অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN AND NAHORPULI: দক্ষিণপাট ব্যৱসায়িক সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত ৫২টা নাহৰৰ পুলি ৰোপণ

Spread the love

দক্ষিণপাট ব্যৱসায়িক সন্থাৰ উদ্যোগত জুবিন গাৰ্গৰ স্মৃতিচাৰণ অনুষ্ঠানত ৫২টা নাহৰৰ পুলি ৰোপণঃ গীত-মাত আৰু দিহানামেৰে দুপৰ নিশালৈকে মুখৰিত কলঙৰ পাৰ

DD TIMES নগাঁও, ২১ অক্টোবৰঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাট চাৰিআলিৰ ব্যৱসায়িক সন্থাৰ উদ্যোগত কালি দিনজোৰা কাৰ্যসূচীৰে অমৃত কন্ঠ জুবিন গাৰ্গৰ মাহেকীয়া আদ্যশ্ৰাদ্ধ অনুষ্ঠানটি আধ্যাত্মিক তথা গীতে-মাতে উদযাপন কৰা হয়৷

কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃপ্ৰসংগ, পৰিবেশ নিকাকৰণ, নামঃপ্ৰসংগ আৰু গীত-মাতৰ বৰ্ণাঢ্য কাৰ্যসূচী সম্পন্ন হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ প্ৰিয় বৃক্ষ নাহৰৰ ৫২টা পুলি ৰোপণ কৰা হয়।

গীত-মাতৰ বৰ্ণাঢ্য কাৰ্যসূচীত অসমৰ কেইবাগৰাকী জনপ্ৰিয় কন্ঠশিল্পীয়ে ভাগ লয়।

বৰণ বিকাশ, গীতাৰ্থ গিৰীণ, গৌৰাংগ ৰাগ, ৰাকেশ হাজৰিকা, প্ৰাণজিৎ শইকীয়া, প্ৰিয়ংকা খাটনিয়াৰ, দীপমণি কাশ্যপ, দৰ্শন কিলিং, নৱ নীল, শুকমণি দেউৰী, অংকিতা দাস, গালীৱ ৰাজ, স্বৰাজ দাস আদিয়ে শিল্পী গৰাকীৰ জনপ্ৰিয় গীত পৰিবেশনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

সমাজকৰ্মী নিকুঞ্জ মোহন শৰ্মাই আঁতধৰা স্মৃতিচাৰণ অনুষ্ঠানত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কয় যে জুবিন আছিল এক শিল্পীসত্বা। সমাজকৰ্মী ৰেৱ হাজৰিকা উপস্থিত থাকি কয় যে জুবিন গাৰ্গৰ সৃষ্টি ৰাজিৰেই আমি জীয়াই ৰাখিব লাগিব। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গো অমৰ হৈ থাকিব।

অনুষ্ঠানত সমাজকৰ্মী ড° অসীম দাসেও জুবিন গাৰ্গৰ আদৰ্শৰাজীক জীয়াই ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত দক্ষিণপাট ব্যৱসায়িক সন্থাৰ সভাপতি মদন বৰা, সম্পাদক কাজু শৰ্মা, ভূপেন হাজৰিকা, ৰাম সিংহ, গোলাপ শইকীয়া, পবিত্ৰ দাস, ভৱেন বৰুৱা, হীৰুমণি শৰ্মা, হৰেন্দ্ৰ চুবেদাৰ, সমাজকৰ্মী সঞ্জীৱ হাজৰিকাকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

উল্লেখ্য যে সন্ধিয়াৰ পৰা বৃহত্তৰ অঞ্চলটোৰ মহিলাসকলৰ লগতে আমন্ত্ৰিত নামতি দলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হয়।

দুপৰ নিশালৈকে পৰিবেশন হোৱা দিহানামেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে ভক্তিৰ ৰসতো অঞ্চলবাসীক নিমজ্জিত কৰি ৰাখে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!