অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গৰ দ্বাৰা জুবিন গাৰ্গৰ বাসগৃহত গৈ সমবেদনা জ্ঞাপন

Spread the love

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গৰ দ্বাৰা জুবিন গাৰ্গৰ বাসগৃহত গৈ সমবেদনা জ্ঞাপন

DD TIMES মালিগাঁও, ৮ অক্টোবৰ, ২০২৫ঃ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গই মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ হৈ ৮ অক্টোবৰ, ২০২৫ তাৰিখে গুৱাহাটীস্থিত কাহিলীপাৰাত থকা অসমৰ প্রখ্যাত গায়ক, সংগীতজ্ঞ আৰু সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বাসগৃহলৈ গৈ প্ৰয়াত কণ্ঠশিল্পীজনৰ প্ৰতি সন্মান জ্ঞাপন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।


উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিষয়াবৰ্গই সন্ধিয়া সময়ত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত শিল্পীজনক পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

তেওঁলোকে তেওঁৰ পৰিয়ালৰ সদস্যসকলক আন্তৰিক সমবেদনা জনাই কিংবদন্তী সংগীতজ্ঞজনৰ আকষ্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে, যি অসমীয়া সংগীত আৰু সংস্কৃতিক জগতখনৰ লগতে ভাৰতীয় সংগীত আৰু সাংস্কৃতিক পৰম্পৰাতো অসামান্য অৱদান আগবঢ়াইছিল।


বিষয়াসকলে তেওঁৰ পত্নী শ্ৰীমতী গৰিমা শইকীয়া গাৰ্গৰ সৈতে সাক্ষাৎ কৰি কিছু সময় অতিবাহিত কৰে আৰু এই কঠিন সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতি তেওঁলোকৰ সহানুভূতি আৰু সমৰ্থন প্ৰকাশ কৰে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পক্ষৰ পৰা সন্মান আৰু সোঁৱৰণিস্বৰূপে জুবিন গাৰ্গৰ পৰিয়ালক এখন স্মাৰক প্রদান কৰা হয়।


জুবিন গাৰ্গৰ মৃত্যুৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছে।

তেওঁৰ শিল্পসৃষ্টিৰ ঐতিহ্যই তেওঁৰ অসমৰ সৃষ্টিসমূহ আৰু অঞ্চলটোৰ সংগীতৰ লগতে সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি উৎসৰ্গিত মনোভাৱৰ জৰিয়তে আগন্তুক প্ৰজন্মসমূহক সদায় অনুপ্ৰাণিত কৰি থাকিব।

One thought on “ZUBEEN GARG: উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াবৰ্গৰ দ্বাৰা জুবিন গাৰ্গৰ বাসগৃহত গৈ সমবেদনা জ্ঞাপন

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!