অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্ত আৰু জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক সদৌ অসম গোসাঁই সমাজৰ বৰ্জন

Spread the love

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্ত আৰু জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক সদৌ অসম গোসাঁই সমাজৰ বৰ্জন

DD TIMES বোকাখাত, ৮ অক্টোবৰঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত সদৌ অসম গোঁসাই সমাজ। অসম তথা ভাৰতৰ বাবে শতিকাটোৰ এক অপুৰণীয় ক্ষতি বুলি উল্লেখ কৰি এই ঘটনাৰ সতে শ্যামকানুৰ নাম সাঙোৰ খাই পৰাত সদৌ অসম গোঁসাই সমাজে জনকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তক সপৰিয়ালে বৰ্জন কৰিছে। লগতে সমাজে বৰ্জন কৰিছে শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক।

এই কথা যোৱা ৬ অক্টোবৰত সদৌ অসম গোঁসাই সমাজৰ সভাপতি দেৱেন্দ্ৰ নাথ মহন্ত আৰু সম্পাদক বিপ্লৱজ্যোতি মহন্তৰ নাম উল্লিখিত এক প্ৰেছ বিবৃতিত প্ৰকাশ। বিবৃতিত শ্যামকানু মহন্ত, ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ কৰাৰ কথা স্পষ্ট কৰি দিছে। বিবৃতিত কোৱা হৈছে যে- আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক হত্যা কৰা নৰপিশাচৰূপী শ্ৰী শ্ৰী বৰখাট পাৰ সত্ৰৰ শ্যামকানু মহন্ত আৰু তেওঁ পৰিয়ালক সদৌ অসম গোসাঁই সমাজৰ পৰা বৰ্জন কৰা হ’ল আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ জীয়ৰী সৃজনী ভাস্কৰ মহন্তৰ লগতে পৰিয়ালক গোসাঁইৰ সমাজৰ পৰা বহিস্কাৰ কৰা হ’ল।

কিয়নো সৃজনীয়ে বিহুৰ সময়ত যিটো ভিডিঅ’ ৰিলিজ কৰিছিল সেইটো কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয়। সেইবাবে আমি থানাত এজাহাৰ দিছিলোঁ যদিও আজিলৈকৈ পৰি থাকিল। ধৃষ্টতামূলক এনে কার্যত আমি সদৌ অসম গোসাঁই সমাজে গভীৰ উদ্বেগ প্রকাশ কৰিছোঁ আৰু তীব্ৰ গৰিহণা দিছোঁ আৰু শ্রী শ্ৰী বৰখাট পাৰ সত্ৰৰ এই পৰিয়ালটোক আনুষ্ঠানিকভাৱে গোসাঁই সমাজে বৰ্জন কৰিছোঁ আৰু আগন্তুক দিনত তেওঁলোকৰ লগত গোসাঁই সমাজৰ কোনো সম্পর্ক নাই বুলিও বিবৃতিত উল্লেখ কৰিছে।

উল্লেখ্য যে যোৱা ৬ অক্টোবৰত অনুষ্ঠিত গোঁসাই সমাজৰ এক জৰুৰী সভাত এই সিদ্ধান্ত লোৱা হয় আৰু সভাতে লোৱা সিদ্ধান্ত মৰ্মে শ্যামকানু মহন্তৰ বিৰুদ্ধে সমাজে উক্ত দিনাই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। সমাজে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে এনে নিকৃষ্ট কাণ্ডৰ তীব্ৰ গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে।

গোঁসাই সমাজে জুবিন গাৰ্গৰ মৃত্যুক মানি ল’ব পৰা নাই আৰু ই কেৱল এক কায়িক অনুপস্থিতি বুলি আখ্যা দি মহান শিল্পী গৰাকী পুনৰ অসমতে জন্ম লোৱাৰ কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত সমাজে বিচাৰ প্ৰক্ৰিয়া আৰু দৃষ্টান্তমূলক শাস্তিৰ বাবে আশা কৰিব বুলিও প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!