অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

ZUBEEN GARAG: অসমৰ হৃদস্পন্দন জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰা

Spread the love

লিখিছে সত্যব্ৰত বৰাই

জুবিন গাৰ্গ আৰু নাই! মিঠা সুৰৰ যাদুৰে প্ৰজন্মৰ পাছত প্ৰজন্মক মোহিত কৰা সেই প্ৰতিভাশালী জুবিন গাৰ্গ আৰু নাই! ছিংগাপুৰত স্কুবা ডাইভিংৰ এক দূৰ্ঘটনাত ৫২ বছৰতে জুবিনে ধৰাৰ পৰা বিদায় মাগিলে। এই মৃত্যু অসহনীয়! অসমীয়া সংগীতৰ আত্মা আছিল জুবিন। পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ সেতু আছিল জুবিন। অসমৰ জাতিটোৰ আত্মাৰ অটুট প্ৰতিনিধি আছিল জুবিন।

মেঘালয়ৰ তুৰাত থকা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত মোহিনী মোহন বৰঠাকুৰ আৰু প্ৰয়াত ইলী বৰঠাকুৰৰ ঘৰত জন্মগ্ৰহণ কৰিছিল জুবিনে। সংগীত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামাকৰণ কৰি তেওঁৰ গোত্ৰ গাৰ্গক উপাধি হিচাপে ব্যৱহাৰ কৰে। তেওঁৰ পিতৃ মোহিনী বৰঠাকুৰ এগৰাকী দণ্ডাধীশ আৰু মাতৃ ইলী বৰঠাকুৰ এগৰাকী গায়িকা আছিল।

দেউতাকে কবিতা আৰু গীত লিখিছিল কপিল থাকুৰৰ নামেৰে। দেউতাকৰ চাকৰিৰ বাবে পৰিয়ালটো বহু ঠাইলৈ সময়ে সময়ে স্থানান্তৰ হ’ব লগা হৈছিল। মাকৰ কোলাত বহি জুবিনে অসমীয়া গান শিকিছিল। মাকে জুবিনক কৈছিল যে সংগীতে মানুহক একত্ৰিত কৰে আৰু সংগ দিয়ে। ভণ্টী জংকীয়েও গান গাইছিল আৰু অভিনয় কৰিছিল। কিন্তু ২০০২ চনত এক মটৰ দুৰ্ঘটনাত জংকীয়ে মৃত্যুবৰণ কৰিলে। এই দুখে জুবিনক গভীৰভাৱে প্ৰভাৱিত কৰিলে আৰু তেওঁৰ গানত দুখৰ ছায়া পৰিল।

জুবিনৰ পঢ়াশুনা তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু গুৱাহাটীৰ বি. বৰুৱা কলেজত হৈছিল। তেওঁ বিজ্ঞান পঢ়িছিল কিন্তু সংগীতেহে আকৰ্ষণ কৰিছিল। বিদ্যালয়ত পঢ়ি থাকোতেই জুবিনে গান লিখিছিল চাহ বাগিচা আৰু বৰষুণৰ পৰা অনুপ্ৰাণিত হৈ! ১৯৯২ চনত এক যুৱ সম্মিলনত তেওঁ পশ্চিমীয়া শৈলীত গান গাই স্বৰ্ণ পদক লাভ কৰে। এইয়া আছিল জুবিনৰ পেছাদাৰী জীৱনৰ আৰম্ভণি।

২০ বছৰ বয়সত জুবিনৰ প্ৰথম এলবাম “অনামিকা”ই মুক্তি লাভ কৰে।পশিমীয়া সংগীত আৰু অসমীয়া সুৰ মিহলাই সৃষ্টি কৰা অনামিকাৰ গান বিলাকে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।


অনামিকাৰ সফলতাই জুবিনক ৪০টাৰো অধিক এলবাম নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰিলে। প্ৰত্যেক এলবামতে বৈচিত্ৰ্য দেখা গৈছিল। “আশা” নামৰ এলবামটোৱে আশাৰ আলোক দেখুৱাইছিল ১৯৯০ চনৰ অস্থিৰ সময়ত। “মায়া”ত আছিল প্ৰেমৰ গান। “মুক্তি”ৰ দেশপ্ৰেম মূলক গানে মানুহক একত্ৰিত কৰিছিল। “মেঘৰ বৰণে” মেঘময় আকাশৰ প্ৰেম বোৱাইছিল ধৰালৈ। “ৰং”য়ে জীৱনৰ ৰঙ দেখুৱাইছিল লোক সংগীত আৰু পপ সংগীতৰ মিশ্ৰনত। “দিলৰুবা”ৰ চুফী গানে সকলোকে প্ৰভাৱিত কৰিছিল।

জুবিনক বিশেষ কৰিলে তেওঁৰ গানৰ মিশ্ৰণে। তেওঁ ১২ বিধতকৈও অধিক বাদ্যযন্ত্ৰ বজাব জানিছিল ।ডটাৰা, ঢোলৰ পৰা কীব’ৰ্ডলৈকে! পশ্চিমীয়া ৰকক বিহুৰ সৈতে মিহলাই পেলাইছিল জুবিনে! অসমীয়া সংগীতৰ বাবে নতুন আছিল সেই দিশটো।

১৯৯৫ চনৰ মাজভাগত গাৰ্গে বলীউড সংগীত উদ্যোগত কাম কৰিবলৈ মুম্বাইলৈ গুচি যায় আৰু তাৰ পৰাই তেওঁৰ প্ৰথম ইণ্ডিপপ একক এলবাম চান্দনী ৰাতে আত্মপ্ৰকাশ কৰে।পিছলৈ তেওঁ “চন্দা” (১৯৯৬), “শ্ৰদ্ধাঞ্জলি” ভলিউম: ১,২,৩ (১৯৯৬-৯৭) এলবাম প্ৰকাশ কৰে।চিনেমাৰ ভিতৰত “জলৱা” (১৯৯৮), “যুহি কভি” (১৯৯৮), “জাদু”(১৯৯৯), “স্পৰ্শ”(২০০০), “ গদ্দাৰ” (১৯৯৫), “দিল ছে”(১৯৯৮), “ডলি সাজা কে ৰাখনা” (১৯৯৮), “ফিজা” (২০০০), “কান্টে” (২০০২) আদিত কণ্ঠ দিয়ে।

জুবিনৰ প্ৰভাৱ চিনেমাতো আছিল। ২০০০ চনত তেওঁ “তুমি মোৰ মাথো মোৰ”ত অভিনয় কৰিছিল। চিনেমাখনৰ গানসমূহো অতি জনপ্ৰিয় হৈছিল। তেওঁ ২৪ খনতকৈও অধিক চিনেমাৰ বাবে সংগীত ৰচনা কৰিছিল। প্ৰেম, দুখ আৰু সংগ্ৰামৰ কাহিনীসমূহক তেওঁৰ সুৰে শক্তিশালী কৰিছিল। কোনে পাহৰিব হিয়া দিয়া নিয়াৰ সেই যাদুকৰী সংগীতক!“মন যায়”ৰ বাবে(২০০৮) তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিলে সৰ্বোত্তম সংগীতৰ বাবে। ইয়াত গানসমূহে ৰাগ আৰু লোকসংগীতক মিহলাই আবেগৰ সৃষ্টি কৰিছিল। “প্ৰিয়াৰ প্ৰিয়” (২০১৭) , “ৰ’দৰ চিঠি”ৰ গান বিলাকো জনপ্ৰিয় হৈছিল।

জুবিন অভিনয় আৰু গান দুয়াটাতে সমানে পাৰদৰ্শী আছিল। “মিছন চাইনা”ত (২০১৭) তেওঁ সুঅভিনয় কৰিছিল আৰু চিনেমাখনে ৬ কোটিৰো অধিক আয় কৰিছিল। “কাঞ্চনজংঘা”ই (২০১৯) ৭ কোটি আয় কৰিছিল। গানসমূহে চাৰ্টত উঠিছিল। স্টুডিঅ’ আৰু চিনেমাৰ বাহিৰেও জুবিনে লাইভ শ্ব’ আৰু সমাজসেৱাত ব্ৰতী আছিল।

বলিউডতো জুবিন সফল আছিল। “গেংষ্টাৰ”ৰ য়া আলী গানটোৰ বাবে (২০০৬) তেওঁ পুৰস্কাৰো পাইছিল। হিন্দীৰ বাহিৰেও জুবিনে বাংলা, তামিল, তেলুগু ভাষাতো গাইছিল। ইচ্ছা কৰা হ’লে বলিউডৰ অন্যতম শ্ৰেষ্ঠ আৰু জনপ্ৰিয় গায়ক হ’ব পাৰিলেহেতেন জুবিনে! অত্যন্ত প্ৰতিভাশালী আছিল জুবিন!আধুনিক গীত,বিহু গীত,লোক গীত,বৰগীত,হিন্দী গীত আৰু কত কি যে গাব পাৰিছিল জুবিনে! জুবিন গাৰ্গ আছিল আছিল সংগীতৰ এক সম্পূৰ্ণ পেকেজ! অসমীয়াৰ হৃদয়ত জুবিন চিৰকাল অমৰ হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!