অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ মূখ্যমন্ত্ৰীৰ

Spread the love

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ মূখ্যমন্ত্ৰীৰ

DD TIMES গুৱাহাটী ১ অক্টোবৰঃ প্ৰাণৰ শিল্পী জুবিন বিহীন আজি ১৩টা দিন অতিক্ৰম কৰিলে অসমবাসীয়ে।আজি যোৰহাটবাসী ৰাইজৰ সহযোগত আৰু অসম চৰকাৰৰ উদ্যোগত যোৰহাট ক্ৰীড়া ষ্টেডিয়ামত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।

সমগ্ৰ ৰাজ্য শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে আজি পুৱা শিল্পী গৰাকীৰ মৃত্যুৰ লগত জড়িত দুই অভিযুক্তক কৰায়ত্ব কৰে অসম আৰক্ষীয়ে।

ইতিমধ্যে ন্যায়ালয়ে অভিযুক্ত দুগৰাকীক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈ কয় যে মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজে বিচাৰা ধৰণেৰেই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ তদন্তৰ কাম আগবঢ়াই নিছে। অসমবাসী ৰাইজৰ উৰ্দ্ধত কোনো হব নোৱাৰে।

দোষীয়ে উচিত শাস্তি নোপোৱা পৰ্যন্ত বিজেপি চৰকাৰ আৰু বিজেপি দল ক্ষান্ত নাথাকে।তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নিখুঁত আৰু নিকা হব।

তাৰ বাবে সকলোৱে আইনৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িব লাগিব লগতে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা ব্যক্তি আৰু শক্তিৰ পৰা অসমবাসীয়ে সুৰক্ষিত দূৰত্বত অৱস্থান কৰিব লাগিব। মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সমগ্ৰ অসমবাসীয়ে বৰ্তমানলৈ যি আস্থা আৰু ভৰষা প্ৰদৰ্শন কৰিছে তাৰ বাবে মুখপাত্ৰ গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে।

মূখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সমগ্ৰ ন্যায় প্ৰক্ৰিয়াক জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰা বুলিও মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!