ZUBEEN GARG: জুবিন এক কিংবদন্তি এটি মায়াবী কণ্ঠ
DD TIMESত লিখিছে ৰেখা বৰকটকীয়ে
জুবিন হেৰাই নাযায় কাহানিও… এটা কোনো দিনে লোপ পাব নোৱৰা নাম… এক মায়াবী সুধাকৰ কণ্ঠ যাক মানুহে কাহানিও পাহৰিব নোৱাৰে ৷

আমাৰ প্ৰত্যেকৰে শিৰা-ধমনীৰে প্ৰৱাহিত হৈ থকা সেই অমিয়া সুৰৰ মাদকতা যুগ-যুগান্তৰলৈ নিৰবধি বৈ থাকিব৷ জুবিনৰ বহেমীয়ান ব্যক্তিত্ব হৈছে আকাশলঙ্ঘী প্ৰতিভাৰ আকৰ৷
পৰিধিবিহীন সীমনাৰে আবাল-বৃদ্ধ-বনিতাৰ হৃদয়ত সংপৃক্তহৈ থকা সুৰৰ যাদুকৰী কণ্ঠ সদায় আমাৰ বাবে কালজয়ী সম্পদ হৈ থাকিব৷
অস্বাভাৱিক এটা খবৰে হঠাতে আকাশ-বতাহ কঁপাই তুলিলে৷ প্ৰতিজন সঙ্গীতপ্ৰেমী মানুহৰ বুকুত দপদপাই জ্বলিল একুৰা জুই৷ এনে নিষ্ঠুৰ সংবাদ কোনোদিনেই আশা কৰা নাছিল কোনেও৷
গীতৰ মাজেৰে জুবিনে অনেক কথাৰ স্বগতোক্তি কৰিছিল ৷ সেইবোৰ গীতৰ পংক্তিয়ে যেন দৰদী শিল্পী গৰাকীৰ আসন্ন মৃত্যুকে ভৱাষ্যতবাণী কৰিছিল ৷ আপোনভোলা শিল্পী আছিল তেওঁ৷নিজৰ বাবে একোৱেই নাৰাখি মুক্তহস্তে দান কৰি ভাল পাইছিল৷ আজি অসমবাসীয়ে কি বুলি নিজক শান্তনা দিব?

আকৌ এবাৰ জুবিন আমাৰ মাজলৈ আহক বুলি আটাহ পাৰিলেই জানো মনক শান্ত কৰিব পাৰি? এক কিংবদন্তি এটা অবিস্মৰণীয় অধ্যায় যি সমগ্ৰ বিশ্বৰ বাবে ইতিহাস হৈ ৰ’ল৷ জনগণে ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ পাছতে জুবিনৰ স্থান দিছিল৷
এটা কথা ঠিক,সৃষ্টি কৰিব পাৰে জুবিনে অনেক অপ্ৰীতিকৰ পৰিস্থিতি কিন্তু এই সময়ত কাৰেইবা মনত পৰিল সেই গীত গাই থকাৰ সময়ত ’বেৰ বগোৱা’ কথা বা কোনো সময়ত জুবিনে মানুহলৈ নিক্ষেপ কৰা অশ্ৰাব্য বাক্যবাণৰ কথা ?
জীয়াই থাকোতে মানুহক সমালোচনাই জানো লগ এৰে?
মই আজি সুঁৱৰিছো, সেই দিনটোৰ কথা জুবিনক কাষত পোৱাৰ সেই সময়কণ…

মই কলিকতাৰপৰা উভতি আঁহোতে একেখন বিমানতে জুবিন আহিছিল ৷মই সেই বিমানখনত পাইলতে কৰা এনাউন্সমেণ্ট টো শুনি গৌৰৱান্বিত হৈছিলোঁ৷ শুনিছিলো— “আজি আমি আপোনালোককক গৌৰৱেৰে ক’বলৈ পাই সুখ বোধ কৰিছোঁযে আমাৰ সৈতে আজি বিমানত একেলগে যাত্ৰা কৰিছে অসমৰ ‘heart throbe ‘ জুবিনে৷“ । (অসমীয়া ভাঙনি)৷
মই পাইলতৰ মুখৰ কথা কেইটা শুনি অভিভূত হৈ পৰিছিলোঁ৷আৰু নিৰীক্ষণ কৰি গম পালো মোৰ আগৰ চিটটোতে জুবিন মনে মনে বহি আছে মই উঠি কাষলৈ গৈ জুবিনৰ কাণত ক’লোগৈ৷“জুবিন বৰ ভাল লাগিল দেই, তোমাক লগ পালো৷
নামি লৈ অলপ কথা পাতিম দেই“ তেওঁ মূৰ জোকাৰি উৎসূকতাৰে ক’লে, “হ’ব বাইদেউ কথা পাতিম“৷ আমি লগ হ’লো মোৰ চিনাকী দিওঁতে যোৰহতীয়া বুলি গম পাই ভাল পালে৷ কথা প্ৰসঙ্গত মই গীত লিখাৰ কথা আৰু এটা তেওঁৰ কণ্ঠত মোৰ গীত এটা শুনাৰ কথা জুবিনক কৈছিলোঁ ৷
মোৰ ৰচনাৰ গীত এটা গোৱাৰ প্ৰতিশ্ৰুতি দি জুবিনে কৈছিল, “মোলৈ পঠাব আপুনি, সুৰ দিয়াৰ চেষ্টা কৰিম“ সেই সময়কণত বিমানত থকা প্ৰায়খিনি মানুহেই জুবিনক আগুৰি ধৰিছিল৷ বিভিন্ন ঠাইৰ মানুহ যদিও ,মৰমৰ শিল্পীজনৰ কথা শুনি এবাৰ কাষৰপৰা তেওঁক চাবৰ বাবে প্ৰত্যকজন মানুহ উত্ৰাৱল হৈ পৰিছিল…!
যিহেতু তেওঁৰ গীতৰ সন্মোহনী সুৰে সকলো মানুহকে আপ্লুত কৰিছিল৷ জীৱন কালত জুবিনে আঠত্ৰিশ হাজাৰ কেছেটৰ গীতত চল্লিছটা ভাষাত কণ্ঠদান কৰিছিল৷ আৰু মৃত্যুৰ আগে আগে সেই বিশেষ ’কেছেট ঘৰ’টো জুবিনে নিজ হাতেৰে উন্মোচন কৰি থৈ গ’ল৷
কাকতলীয়া যেন পৰিকল্পনা৷ সকলোৰে প্ৰাণত ঘৰ সাজি থকা মহান মানুহবোৰৰ চাগে এনেকৈয়ে কামবোৰ হয়৷
হীৰুদাই কোৱা কথাষাৰৰ তাৎপৰ্যত এক চৰম সত্যতা সোমাই আছে সেইকথা সকলোৰে অৱধাৰিত৷
“মৃত্যুওটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰলোভ ভাস্কৰ্য“ এই ভাস্কৰ্য কিন্তু আজি এক চলনাৰ দৰে হ’ল.. মৃত্যু নামৰ শিল্পটো সজোৱা সেইজন খণিকৰ আজি সকলোৰে চকুত বিস্ময়কৰ এক সাঁথৰ হৈ ৰ’ল যাৰ একো উৱাদিহ নাই… য’ত একো ইঙ্গিত নাই …মৃত্যুৰ শীতল কোলাত চিৰ দিনলৈ নিমাতে -নিৰলে শুই ৰ’ল এটি মানুহৰ মৰম আকলুৱা দৰদী বহেমীয়ান প্ৰাণ.. দূৰন্ত তৰুণ তজবজীয়া হেঁপাহৰ শিল্পীজন…৷