ZG AJYCP MUSIC SCHOOL: উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ব্যৱস্থাপনাত জুবিন গাৰ্গ সংগীত বিদ্যালয়ৰ শুভাৰম্ভ
উৰিয়াগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ব্যৱস্থাপনাত জুবিন গাৰ্গ সংগীত বিদ্যালয়ৰ শুভাৰম্ভ
জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চৰকাৰে এছঅ’পি জাৰি কৰিব নালাগেঃ সংগীত শিল্পী জে পি দাস
সংগীতৰ মাজেৰে আমি জুবিনৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিবঃ বিধায়ক ৰূপক শৰ্মা

DD TIMES বঢ়মপুৰ, ২৫ অক্টোবৰঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ ব্যৱস্থাপনাত আজি উৰিয়াগাঁৱত জুবিন গাৰ্গ সংগীত বিদ্যালয়ৰ এক শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।
পৰিষদৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ বাকৰিত হোৱা অনুষ্ঠানত পুৱা জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথে।ইয়াৰ পিছতে জুবিন গাৰ্গ সংগীত বিদ্যালয়ৰ শুভ উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী জে.পি দাসে।

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাগজ্যোতিষ বনিয়া আৰু উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভাষণত কয়- ‘অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উৰিয়াগাঁৱত প্ৰতিষ্ঠা কৰা জুবিন গাৰ্গ সংগীত বিদ্যালয়খনৰ যোগেদি ভৱিষ্যতে উঠি অহা প্ৰজন্মই সংগীত চৰ্চাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব।এই বিদ্যালয়খনৰ জৰিয়তে ভাল গায়ক সৃষ্টি হোৱাৰ উপৰিও বাদ্যযন্ত্ৰৰ ক্ষেত্ৰতো ভাল বাদ্যযন্ত্ৰী আবিষ্কাৰ কৰিব পাৰিব।’
ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই আৰু কয়- ‘আমি সংগীতৰ মাজেৰে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গে অসমৰ ৰাইজে বিচৰা ধৰণেই ন্যায় পাব, এইটো নিশ্চিত।
জুবিন গাৰ্গৰ মৃত্যু উচিত তদন্ত হ’ব লাগে বুলি বিধায়ক শৰ্মাই ভাষণত উল্লেখ কৰি দোষীক আইনগতভাৱে উচিত শাস্তি বিহিব লাগে বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
অনুষ্ঠানত কণ্ঠশিল্পী কৃষ্ণমণি নাথে জনকণ্ঠ জুবিন গাৰ্গক শ্ৰদ্ধাৰে স্মৰণ কৰি ভাষণ প্ৰসংগত যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গ সংগীত বিদ্যালয় স্থাপন কৰা প্ৰচেষ্টাৰ শলাগ লয়।
অনুষ্ঠানত শিশু শিল্পীসকলে গায়ন-বায়ন প্ৰদর্শন আৰু ঢোল বাদন পৰিবেশন কৰে।লগতে বিশিষ্ট কন্ঠশিল্পী জে.পি দাস, হিমাশ্ৰী দাস আৰু বিশাল কলিতাই অনুষ্ঠানটোত গীত পৰিবেশন কৰে।
অনুষ্ঠানত গুৱাহাটী মেল’ডি অডিঅ’ হাউচৰ বিশাল কলিতা, নগাঁও জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া নম্ৰতা বৰা, শিল্পী আৰিফুল হক, বৰণ বিকাশ, প্ৰদীপ বৰা, সন্তোষ কলিতা, হিমাশ্ৰী দাস, বাদ্যযন্ত্ৰী কৃষ্ণ দুলাল বৰুৱা, গুণ দাস, ৰঞ্জিত বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, চিকিৎসক ডা: হেমন্ত কুমাৰ গোস্বামী, বায়ন কেশৱ গগৈ, বিহুশিল্পী চন্দ্ৰ শইকীয়া, অভিনেতা,পৰিচালক ৰাজেন ফুকন, নাট্যকৰ্মী জয়ন্ত গোস্বামী, পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্রবাল শৰ্মা, উপদেষ্টা দিগন্ত দাস, ৰিয়া কলিতাকে ধৰি বহু লোক উপস্থিত আছিল।
অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি নমিতা বৰাই।
শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক শুভজিৎ গগৈয়ে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত শিল্পী জে. পি দাসে কয়- সবেই বিচৰা ধৰণে মইও জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰো।
জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এছ.অ.পি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংঙ্গীত শিল্পী জে.পি দাসে কয়- জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এছ.অ’.পি কৰিব নালাগে। জুবিন জুবিনেই।জুবিন নিজেই এটা এছ,অ’.পি।
কোনো শিল্পীৰ কাৰণে এছ.অ’.পি জাৰি কৰিব নালাগে।জুবিনৰ কাৰণেও নালাগে।শিল্পীৰ নিজৰ ফ্ৰী থাকে।নিজৰ মতে থাকে।
মই জ্যেষ্ঠ সংগীতজ্ঞ হিচাপে জুবিনৰ বাবে যি খিনি কৰিব লাগে, সেইখিনি কৰি আছো।শাৰীৰিকভাৱে যদি মই ৰাস্তাত বাগৰিব লগাও হয়, সেইখিনিও জুবিনৰ কাৰণে কৰিম বুলি সংগীত শিল্পী জে.পি দাসে সাংবাদিকৰ আগত কয়।

