অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসভা

Spread the love

DD TIMES নগাঁও, ২০ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূৱ-জামুগুৰি হাতীচোং চুবৰীৰ তিনিআলিত শুকুৰবাৰে সন্ধিয়া ৭.৩০ বজাত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত সকলো মৰ্মাহত হয় আৰু শিল্পীগৰাকীৰ স্মৃতিত নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আৰু শোকসভা অনুষ্ঠিত হয়৷

নগাঁও জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত নাথে বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণেনে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷

স্মৃতি চাৰণ অনুষ্ঠানত লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই পুস্পাঞ্জলি অৰ্পণ কৰি কয় যে, জুবিন গাৰ্গৰ আকস্মিক বিয়োগে অসমৰ সংগীত জগতক এক অপূৰণীয় ক্ষতি কৰিলে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গে সাংস্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ তেওঁৰ গীতে নৱপ্ৰজন্মক আকৰ্ষিত কৰিছিল। যাৰ বাবে ৰাইজৰ হিয়াৰ আমঠু হৈ পৰিছিল।

অনুষ্ঠানত নাথযোগী মহিলা কোষৰ সভানেত্ৰী ৰশ্মীৰেখা দেৱীকে ধৰি প্ৰায় শতাধিক লোক উপস্থিত থাকি শিল্পী জনাক শ্ৰদ্ধা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!