ZUBEEN GARG: জুবিনৰ মানৱ ধৰ্মই সৰ্বশ্ৰেষ্ঠ ধৰ্ম
জুবিনৰ মানৱ ধৰ্মই সৰ্বশ্ৰেষ্ঠ ধৰ্ম
DD TIMESত লিখিছে শ্যামন্ত পায়েং

এইখিনিতে ছক্ৰেটিছৰ বাণী এটা উল্লেখ কৰি লওঁ― “মই এটাই জানোঁ, মই একো নাজানোঁ।” অথচ ছক্ৰেটিছ আছিল বিশ্ব বিশ্ৰুত এগৰাকী মহান জ্ঞানী।
অন্যহাতেদি সৃষ্টকৰ্তা ভগৱানে কোনোবা এজন ভগৱানক বিশ্বাস বা আৰাধনা কৰাৰ কাৰণ নাথাকে। গতিকে ভগৱান বিশ্বাস নকৰাসকল যদি নাস্তিক হয়, তেন্তে ভগৱান নিজেই এগৰাকী নাস্তিক।
এই ক্ষেত্ৰত চাবলৈ গ’লে মোৰ কোনো ভগৱান নাই বুলি ৰাজহুৱাকৈ ঘোষণা কৰি ফুৰা জুবিনক অনুৰাগীসকলে ভগবানৰ এক স্বয়ং অৱতাৰ বুলি ভবাত কি ভুল থাকিব পাৰে?
শেহতীয়াকৈ জুবিনৰ কেইবাটাও অলৌকিক শক্তিৰ বিষয়ে সৰ্বত্ৰে চৰ্চা চলিছে। আমিও এইবোৰ বিশ্লেষণ কৰি আচম্ভিত হৈছোঁ। এইবোৰ বাৰু সম্প্ৰতি সৰ্বজনবিদিত।

এয়া আলোচনা কৰি সময় নলওঁ। অৱশ্যে জুবিন বিতৰ্কৰ সপক্ষে দুটামান যুক্তি দিবই লাগিব। অপ্ৰিয় হ’লেও সত্য কথাটো হ’ল― এতিয়াও একাংশই (একেবাৰে কম সংখ্যক) জুবিনক গ্ৰহণ কৰিব পৰা নাই।
কিন্তু তেওঁলোকে বিভিন্ন কাৰণত জুবিনৰ হৈ ঘৰিয়ালৰ চকুলো টুকি আছে। গতিকে এনে মানুহে জীৱিত কালত জুবিনক বিতৰ্ক কৰি আসুৰিক তৃপ্তি লাভ নকৰাৰ কথাই নাহে।
জুবিনৰ বিতৰ্কিত মন্তব্যবোৰ আছিল এক তীব্ৰ প্ৰতিবাদ। এই প্ৰতিবাদ পূঁজিপতি আৰু শাসক শ্ৰেণীৰ বিৰুদ্ধে। এই প্ৰতিবাদ মূখা পিন্ধা সমাজৰ বিৰুদ্ধে।
এই প্ৰতিবাদ শোষিত আৰু বঞ্চিতসকলৰ সপক্ষে আছিল। গতিকে তেনে সুবিধাবাদী লোকে জুবিনক তেতিয়াও আৰু এতিয়াও কোনো পধ্যে ভাল পাব নোৱাৰে। এতিয়াও এইচামে জুবিনক ভাল পোৱাৰ এটা নাটক কৰি আছে। বাৰু মূল কথালৈ আহোঁ।
বিতৰ্ক সদায় আচহুৱা কাৰ্যৰ বাবে সৃষ্টি হয়। যেন অগতানুগতিক কাৰু-কাৰ্য, কথা-বতৰা ইত্যাদিয়ে বিতৰ্ক সৃষ্টি কৰে। আচলতে জুবিন এগৰাকী সাধাৰণ মানুহেই নাছিল। গতিকে তেখেতৰ কথা বতৰাত কিছু আচহুৱা থাকিবই। এনে উদাহৰণ ঢেৰ।
পৃথিৱীৰ সৰ্বাধিক প্ৰচলিত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰক যীচুক জানো ক্ৰুছবিদ্ধ কৰা নাছিল! বৌদ্ধ দেশান্তৰ হ’ব লগা নাছিল! আনকি আমাৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰাণ ৰক্ষাৰ বাবে আত্মগোপন কৰি থাকিব লগা নাছিল!
তেনে ক্ষেত্ৰত আমাৰ যুগনায়ক জুবিনক আকৌ এটা কেকুৰা জাতিয়ে কেনেকৈ চিনিব! অৱশ্যে তেওঁক অনুৰাগীসকলে জীৱিত কালৰপৰাই ভগৱানৰ মৰ্যদা দিছে। কাৰণ তেওঁলোক ৰাজনৈতিক ব্যক্তি নহয়, জাতি-মাটিৰ বেপাৰী নহয়, স্বয়ম্ভূ লেখক-সাংবাদিক নহয়।
তেওঁলোক নিস্বাৰ্থ লোক। নিস্বাৰ্থ লোকবোৰে পিন্ধি থাকে এক শিশুসুলভ পবিত্ৰ মন। মন পবিত্ৰ থাকিলে মানুহ চিনাত অসুবিধা নহয়। বিশেষকৈ ভগৱানক চিনাত সহজ হৈ পৰে।
বিতৰ্কৰ কথা ক’বলৈ গ’লে তেওঁৰ কিছু অমাৰ্জিত বাক্য প্ৰয়োগেই প্ৰধান আছিল। মোৰ বোধেৰে এয়া তেওঁৰ দুষ্টক দমনৰ আহিলা আছিল। যদি আমি হিন্দু ধৰ্মৰ দশাৱতাৰৰ কথা কওঁ, তেন্তে প্ৰতিটো অৱতাৰত দুষ্টক দমনৰ আহিলা পৃথক আছিল। প্ৰতিটো আহিলাই আছিল যুগৰ দাবী।
আজিৰ দিনত দুষ্টক দমনৰ নামত কাৰোবাক বধ কৰিলে এয়া হ’ব অপৰাধ। এয়ে আজিৰ দিনত দুষ্টক দমনৰ প্ৰধান আহিলাটোৱেই হৈছে মূখা খোলা, অথবা তীব্ৰ সমালোচনাৰে ব্যক্তিগৰাকীৰ ক্ষমতাচ্যুত কৰা। আৰু এয়াই জুবিনে দায়িত্বসহকাৰে নিৰ্ভিকভাৱে কৰি আহিছিল। কেৱল সমালোচনা কৰিয়েই তেখেতে দায়িত্ব সামৰিছিলনে!
কিমান দুখীয়া মানুহক সহায় কৰিছিল তাৰ সঠিক হিচাপ হয়তো কোনেও দিব নোৱাৰিব। কিন্তু এটা কথা উল্লেখ কৰিবই লাগিব― কোনোবা এজনৰ লেখাত পঢ়িবলৈ পালোঁ যে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চিকিৎসাৰ বাবে তেওঁ নগদ পাঁচ লাখ টকা দিছিল। আৰু এই কথা গোপনে ৰাখিবলৈ কৈছিল।
বাকী জুবিনৰ মানৱ সেৱা আৰু প্ৰকৃতিপ্ৰেমৰ কথা সকলোৱে জানে। তাৰ প্ৰতিদান তেখেতক প্ৰকৃতিয়ে ঘূৰাই দিছে। তেখেতৰ মৃত্যু যেন এক মহাজাগতিক পৰিঘটনা। কাৰণবোৰ দৰ্শাবলৈ বহু সময় লাগিব। মুঠতে জুবিন আছিল এগৰাকী মূৰ্ত ভগৱান।
“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই।” জুবিনৰ এই বাক্যশাৰী বুজি পাবলৈ পুনৰ মোৰ এই লেখাৰ আৰম্ভণিত উল্লেখিত ছক্ৰেটিছৰ উদ্ধৃতিটোলৈ মন কৰিব লাগিব।
ছক্ৰেটিছ মহা জ্ঞানী হৈয়ো নিজে একো নাজানো বুলি কৈছিল। ঠিক তেনেকৈ আমাৰ জুবিনেও এটা জাতিক প্ৰতিনিধিত্ব কৰিও মোৰ কোনো জাতি নাই বুলি ক’লে।
জুবিনৰ জাতিটো আছিল― মানৱ জাতি। একেদৰে জুবিনে মোৰ কোনো ধৰ্ম নাই বুলি কৈ এক সৰ্বশ্ৰেষ্ঠ ধৰ্ম প্ৰতিষ্ঠা কৰিলে। তেখেতৰ ধৰ্মটো আছিল মানৱ ধৰ্ম। যি সাম্প্ৰতিক সময়ৰ সৰ্বোত্তম ধৰ্ম।
যি ধৰ্মত কোনো ৰক্ষণশীল ৰীতি-নীতি নাই, যি ধৰ্মত ভগৱান পৃথিৱীৰ সমস্ত জীৱ আৰু প্ৰকৃতি, যি ধৰ্মত মাইক লগাই ভগৱানক চিঞৰিব নালাগে, ভগৱানৰ নামত মানুহক ভাগ ভাগ কৰিব নালাগে, যি ধৰ্মই নিজৰ ধৰ্মক শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিব নালাগে।
এনধৰণৰ বিভিন্ন দিশত বিশ্লেষণ কৰিলে জুবিনৰ মানৱ ধৰ্মতকৈ পৃথিৱীৰ কোনো ধৰ্মই শ্ৰেষ্ঠত্ব পাব নোৱাৰে। গতিকে জুবিনৰ এই মানৱ ধৰ্মক পালন কৰিব পাৰিলেই এই পৃথিৱীখনেই শ্ৰেষ্ঠতম স্বৰ্গ হ’ব। কিন্তু তেওঁৰ এই ধৰ্ম কিমানজনে পালন কৰিব! কিমানজনে তেওঁৰ আদৰ্শক অন্তৰেৰে অনুকৰণ কৰিব! এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

