অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARG: উঠা, জাগা, সাৰ পোৱা, আকৌ এবাৰ কথা কোৱা; গানো গোৱানা!

Spread the love

উঠা, জাগা, সাৰ পোৱা, আকৌ এবাৰ কথা কোৱা; গানো গোৱানা!

লিখিছে নীলিম আকাশ কাশ্যপে

(১)
“বুকুতে গুপুতে অকলে এৰি থৈ
ক’তেনো থাকাগৈ তুমি
হিয়াৰে কোনতে অশ্রু বাগৰে
এতিয়া নীৰৱ হৈ তুমি
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল’লা সাৱটি…।”
অগণিতগৰাকীৰ চকুলৈ অশ্ৰু আনি, অলেখৰ বুকুত নিজক গুপুতে এৰি অজান মুলুকলৈ গুচি গ’ল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। গান কেৱল নাগাই সুৰক ৰ’দৰ ফুল কৰি জীৱনক মহাজীৱন কৰি তোলা জুবিন গাৰ্গ এনে এক কণ্ঠ, যাক হিয়াৰ অন্তেষপুৰত অলেখে থৈছে নিগাজীকৈ।

(২)
জীৱন নামৰ পোছাক এযোৰ পিন্ধি এই পৃথিৱীলৈ অনেকগৰাকী আহে; সময়ৰ অন্তৰে অন্তৰে আঁতৰি যায় সকলোৱে। কিন্তু তাৰ মাজতে এনে কিছুসংখ্যক লোক এই পৃথিৱীৰ আলহী হয়, যিয়ে মৃত্যুকো অতিক্ৰম কৰি জীৱনৰ মাজতেই অনন্ত হৈ ৰয়। কায়িকভাৱে পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পিছতো তেওঁলোক নিজৰ কৰ্মৰে আমাৰ হৃদয়ে হৃদয়ে নিগাজীকৈ থাকি যায় চিৰদিন। তেওঁলোক ক্ষণজন্মা। খুব কম তেনে লোকৰ সংখ্যা— জনসংখ্যাৰ তুলনাত কেইবাশপাচি শাকত এটা জলকীয়াৰ নিচিনা! জুবিন গাৰ্গ তেনে এক ক্ষণজন্মা পুৰুষ। সেয়েই কায়িকভাৱে আঁতৰি যোৱাৰ পিছতো তেওঁ আমাৰ হৃদয়ে হৃদয়ে থাকি যাব যুগ-যুগান্তৰলৈ।

(৩)
অসমে অকল্পনীয়ভাৱে যেন কলিজাৰ এটুকুৰ হেৰুৱাই পেলালে। তাকেই প্ৰতীয়মান কৰে অন্তিম শয়নত এবাৰ চাই, এবাৰ সেৱা জনাই শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰা লক্ষ লক্ষ জনতাৰ লানি নিছিগা শাৰীয়ে— য’ত আছে শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে। প্ৰমাণ কৰে ১৯-২৩ ছেপ্টেম্বৰলৈ ৰাজ্যৰ সৰ্বত্ৰ পৰিলক্ষিত শোকাকুল পৰিৱেশে। ‘জুবিনহাৰা’ হোৱাৰ দুখে আমাক কেনেদৰে খুলি খুলি খাইছেহি— তাকেই প্ৰতীয়মান কৰে ৰাজ্যজুৰি গুঞ্জৰিত সেই একেটা গানে— ”মায়াবিনী ৰাতিৰ বুকুত…নিজানৰ গান মোৰ শেষ হ’ব ভাবোঁ তোমাৰ বুকুত। …প্ৰতি শৰতৰ প্ৰভাতি ফুলে ক’ব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে ক’ব তোমাকেই মোৰ বেথা…।” নহ’বনো কিয়, খোদ গ’ল্ডিদায়েই কৈ থৈছে— “মায়াবিনী এক ফেণ্টাছী। মোৰ যেতিয়া মৃত্যু হ’ব, তেতিয়া গোটেই অসমত এই গানটোৱেই বাজিব।”

(৪)
ব্যক্তিগত সান্নিধ্য পাইছিলোঁ জুবিন গাৰ্গৰ। মাতিছিলোঁ গ’ল্ডিদা বুলি। এসময়ত ‘মায়া’ত লিখিছিলোঁ। নিয়মীয়াকৈ লিখিছিলোঁ। সপ্তাহৰ ছদিন গুৱাহাটীত কটোৱা সেই দিনবোৰত আজৰি পালেই হাজিৰ হৈছিলোঁ জোনালী বাছ ষ্টপেজৰ সেন্দূৰী পথত থকা ‘মায়া’ৰ কাৰ্যালয়ত।

ডি জি মিউজিক। ‘মায়া’ৰ কাৰ্যালয়। জুবিন গাৰ্গৰো আন এখন ঘৰ। তাতেই সঘন সান্নিধ্য পাইছিলোঁ গ’ল্ডিদাৰ। কিমানবাৰ যে আড্ডা দিছিলোঁ। পবিত্ৰ মাৰ্ঘেৰিটাদা, ৰবচন লাল বৰুৱাদা, বিতোপন বৰাদা, অমৃত কৃষ্ণ বড়াদা, বন্ধু গগণাষ্টম, কৌশিক কুমাৰ ডেকাদা, ভাতৃপ্ৰতিম মুক্তি হাতীমূৰীয়া, শেখৰজ্যোতি বৈশ্য…। ব্যস্ততাৰ মাজতো আমাক কেতিয়াবা কেতিয়াবা সংগ দিছিল দেৱ বৰকটকীদাই, কেতিয়াবা গ’ল্ডিদাই। পিছলৈ তাত বাবু বৰুৱাও সংযোজিত হৈছিল ছেগা-চোৰোকাকৈ।

পিছলৈ জীৱনৰ তাগিদাত শাৰীৰিক সান্নিধ্য কমি আহিছিল। কিন্তু ছেগা-চোৰোকাকৈ টেলিফোনিক যোগাযোগ চলি আছিল। তেনেদৰে টেলিফোনযোগে গ’ল্ডিদাৰ সৈতে হোৱা আলাপতেই সিদ্ধান্ত লৈ লিখি অটাইছিলোঁ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ কিতাপখন। ২০১৫ চনত ‘অসম পাবলিচিং কোম্পানী’য়ে প্ৰকাশ কৰিছিল কিতাপখন। সেইখনৰ ‘মই জুবিনে কৈছোঁ’ শীৰ্ষক পাতনিত গ’ল্ডিদাই আমাৰ সেই প্ৰয়াসৰ বিষয়ে লিখিছিল— “যুৱ লেখক নীলিম নিশ্চয়কৈয়ে মোৰ গান আৰু কবিতাবোৰৰ দ্বাৰা অনুপ্রাণিত হৈছে। নহ’লে অজস্ৰজনৰ ইমানবোৰ কবিতা আৰু গানৰ মাজৰপৰা কেৱল মোৰ গান আৰু কবিতাক গল্পৰূপ দিয়াৰ চেষ্টা তেওঁ হয়তো নকৰিলেহেঁতনে।” তেওঁ লগতে লিখিছিল— “নীলিম ডেকা ল’ৰা। তেওঁৰ এই চেষ্টাক শলাগিছোঁ। মোৰ আন্তৰিক অভিনন্দন তেওঁক জনাইছোঁ। লগতে ভৱিষ্যতৰ খোজবোৰ যাতে সবল হৈ সফলতা লাভ কৰে, তাৰ বাবে ককায়েকসম হিচাপে আশীর্বাদ দিছোঁ। কিতাপখন পঢ়ি মই নিজেই খুব আন্তৰিকভাৱে এইখনৰ লগত জড়িত হোৱা যেন অনুভৱ কৰিছোঁ।মোৰ বন্ধুবৰ্গ, শুভাকাংক্ষী, শ্ৰোতা, অনুৰাগীৰ লগতে সমগ্র অসমবাসীলৈ এই কিতাপখন আগবঢ়ালোঁ।”

‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ৰে জড়িত হোৱা সাংস্কৃতিক কৰ্মী-সাংবাদিক হেমন্ত শৰ্মা আৰু ফটোগ্ৰাফাৰ দীপাংকৰ বৰুৱাৰ আন্তৰিক সহযোগিতা আৰু শ্ৰম যিদৰে মনত থাকিব, একেদৰে মনত থাকিব সেই সময়তো গ’ল্ডিদাই আগবঢ়োৱা প্ৰতিটো দিহা।

(৫)
ক্ষণজন্মা লোক কায়িকভাৱে আঁতৰি গ’লেও তেওঁলোক অলেখ হৃদয়জুৰি থাকি যায় চিৰকাল। জুবিন গাৰ্গো নিঃসন্দেহে ব্যতিক্ৰম নহ’ব। ভূপেন হাজৰিকা ‘সুধাকণ্ঠ’ হিচাপে অমৰ, ঠিক তেনেকৈ জুবিন গাৰ্গো ‘জনকণ্ঠ’ হিচাপে চিৰদিনলৈ আমাৰ হৃদয়ৰ অন্তেষপুৰতে থাকিব। তেওঁ কালৰ বলুকাত হৈ থাকিব— অসমৰ চিৰকণ্ঠ, ভাৰতৰ চিৰআত্মা।

(৬)
তথাপিচোন মানি ল’ব নোৱাৰি গ’ল্ডিদাৰ কায়িক চিৰপ্ৰস্থান। সেয়েই ‘চেঁচা চেঁচা আঙুলি এয়াটো নহয় তুমি’ তেওঁৰ গানেৰে তেওঁকেই জগাবৰ মন যায় এনেদৰে—
“চকু মেলা সাৰ পোৱা মোলৈ চোৱা
আকৌ এবাৰ কথা কোৱা…
চকু মেলা সাৰ পোৱা…
আকৌ এবাৰ কথা কোৱা।”
চকু মেলানা গ’ল্ডিদা। সাৰ পোৱা। কথা কোৱা। গোৱানি এটা-দুটা-অনেকটা গান— গল্ডিদা, প্লিজ।

(ঔপন্যাসিক কাশ্যপ ‘জুবিন গাৰ্গৰ গান আৰু কবিতাৰ গল্প’ গ্ৰন্থখনৰ ৰচয়িতা)

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!