনহিতৈষী হিচাবেও তেওঁ মানুহৰ হৃদয়ত নিজৰ বাবে সুকীয়া ঠাই দখল কৰি লবলৈ সক্ষম হৈছিল। । তেওঁৰ কলাই প্ৰজন্মৰ পিছত প্ৰজন্মকউদ্বুদ্ধ কৰি যাব। তেওঁৰ সৃষ্টিয়ে যুগে যুগে মানুহক অনুপ্ৰাণিত কৰি যাব। সেই কথাত কাৰো সন্দেহ নাই। বিহগীত, টোকাৰি, দেহ বিচাৰৰ গীত, লোকগীত, আধুনিক গীত… জুবিন গাৰ্গে সংগীতৰ কোন খন ক্ষেত্ৰক সমৃদ্ধ কৰি যোৱা নাই! শিল্পীগৰাকীৰ প্ৰতিভাৰ দ্যুতিয়ে অসমৰ পৰিসীমা পাৰ হৈ বলিউড তথা টলিউডতো খলকনি তুলিছিল। অসমত তেওঁ যিদৰে জনপ্ৰিয় , ঠিক একেই জনপ্ৰিয়তা আছে বলীউড আৰু বংগতো। বাংলা ছবিত জুবিন গাৰ্গে গোৱা বহু গীত বংগৰ যুৱ প্ৰজন্মৰ মুখে মুখে। এক কথাত তেওঁৰ সৃষ্টিসমূহ অসমীয়াৰ লগতে ভাৰতীয় সংস্কৃতিৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। অসমীয়া ছবি জগতৰ বাবে জুবিন গাৰ্গে নতুনত্বৰ প্ৰতিশ্ৰুতিৰে কৰা কামবোৰ সদায় স্থীয় হৈ ৰব। আজিৰ দিনটোত সমগ্ৰ অসম, সমগ্ৰ দেশে জুবিন গাৰ্গৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে, বহুতে কোনো খাদ্য-পানী গ্ৰহণ নকৰাকৈ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ অহালৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি থিয় দি ৰৈছে। শিল্পীগৰাকীৰ প্ৰতি এয়াই মানুহৰ মৰম, এই মৰম অকৃত্ৰিম। কিন্তু মানুহৰ এনে শোক প্ৰকাশৰ সময়তে এটা মোৰ বোধেৰে এটা অতি গুৰুত্বপূৰ্ণ যেন ধাৰণা হোৱা প্ৰশ্ন হৈছে- কেৱল পাৰভঙা মৰম আৰু আবেগেৰেই আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব পাৰিম নে? জুবিন গাৰ্গ কায়িকভাবে আমাৰ মাজত নথকা অৱস্থাত তেওঁৰ বিপুল আৰু বৈচিত্ৰ্যময় সৃষ্টিসমূহৰ কি হ’ব? সেইবোৰ সঠিক ৰূপত সংৰক্ষিত হ’ব নে? সেইবোৰৰ সংৰক্ষণৰ দায়িত্ব কোনে গ্ৰহণ কৰিব বা কোনে গ্ৰহণ কৰা উচিত হ’ব?

আজিৰ এই শোকাৰ্ত মুহূৰ্তত মানুহৰ মনলৈ অহা ভাবটো হৈছে জুবিনৰ সৃষ্টিসমূহ যদি কেবল অল্পসংখ্যক ব্যক্তিৰ হাততে সীমাবদ্ধ হৈ থাকে, তেন্তে সেয়া শিল্পীগৰাকীৰ প্ৰতি এক গভীৰ অন্যায় কৰা হ’ব। তেওঁৰ তিনিটা দশকৰো অধিক সময়জুৰি আৰু ৪০ টাতকৈ অধিক ভাষাত বিস্তৃত সাংগীতিক কৰ্মজীৱন কেবল কিছুসংখ্যক ব্যক্তিৰেই স্বত্ব নহয়, সেইবোৰ সকলোৰে, সেইবোৰ সমগ্ৰ অসমবাসীৰ। যাৰ ভালপোৱা আৰু সমৰ্থনে তেওঁক এক সাংস্কৃতিক প্ৰতীকলৈ ৰূপান্তৰিত কৰিছিল। সেয়ে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ দায়িত্ব কেৱল মাত্ৰ মুষ্টিমেয় লোকৰ হাততে এৰি দি অসমবাসীয়ে দায়িত্ব সামৰিলে নহব। সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ সৃষ্টৰাজি সংৰক্ষণ, সেইবোৰৰ প্ৰসাৰৰ বাবে লাগিব এক সুসংহত পৰিকল্পনা। যি পৰিকল্পনা হয়তো ব্যক্তিগত প্ৰচেষ্টা গ্ৰহণ কৰিলে সিমান ফলপ্ৰসূ হৈ নুঠিব। এইক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব অসম চৰকাৰে। অসম চৰকাৰে ইতিমধ্যে প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰদেহ ছিংগাপুৰৰ পৰা অসমলৈ অনা, তেওঁৰ শেষকৃত্য সম্পন্ন কৰাৰ ব্যৱস্থা কৰা আদি সকলো ক্ষেত্ৰতে আগভাগ লৈ দায়বদ্ধতাৰ পৰিচয় দিছে। কিন্তু ইমানতে চৰকাৰ দায়িত্ব শেষ বুলি ভাবিলে নহব। অসম চৰকাৰে প্ৰণালীভাৱে জুবিনৰ গীত, লেখা, চলচ্চিত্ৰ আৰু শিল্পৰ সকলো দিশ সংৰক্ষণ, নথিভুক্তকৰণ আৰু ভৱিষ্যৎ প্ৰজন্মলৈ সেয়া সংবহন কৰাৰ গুৰু দায়িত্ব গ্ৰহণ কৰিব লাগিব।তেতিয়াহে সঁচা অৰ্থত সকলোৰে মাজত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব পাৰিম।


অনামিকাৰ পৰা আৰম্ভ কৰি অসংখ্য চিৰসেউজ গীতৰ জৰিয়তে তেওঁ অসমীয়া সংগীতক বিশ্বজনীন ৰূপ দি থৈ গৈছে । বলিউডত য়া আলীৰ দৰে গানৰ সফলতা আৰু বঙালী সংগীতত তেওঁৰ অমৰ অৱদানে তেওঁক এক বহুমুখী শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিছে। কিন্তু এই হিট গীতসমূহৰ বাহিৰেও তেওঁৰ হাজাৰ হাজাৰ সংগীত, প্ৰকাশিত নোহোৱা লেখা, চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু ৰেকৰ্ডসমূহ যদি মাত্ৰ কেইগৰাকী মান লোকৰ হাততে থাকে তেন্তে সেইবোৰে প্ৰসাৰতাৰ মুখ দেখাৰ বাবে সঠিক সংৰক্ষণৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা বহু কম। সেয়ে এইক্ষেত্ৰত অসম চৰকাৰে সেইবোৰৰ সংৰক্ষণৰ দায়িত্ব মূৰ পাতি লব লাগিব। যদি শিল্পীগৰাকীৰ সৃষ্টিৰাজি সতৰ্কতাৰে সংৰক্ষণ কৰা নহয়, তেন্তে অসমে অমূল্য সাংস্কৃতিক সম্পদ হেৰুৱাব। সংগঠিত আৰ্হিৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজি নথিভুক্ত আৰু সংৰক্ষণ নকৰিলে সেইবোৰ কাৰোবাৰ বাবে অৱহেলা, বিবাদ বা বাণিজ্যিক লোভৰ সমল হৈ পৰি সময়ত হেৰাই যোৱাৰ আশংকাই বেছি । যি ক্ষতি অসমৰ জনসাধাৰণে নিশ্চয়কৈ সহ্য কৰিব নোৱাৰিব।


মোৰ বোধেৰে জুবিন গাৰ্গৰ সৃষ্টিসমূহ সংৰক্ষণ কৰাৰ দায়িত্ব কেৱল তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ বা অনুৰাগীৰ হাতত এৰি দিয়া সমীচিন নহ’ব। শিল্পীগৰাকীৰ সৈতে তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক থাকিলেও, এনে এক বিশাল সম্পদ সংৰক্ষণৰ দায়িত্ব সদায় প্ৰতিষ্ঠানিক হ’ব লাগিব। এই দায়িত্ব সেয়ে কেৱল অসম চৰকাৰেহে পালন কৰিব পাৰিব।


চৰকাৰে জুবিন গাৰ্গ আৰ্কাইভ আৰু গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণত উজু হব। সেই আৰ্কাইভ আৰু গৱেষণা কেন্দ্ৰত তেওঁৰ সৃষ্টিসমূহ সংগ্ৰহ, ডিজিটেলাইজ আৰু সংৰক্ষণ কৰিব লাগিব। ইয়াত তেওঁৰ ৰেকৰ্ডিং কৰা গীত ,গীতৰ পান্ডুলিপি, তেওঁৰ সৈতে সংগত কৰা বাদ্যযন্ত্ৰ, পৰিধান কৰা বস্ত্ৰ , ছবিৰ চিত্ৰনাট্য আৰু স্মৃতিচিহ্ন সংৰক্ষণ কৰা যাব পাৰে । ইয়াক কেৱল যাদুঘৰৰ দৃষ্টিৰে নাচাই গৱেষণা, কৰ্মশালা আৰু উৎসৱৰ এক জীৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব।

ইয়াৰ উপৰি চৰকাৰে জুবিন গাৰ্গৰ সকলো গীত ডিজিটেল আৰ্হিৰে সংৰক্ষণ কৰি জনসাধাৰণৰ বাবে অনলাইনত উপলব্ধ কৰিব পাৰিলে গীতবোৰ কালৰ সোঁত হেৰাই নাযাব। যি ধৰণে বিশ্বভাৰতীৰ দ্বাৰা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিসমূহ সংৰক্ষণ কৰা হৈছে, ঠিক তেনেদৰে জুবিনৰ সৃষ্টিও এটা আৰ্কাইভৰ জৰিয়তে সংৰক্ষণ কৰিলেহে শিল্পীগৰাকী চিৰদিন চিৰকাল মানুহৰ মাজত অমৰ হৈ ৰব। লগতে এটা কথা কব বিচাৰিছো যে কেৱল আৰ্কাইভত বন্দী কৰি ৰাখিলেই জুবিনৰ সৃষ্টিসমূহৰ মূল্য সকলোৱে অনুধাৱন কৰিব নোৱাৰিও পাৰে। তেওঁৰ সংগীতে সদায় মানুহৰ হৃদয়ত দোলা দিব লাগিব। চৰকাৰে সেয়ে প্ৰতিবছৰে জুবিন গাৰ্গ সংগীত মহোৎসৱৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি নতুন প্ৰজন্মক তেওঁৰ গান গাবলৈ আৰু নতুন ৰূপত উপস্থাপন কৰিবলৈ উৎসাহিত কৰিব পাৰে। ইয়াৰ লগতে তেওঁৰ নামেৰে প্ৰতিভাবান শিল্পী, গীতিকাৰ বা চলচ্চিত্ৰকাৰসকলৰ বৃত্তি আৰু বঁটা আদি প্ৰৱৰ্তন কৰিব পাৰে।


বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত তেওঁৰ গীত আৰু লেখাৰ বিষয়ে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰিলে নৱ প্ৰজন্মৰ মাজত তেওঁ সদায় সজীৱ হৈ থাকিব পাৰে। কেৱল সেয়াই নহয়, এনে পদক্ষেপে নতুন প্ৰজন্মক অসমীয়া সংস্কৃতিৰ গৌৰৱ তথা আত্মপৰিচয়ৰ বিষয়ে ধাৰণা দিব পাৰিব।


আন এক গুৰুত্বপূৰ্ণ কথা হৈছে চৰকাৰী হস্তক্ষেপৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণ । সেয়া হৈছে আধিপত্যৰ প্ৰসংগ । ইতিমধ্যে প্ৰশ্ন উঠিছে—তেওঁৰ মৃত্যু পিছত তেওঁৰ সৃষ্টিসমূহৰ “অধিকাৰ” কোনে লাভ কৰিব? ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানে যদি একক অধিকাৰ লৈ শিল্পীগৰাকীক জনসাধাৰণৰ পৰা আঁতৰাই ৰাখে, তেন্তে সেয়া শিল্পীগৰাকীৰ প্ৰতি চৰম অপমান হ’ব।
সেয়ে চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি তেওঁৰ গীত, চলচ্চিত্ৰ আৰু আন সৃষ্টিসমূহ সাধ্য অনুসৰি ৰাজহুৱা স্থানত ৰখাৰ ব্যৱস্থা কৰিব লাগিব। এইক্ষেত্ৰত চৰকাৰী তত্বাবধানত এটা সাংস্কৃতিক ট্রাষ্ট গঠন কৰিলে সঠিক স্বচ্ছতা আৰু গণ অংশগ্ৰহণ নিশ্চিত কৰিব পৰা যাব।


এইক্ষেত্ৰত এটা কথা ঠিক যে যদিও চৰকাৰে কেন্দ্ৰীয় দায়িত্বলোৱা সমীচিন, তথাপি জুবিন গাৰ্গৰ সৃষ্টিসমূহ সংৰক্ষণ কৰাটো এক সামূহিক দায়িত্ব। নাগৰিক সমাজ, সাংস্কৃতিক সংগঠন, বিশ্ববিদ্যালয় আৰু শিল্পীসমাজে একেলগে কাম কৰি তেওঁৰ সৃষ্টিসমূহ ভৱিষ্যৎ প্ৰজন্মলৈ কিদৰে আগবঢ়াই লৈ যাব পাৰি সেয়া নিৰ্ধাৰণ কৰা ভাল হব। এনে কৰিব পাৰিলেই শিল্পীগৰাকীৰ প্ৰতি আমি প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!