ZUBEEN GARG: জুবিনদা গ’লগৈঃ এতিয়া কি হ’ব?
লিখিছে মুনিন্দ্ৰ বৈশ্যই
(১)
মোৰ ডাঙৰ ভতিজাটোৰ (প্ৰয়াত ভাইটিৰ ডাঙৰ ল’ৰা) মুখত তেতিয়া দুই এটা মাত ফুটিব ধৰিছে। টিভিত জুবিন গাৰ্গ ওলালে আমি তাক কওঁ― “বাপা, এই মানুহজনক মনত ৰাখিবি দেই। তেওঁৰ নাম জুবিন গাৰ্গ।” এনেকৈ শিকাই তাক কেইবাবাৰো ‘জুবিন গাৰ্গ’ নামটো উচ্চাৰণ কৰিবলৈ দিওঁ।

কিন্তু ভাইটিয়ে তাক জুবিন গাৰ্গ বুলিবলৈ মানা কৰে। সি জুবিনদাৰ সাংঘাতিক ভক্ত আছিল। সেয়ে জুবিনদাক সি ‘ছাৰ’ বুলি কয়; গতিকে তাৰ পুতেকেও ছাৰ বুলিব লাগিব। সেয়ে সি ‘জুবিন ছাৰ’ বুলি ক’বলৈ শিকাইছে। জুবিনদা টিভিত ওলালে ‘এইজন কোন বাবু?’ বুলি সুধিলে ভতিজাটোৱে কেতিয়াবা ‘জুবিন গাৰ্গ’ কেতিয়াবা ‘জুবিন ছাৰ’ বুলি উত্তৰ দিয়ে। যি বুলি উত্তৰ দিলেও আমি একো নকওঁ। কিন্তু ভাইটি থাকিলে ‘ঐ, জুবিন ছাৰ ক’বি’ বুলি তাক ধমক দিয়ে।
এদিনৰ কথা। মই কিবা কামত ব্যস্ত আছিলোঁ। এনেতে কান্দি কান্দি ভতিজাটো মোৰ ওচৰ চাপিলে। মই ‘কিয় কান্দিছা বাবু?’ বুলি সুধিলত সি ‘দেতাই মাৰিছে’ বুলি ফেঁকুৰিব ধৰিলে। দেখিলোঁ তাৰ গালখন ৰঙা পৰি আছে। তাৰ অৱস্থাটো দেখি মোৰ খং উঠিল। উঠি গৈ ভাইটিক সুধিলোঁ― “কিয় এনেকৈ মাৰিছা তাক?” সি একো উত্তৰ নিদিলে। কাষতে বহি টিভি চাই থকা মায়ে উত্তৰ দিলে― “টিভিত জুবিন গাৰ্গক দেখি দেউতাকে বাবুক ‘এইজন কোন?’ বুলি সুধিছিল। সি জুবিন গাৰ্গ বুলি ক’লে। আকৌ এবাৰ সুধিলে। এইবাৰো সি জুবিন গাৰ্গ বুলিয়েই ক’লে। তাৰ পিছত লঠীয়া চৰ এটা মাৰিলে।”
ভাইটিয়ে তাক জুবিন গাৰ্গ বুলি নকৈ ‘জুবিন ছাৰ’ বুলি ক’বলৈ শিকাইছিল। সেইটো কথা সেই অবুজ শিশুটিয়ে মনত ৰাখিব পৰা নাছিল আৰু তাৰেই শাস্তি আছিল সেই গাল ৰঙা পৰা পকা চৰটো।
হিয়াৰ আমঠু জুবিন গাৰ্গক মানুহে কিমান বেছি শ্ৰদ্ধা-ভক্তি কৰে, লক্ষজনৰ মাজত ই এটা সামান্য উদাহৰণ।
(২)
চাৰি বছৰমান আগৰ কথা। আমাৰ ঘৰত ৰঙৰ কাম চলি আছিল। মই ক’ৰবাৰ পৰা গৈ দেখিলোঁ দুজন কৰ্মীয়ে ৰং কৰা বাদ দি তীব্ৰ তৰ্ক যুদ্ধত লিপ্ত হৈছে, মাৰপিত কৰিবলৈহে বাকী। মই সুধিলোঁ― “ঐ, কি হৈছে তোমালোকৰ? কিয় কাজিয়া কৰিছা?” এজনে খঙেৰে ক’লে― “দাদা, এইটো মোৰেই মোবাইল। অথচ সি মোৰ পছন্দৰ গানটো মোকেই শুনিব নিদিয়ে। আজি পুৱাৰ পৰা গানটো এবাৰো শুনিব পোৱা নাই। এনেকৈ হ’লে কিন্তু মই আৰু কামলৈ নাহো দাদা।”
“অ’ সেইটোহে কথা। ইমান সৰু কথাটোতে কাজিয়া কৰিব লাগেনে? বাৰু ঠিক আছে, বজোৱাচোন বজোৱা; গানটো ময়ো এবাৰ শুনো। এনে কি গানৰ কাৰণে তোমালোকে কাজিয়া কৰি মোৰ কাম ক্ষতি কৰিছা।”― কাজিয়া মীমাংসা কৰিবলৈ মই এইদৰে ক’লোঁ।
মোবাইলৰ গৰাকীজনে মোবাইলটো আনি গানটো বজালে। অপূৰ্ব সুৰৰ মূর্ছনাত জুবিনদাৰ যাদুকৰী কণ্ঠত বাজি উঠিল― জেৰেঙা পথাৰত কান্দে জয়মতী এ….।
(৩)
ল’ৰাজন অষ্টম শ্ৰেণীত পঢ়ে। সি জুবিনক ইমানেই ভাল পায় যে তাৰ গেঞ্জী, টুপী, ক্ৰিকেট বেত, জ্যামিতি বক্স, কিতাপ-বহি, ঢোল-তাল সকলোতে Z.G. (Zubeen Garg) বুলি লিখি লয়। আনকি সি শোৱা গাৰু, বিচনা চাদৰ আৰু পালেংখনতো জুবিনৰ নাম লিখা থাকে। ইমানেই জুবিন-পাগল সি।
জুবিনদাৰ প্ৰয়ানৰ খবৰটো সি টিউচন পঢ়ি থাকোঁতে পালে। আধাতে টিউচন শেষ কৰি ঘৰলৈ আহিল। কিন্তু এতিয়া সি বাটৰ পৰা ঘৰলৈ নাহে। গে’টৰ সন্মুখত বহি কান্দি আছে। মাক-দেউতাকে তাক বহুত জোৰ কিছু সময় পিছত তাক ঘৰলৈ নিলে। অলপ বুজাই-বঢ়াই মাকে এগিলাচ গাখীৰত হৰ্লিক্স মিহলাই তাক খাব দিলে। গিলাচটো সি হাতত ল’লে কিন্তু নাখালে। আনকি ৰাতি সি এটুপি পানীও মুখত নিদিলে। বৰঞ্চ সি মাকক সুধিলে― “মা, মানুহ ঢুকালে আমি কেইদিনলৈ একো খাব নোৱাৰোঁ?”
পিছদিনা সি বহু দেৰিলৈকে শুই নুঠা দেখি মাকে তাক জাগবলৈ গৈ দেখিলে সি গাৰু এটা সাৱটি ধৰি শুই আছে। মাকে তাৰ কোঠাটোৰ পৰা ওলাই আহিবলৈ লওঁতেই হঠাৎ আগদিনা খাবলৈ দিয়া হৰলিক্স মিশ্রিত গাখীৰৰ গিলাচটো চকুত পৰিল। সি এটুপিও গাখীৰ খোৱা নাই। গিলাচটো আনিবলৈ গৈ মাকে দেখিলে― গিলাচটোতো সি Z.G. বুলি লিখি থৈছে।
এইদৰেই লক্ষ লক্ষ কিশোৰৰ বুকুত খোদিত হৈ আছে জুবিনদাৰ নাম।
(৪)
সিদিনা চাফাই কাম কৰিম বুলি এজন মানুহ মাতিছিলোঁ। মই ডিউটি শেষ কৰি চৰকাৰী আবাসলৈ আহি দুয়ো একেলগে ভাত খাই কামত ধৰিলোঁ। কিছু সময় পিছত মোবাইলটো বাজি উঠিল। দেখিলোঁ মোৰ সহকৰ্মী ভনী মন্দিৰাৰ ফোন। ‘মন্দিৰা কোৱা’ বুলি ক’বহে পালোঁ তাই কান্দিব ধৰিলে। আজি ছমাহ আগত ডিউটিত থকা সময়তে তাই দেউতাক ঢুকোৱাৰ খবৰ পাই এইদৰে মোলৈ ফোন কৰি কান্দিছিল। এইবাৰো তেনেকুৱা কিবা এটা অঘটন হোৱা বুলি ভাবি সুধিলোঁ― “কোৱাচোন মন্দিৰা কি হৈছে?” তাই কান্দি কান্দি ক’লে― “দাদা ফে’চবুকত পালোঁ জুবিনদা নাই বোলে?”
মই ক’লোঁ― “ধেই, ধেমালিৰো সীমা এটা থাকিব লাগে দেই।” তাই কান্দি কান্দি ক’লে― “দাদা চিৰিয়াছলি কৈছোঁ; আপুনি মোবাইল খোলক।”
মোৰ গাটো থৰ থৰকৈ কঁপিব ধৰিলে। ফে’চবুক খুলিলোঁ। হয়, খবৰটো সঁচা। চিংগাপুৰৰ মহাসমূদ্ৰৰ কোলাত জুবিনদাই চিৰদিনৰ বাবে জিৰণি ল’লে।
লগে লগে আকৌ তাইলৈ ফোন কৰি থোকাথোকি মাতেৰে ক’লোঁ― “সব শেষ মন্দিৰা।”
তাই হুকহুকাই কান্দিব ধৰিলে। মই বাকৰুদ্ধ। তাই সুধিলে― “দাদা এতিয়া কি হ’ব?”
“দাদা এতিয়া কি হ’ব?”― দেউতাক ঢুকাওতেও তাই প্ৰথমে মোলৈ ফোন কৰি কান্দি কান্দি এইটো প্ৰশ্নকেই কৰিছিল। মই তাইৰ চৰকাৰী আবাসলৈ দৌৰি গৈ তাইক সান্তনা দিবলৈ কৈছিলোঁ― “সব ঠিক হৈ যাব মন্দিৰা, আমি আছোঁ নহয়।”
কিন্তু জুবিনদা যোৱাৰ পিছত ‘এতিয়া কি হ’ব?’― এইটো কেৱল ভনীজনীৰেই প্ৰশ্ন নহয়, চাৰে তিনি কৌটি অসমীয়াৰ প্ৰশ্ন। কোনে দিব ইয়াৰ উত্তৰ? কাৰ ওচৰত পাম?
(৫)
সাগৰৰ তলিত শুৱাৰ তোমাৰ অনন্ত বাসনা আছিল নহয় জুবিনদা? তুমি তোমাৰ কথা ৰাখিলা। কিন্তু তোমাৰ প্রিয় বিশাল আকাশখনে এই কথা সহ্য কৰিব পৰা নাই জানা? সেয়ে আকাশত ওলাইছে ওলোটা ৰামধেনু। আৰু সেই যে ডাৱৰ আৰু পোহৰৰ মাজত ছিলা হৈ উৰিব খুজিছিলা। তুমি সেই কথাও নাৰাখিলা। সেইবাবেই ডাৱৰৰ মাজত পোহৰে তোমাৰ প্ৰতিচ্ছবি আঁকি খেলা কৰি আছে। তুমি জানানে? আৰু সোণেৰে সজোৱা পজাবোৰ ভাঙি-ছিঙি যোৱা দেখি অসহ্য বেদনাত তুমিযে গাইছিলা― ‘সোণেৰে সজোৱা পজা জহি খহি যায়/কোনে আহি সাজিবহি পাৰিব দুনাই…। হে প্ৰাণৰ শিল্পী, তুমি আমাক নিথৰুৱা কৰি যোৱাৰ পিছত জহি-খহি যোৱা সেই সোণৰ পজাবোৰত উঠিছে অসহ্যকৰ আৰু অসহনীয় কান্দোনৰ ৰোল। মানুহে কেৱল কান্দিছে আৰু কান্দিছে জুবিনদা। হিয়া ঢাকুৰি কান্দিছে। তুমি নোহোৱা জগত এখনৰ কথা আমি কল্পনাই কৰিব নোৱাৰোঁ জুবিনদা।
সেয়ে তোমাক সুধিছোঁ, তুমিয়েই কোৱাচোন― এতিয়া আমাৰ কি হ’ব?