ZUBEEN BCCI: জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব বিচিচিআইয়ে
আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিনৰ নামত ৪০ মিনিট উচৰ্গা কৰিব বিচিচিআইয়ে
DD TIMES গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ আইচিচি মহিলা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত জুবিনৰ নামত ৪০ মিনিট উচৰ্গা কৰিব বিচিচিআইয়ে।

শেহতীয়া তথ্য অনুসৰি জুবিন গাৰ্গলৈ বিশেষ সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে।
৩০ ছেপ্টেম্ৱৰৰ পৰা আৰম্ভ হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ। গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্ৱকাপৰ উদ্ৱোধনী অনুষ্ঠানৰ লগতে মেচ। এই অনুষ্ঠান কিংবদন্তি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বি চি চি আয়ে।
৪০ মিনিট ধৰি চলিব জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা অনুষ্ঠান। এই বিষয়ে অৱগত কৰিলে বি চি চি আইৰ সচিব দেৱজিৎ লন শইকীয়াই। সেই অনুসৰি জনপ্ৰিয় গায়িকা শ্ৰেয়া ঘোষালে পৰিৱেশন কৰিব ৪ৰ পৰা ৫ টা জনপ্ৰিয় গীত।
আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ থীম ছং পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালেই। অন্য বহু কেইটা সাংস্কৃতিক কাৰ্যসূচীও থাকিব অনুষ্ঠানত।