অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জনতাৰ শিল্পীগৰাকীৰ বিয়োগত নগাঁৱৰ প্রান্তে প্রান্তে শোকৰ বন্যা

Spread the love

স্বতঃস্ফূৰ্তভাৱে বন্ধ সাপ্তাহিক বজাৰ, দোকান-পোহাৰঃ নিশা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ শ লোকৰ অংশগ্ৰহণঃ জ্বলন্ত মম লৈ মৌন সমদল

DD TIMES নগাঁও, ২১ ছেপ্টেম্বৰঃ অসমীয়াৰ হিয়াৰ আমঠু, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত শিল্পী জুবিন গাৰ্গৰ কালি অকল্পনীয় বিয়োগৰ খবৰে বিশেষকৈ অসমৰ সকলো বয়সৰ লোককে শোকাভিভূত কৰি তুলিছে।

শনিবাৰেও নগাঁও জিলাৰ অন্যান্য প্ৰান্তৰ লগতে বঢ়মপুৰতো জনপ্ৰিয় শিল্পীগৰাকীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে জুবিনপ্ৰেমীসকলৰ লগতে সাধাৰণ শ্ৰেণীৰ ৰাইজ।

সেয়ে ঠায়ে ঠায়ে ৰাজহুৱাভাবে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে। ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ আহ্বানক্ৰমে শাখাৰ অস্থায়ী কাৰ্যালয় চকৰিগাঁও হিৰন্ময় পুথিভঁৰাল প্ৰাংগণত ‘কলংপৰীয়া শাখা সাহিত্য সভা’ৰ উদ্যোগত সন্ধিয়া অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত শাখাৰ সভাপতি গোলাপ বৰা, প্ৰাক্তন সভাপতি কাতিৰাম বৰা, সমাজকৰ্মী কুমুদ বেজবৰুৱা প্ৰমুখ্যে শাখাৰ বিষয়ববীয়া, সদস্যসকলে অংশগ্ৰহণ কৰে।

সেইদৰে চকৰিগাঁও হিৰন্ময় পুথিভঁৰাল প্ৰাংগণতে স্থানীয় যুৱ সমাজে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত দুই শতাধিক লোক স্বতঃস্ফূৰ্ত ভাবে সমবেত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

জনপ্ৰিয় শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনোৱাৰ লগতে শিল্পীগৰাকীৰ গীত পৰিবেশনেৰে মুখৰিত কৰি তোলে সমস্বৰে।

চকৰিগাঁও ৰাজহুৱা নামঘৰ প্ৰাংগণতো অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি থুলেশ্বৰ বৰাই মুকলি কৰাৰ পিছতে ৰাইজ-গোপিনীৰ আটায়ে শ্ৰদ্ধা জনায়।

শনিবাৰে সন্ধিয়া ভোটাইগাঁৱৰ ভোটাই ডেকা খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত কলংপাৰ যুৱ সমাজৰ আহ্বানক্ৰমে অগণন লোকে অংশগ্ৰহণ কৰি শিল্পী জুবিন গাৰ্গৰ গীত পৰিৱেশনেৰে মুখৰ কৰি তোলে।

একেদৰে, বঢ়মপুৰ, গোমোঠাগাঁও, অৰ্জুনতল, উৰিয়াগাঁও, পোটনি, ননৈ, কঠীয়াতলী, ৰাঙলু, বামুনী, বৰবাৰী, চলচলি, চাপানালা, কন্দলিকে ধৰি বিভিন্ন গাঁও অঞ্চলতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান আয়োজন কৰাৰ খবৰ পোৱা গৈছে।

বহু স্থানত সন্ধিয়া ভাগত জ্বলন্ত মম লৈ সমদল কৰি জুবিন গাৰ্গৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ উপৰি মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই শ্লোগান দিয়া পৰিলক্ষিত হয়।

ইফালে, দিনৰ ভাগত সকলো স্থানতে দোকান-পোহাৰ বন্ধ থাকে, আনকি বঢ়মপুৰ সাপ্তাহিক বজাৰো স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!