অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ দাবীত উত্তাল ৰাজ্য

Spread the love

জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উদ্ঘাটনৰ দাবীত উত্তাল ৰাজ্য
প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণৰ সংবাদমেলৰ মাজতে জুবিন অনুৰাগীৰ প্ৰতিবাদ

DD TIMES গুৱাহাটী, ২৪ ছেপ্টেম্বৰঃ ছিংগাপুৰত এক অনাকাংক্ষিত পৰিস্থিতিত মৃত্যুক সাৱটি লোৱা অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু ৰহস্য উন্মোচন কৰাৰ দাবীত অটল হৈ আছে শিল্পীগৰাকীৰ লাখ লাখ অনুৰাগী।

Oplus_131072

এনেসময়তে বহুতে অভিযোগ কৰিছে জুবিন গাৰ্গে যিটো অনুষ্ঠানৰ বাবে ছিংগাপুৰলৈ গৈছিল সেই একেটা অনুষ্ঠানলৈ যোৱা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধেও।

সামাজিক মাধ্যমতো বহুতে প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণক তুলাধুনা দিছে। এনে সময়তে প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণে আজি প্ৰাগ নিউজৰ কাৰ্যালয়তে এখন সংবাদমেলৰ আয়োজন কৰে।

জুবিন গাৰ্গৰ অন্ত্যষ্টিক্ৰিয়া সমাপন হোৱাৰ পাছত আজি সঞ্জীৱ নাৰায়ণে প্ৰথমে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল দিয়াৰ কথা আছিল যদিও পাছত প্ৰাগ নিউজৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত।

আৰক্ষীৰ বাধাৰ বাবেই সঞ্জীৱ নাৰায়ণে সংবাদমেলৰ স্থান সলনি কৰে। ইয়াৰ মাজতে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে বীৰ লাচিত সেনাই উলুবাৰীস্থিত কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কিছুদিন আগতে বঙাইগাঁৱত জাতীয় যুৱ বাহিনীয়ে সঞ্জীৱ নাৰায়ণ আৰু আনসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু আজি পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে বীৰ লাচিত সেনাই।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দিশপুৰ থানাত এই এজাহাৰ দাখিল কৰা হয়।ইপিনে আজি সংবাদমেলত সঞ্জীৱ নাৰায়ণে কয় যে, ‘ছিংগাপুৰত ১৮ ছেপ্তেম্বৰৰ পাৰ্টিত মই উপস্থিত নাছিলো। জুবিন গাৰ্গৰ সৈতে য়াট পার্টিলৈ মই যোৱা নাছিলো।

স্কুবা ড্রাইভিঙত জুবিনৰ মৃত্যু হোৱা খবৰটো ময়েই গুৱাহাটীলৈ প্রথম দিছিলো। তেতিয়ালৈকে মই একো কথা সঠিককৈ গ’ম পোৱা নাছিলো।’ বহুতে তেওঁক অনা-অসমীয়া বুলি কোৱা বাবে তেওঁ দুখ প্ৰকাশ কৰে।

তেওঁ কয় যে লোকচানৰ মুখ দেখাৰ পিছতো তেওঁ প্ৰায় ৫০খন অসমীয়া ছবি কৰিছে। ইমানৰ পিছতো তেওঁ নিজকে অসমীয়া বুলি কি প্ৰমাণ দিব লাগিব বুলিও নাৰায়ণে প্ৰশ্ন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!